গুৱাহাটী ব্যুৰ’ : ৮ জুনত এদল উন্মত্ত লোকৰ আক্রমণত দুজন নীৰিহ যুৱকে প্রাণ হেৰুওৱাৰ ঘটনাই সমগ্র অসমজুৰি ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি কৰাৰ লগতে ঘটনা সংঘটিত হোৱা ডকমকা এলেকাতো উত্তেজনা এতিয়ালৈকে প্রশমিত হোৱা পৰিলক্ষিত হোৱা নাই৷ ইয়াৰে পৰিণতিত আজি কেইবাটাও সংগঠনৰ নেতা-কর্মী তথা সাধাৰণ জনতাৰ প্রতিবাদত উত্তাল হৈ পৰিল সমগ্ৰ ৰাজ্য৷ ছাত্ৰ আৰু শিল্পী সমাজকে ধৰি বিভিন্ন দল-সংগঠনে গুৱাহাটী মহানগৰীৰ চান্দমাৰীত এক বিশাল প্ৰতিবাদী সমদল উলিয়ায়৷ প্রখৰ ৰ’দ তথা উৎকট গৰমকো অগ্রাহ্য কৰি প্রতিবাদী লোকসকলে ‘হত্যাকাৰীক ফাঁচী দিয়ক’, ‘উৰাবাতৰি বন্ধ কৰক’, ‘নীলোত্পল-অভিজিতৰ হত্যাকাৰীৰ বিচাৰ লাগে’, ‘কার্বি আংলং আৰক্ষী মুৰ্দার্বাদ’ আদি শ্ল’গানেৰে উত্তাল প্রতিবাদী কার্যসূচী ৰূপায়ন কৰে৷
উল্লেখযোগ্য যে, পানজুৰি কছাৰী গাঁৱত সংঘটিত হোৱা উক্ত ঘটনাক একাংশ লোকে সাম্প্রদায়িক ৰূপ দিয়াৰ অপচেষ্টা চলোৱাৰ বিপৰীতে আজি বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক তথা সংগঠনসমূহে ঐক্যবদ্ধভাৱে উক্ত ঘৃণনীয় হত্যাকাণ্ডৰ ঘটনাক একেমুখে গৰিহণা দিয়াৰ লগতে অপৰাধীক ফাঁচী দিয়াৰ দাবী উত্থাপন কৰে৷ আনহাতে, উক্ত ঘটনা সন্দর্ভত কার্বি আংলং জিলা উপায়ুক্তগৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্রকাশ কৰা মন্তব্যক লৈও আজি প্রতিবাদীসকল ক্ষোভত উত্তাল হৈ পৰা দেখা যায়৷ যদিহে এলেকাটোৰ পৰিস্থিতি ইমানেই স্পর্শকাতৰ আছিল তেন্তে প্রশাসনৰ তৰফৰ পৰা পূর্বেই এই সন্দর্ভত সতর্কীকৰণৰ ব্যৱস্থা কৰা নহ’ল কিয় বুলি প্রশ্ন উত্থাপন কৰি প্রতিবাদকাৰীৰ একাংশই ‘ডি চি হায় হায়’ ধ্বনি দি ক্ষোভ প্রকাশ কৰে৷
যোৰহাটৰ ৰাজপথত মম জ্বলাই প্ৰতিবাদ
ডকমকাকাণ্ডৰ বিৰুদ্ধে যোৰহাটৰ ৰাজপথত মম জ্বলাই প্ৰতিবাদী সমদল উলিওৱা হয়। শ শ প্ৰতিবাদকাৰী ৰাজপথলৈ ওলাই আহি দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ প্ৰতিবাদকাৰীসকলে দাবী দাবী জনোৱাৰ লগতে একে ঘটনাৰ পুনৰাবৃত্তি নহ’বৰ বাবে ব্যৱস্থা লোৱাৰ আহ্বান জনায়৷
হত্যাকাৰীৰ ফাঁচীৰ দাবীত ডকমকাত উত্তাল প্রতিবাদ
ইপিনে অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ আৰু আছুৰ পাৰখোৱা আঞ্চলিক সমিতিৰ লগতে কার্বি ছাত্র সন্থা, সদৌ আদিবাসী ছাত্র সন্থাৰ কার্বি আংলং জিলা সমিতি, পাৰখোৱা ব্যৱসায়ী সন্থা আৰু পাৰখোৱা ডিজেল অট’ সন্থাৰ উদ্যোগত আজি পাৰখোৱাত এক প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰা হয়৷ পুৱা সংগঠনকেইটাৰ যুটীয়া উদ্যোগত পাৰখোৱা বজাৰত অনুষ্ঠিত কৰা এখন প্রতিবাদী সভাত সকলো দল-সংগঠনৰ নেতৃবর্গই ভাষণ দি দোষীক চৰম শাস্তি প্রদান কৰাৰ দাবী জনায়৷ ইয়াৰ পাছতে কেইবা শ লোকে দুচকীয়া, তিনিচকীয়া আৰু চাৰিচকীয়া বাহনেৰে সমদল কৰি প্রায় পোন্ধৰ কিঃ মিঃ নিলগৰ ডকমকা আৰক্ষী থানাত উপস্থিত হয়গৈ৷ ইফালে, পৰিস্থিতিৰ প্রতিকূলতাৰ প্রতি লক্ষ্য ৰাখি আজি পুৱাৰে পৰা ডকমকা থানা চৌহদত বৃহৎ সংখ্যক আৰক্ষী আৰু চি আৰ পি এফ বাহিনীৰ জোৱান মজুত কৰি এক যুদ্ধসদৃশ পৰিস্থিতিৰ সৃষ্টি কৰা হয়৷ ইয়াৰ মাজতে দুপৰীয়া প্রায় ১২ বজাত ডকমকা আৰক্ষী থানাত উপস্থিত হোৱা প্রতিবাদী জনতাই থানাৰ সন্মুখত উত্তাল প্রতিবাদ সাব্যস্ত কৰে৷ প্রায় ঘণ্টাজোৰা প্রতিবাদী কার্যসূচীৰ অন্তত আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ পাৰখোৱা আঞ্চলিক সমিতিৰ তৰফৰ পৰা ডকমকা আৰক্ষীৰ জৰিয়তে অসমৰ মুখ্যমন্ত্রীলৈ এখনি স্মাৰক-পত্র প্রেৰণ কৰা হয়৷
ৰাজনৈতিক উদ্দেশ্যত কৰা অপপ্রচাৰেই হত্যা কৰিলে দুজন তেজাল অসমীয়া যুৱক
দোষীক কঠোৰ শাস্তিৰ দাবীত আৰক্ষী সঞ্চালক প্রধানক স্মাৰকপত্র প্রদান : সকলাে ধৰণৰ সাম্প্রদায়িক উত্তেজনা বন্ধ কৰি সােপাধৰা বা ডাইনিৰ কোনাে অপপ্ৰচাৰতে ভােল নাযাবলৈ অসমবাসীলৈ কৃষক মুক্তিৰ আহ্বান
৮ জুনৰ ৰাতি গুৱাহাটীৰ দুজন যুৱক ক্রমে অভিজিৎ নাথ আৰু নিলােৎপল দাসক কাৰ্বি আংলং জিলাৰ ডকমকা আৰক্ষী থানাৰ পাণজুৰি গাঁৱত সােপাধৰাৰ সন্দেহত মৰিয়াই মৰিয়াই হত্যা কৰাৰ ঘটনাত গভীৰ উদ্বেগ প্রকাশ কৰিছে কৃষক মুক্তি সংগ্রাম সমিতিয়ে। এটা সাম্প্রদায়িক ৰাজনৈতিক দল আৰু তেওঁলােকৰ সমর্থকসকলে কৰা অপপ্রচাৰৰ বাবেই যুৱক দুজন হত্যাৰ বলি হ'ল বুলি কৃষক মুক্তি সংগ্রাম সমিতিয়ে ব্যক্ত কৰে। এক প্ৰেছ বিবৃতিত কৃষক মুক্তি সংগ্রাম সমিতিৰ উপদেষ্টা অখিল গগৈ, সভাপতি ৰাজু বৰা, ভাস্কো ডি শইকীয়া আৰু যুটীয়া সাধাৰণ সম্পাদক ধৈর্য কোঁৱৰ আৰু মুকুট ডেকাই কয় যে বেচ কিছুদিন ধৰি এটা সাম্প্রদায়িক ৰাজনৈতিক দলৰ নেতা পালিনেতাই ৰাজ্যখনত ব্যাপক ৰূপত অপপ্ৰচাৰত লিপ্ত হৈছে। বিশেষকৈ ফেচবুক আৰু হােৱাটছএপৰ জৰিয়তে এই ৰাজনৈতিক দলটোৰ মানুহবােৰে ৰাজ্যখনত ব্যাপকৰূপত সােপাধৰা ওলােৱা বুলি অপপ্রচাৰ কৰি ৰাজ্যৰ সামাজিক আৰু ৰাজনৈতিক জীৱন অস্থিৰ কৰি তুলিছে। ৩০ জুনৰ এনআৰচি প্রকাশৰ প্ৰাকমুহূৰ্তত ৰাজ্যখনত এক অস্থিৰতাৰ সৃষ্টি কৰিবলৈকে এই সাম্প্রদায়িক দলটোৱে এনে অপকর্মত লিপ্ত হৈছে।
তাৰােপৰি নাগৰিকত্ব সংশােধনী বিধেয়কৰ বিৰুদ্ধে অসমবাসী ৰাইজৰ ঐক্যবদ্ধ সংগ্রামক বিপথে পৰিচালিত কৰি ইচ্ছা বদলাবৰ বাবেই এই সাম্প্রদায়িক ৰাজনৈতিক দলটোৱে এনে দুষ্কার্যত লিপ্ত হৈছে। এইদলটোৰ দীর্ঘদিনীয়া অপপ্রচাৰৰ বাবেই সমগ্ৰ ৰাজ্যখনৰ গ্ৰাম্য আৰু বাগিচা এলেকাবিলাকত মানুহৰ মাজত সােপাধৰাৰ আতংকই দেখা দিছে। ডকমকাৰ হত্যা কাণ্ডটোও এই অপপ্ৰচাৰ আৰু অপপ্ৰচাৰৰ জৰিয়তে সৃষ্টি কৰা আতংকৰ বাবেই সংঘটিত হ'ল। ৰাজ্যখনত হােৱাটচএপ আৰু ফেচবুক ব্যৱহাৰ কৰি এই সাম্প্রদায়িক দলটোৰ অপপ্ৰচাৰকসকলে অস্থিৰতাৰ সৃষ্টি কৰাৰ পাছত ৰাজ্যখনৰ আৰক্ষী বাহিনীয়ে মৌনতা অৱলম্বন কৰি এইসমূহ অপশক্তিক উৎসাহিত কৰি আহিছে। আজি কৃষক মুক্তি সংগ্রাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে অসম আৰক্ষীৰ আৰক্ষী সঞ্চালকপ্রধান কুলধৰ শইকীয়া আৰু অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান(আইন শৃংখলা) মুকেশ আগৰৱালাক দুখন স্মাৰকপত্র দি ডকমকাৰ ঘটনাৰ তদন্তৰ দাবী জনায়।
তাৰােপৰি হােৱাটচএপ আৰু ফেচবুকৰ জৰিয়তে কেনেদৰে অপপ্ৰচাৰ চলাইছে তাৰ কিছু প্রমাণ জমা দি আৰএছএছ আৰু বিজেপিৰ বিৰুদ্ধে আৰু ফেচবুকত সক্রিয় অপশক্তিৰ বিৰুদ্ধে তদন্ত কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰে। বর্ণালী পেগু আৰু “ফনীধৰ বৰুৱা জিন্দাবাদ” নামৰ হােৱাটচএপ দুটাৰ পৰাই এই অপপ্ৰচাৰ আৰম্ভ হােৱা বুলি স্মাৰকপত্ৰত অভিযােগ কৰা হয়। তাৰােপৰি ডকমকাৰ ঘটনাৰ পাছত ফেচবুক আৰু হােৱাটছএপৰ জৰিয়তে অন্য একাংশ লােকে কাৰ্বি আৰু বড়াে জনগােষ্ঠীৰ লােকসকলৰ ওপৰত আক্রমণ কৰিবলৈ উচতনি দিয়াৰ কিছুমান প্রমাণ জমা দি দুষ্কৃতিকাৰীসকলক কঠোৰভাৱে দমন কৰিবলৈ দাবী জনায়। কোনােপধ্যেই যাতে ডকমকাৰ ঘটনাৰ অজুহাতত অসমত সাম্প্রদায়িক সংঘর্ষ ঘটিব নােৱাৰে তাৰ ব্যৱস্থা কৰিবলৈও কৃষক মুক্তি সংগ্রাম সমিতিয়ে দাবী জনায়। আৰক্ষী সঞ্চালক প্রধানৰ উপৰিও গুৱাহাটী পুলিচ কমিচনাৰ হীৰেন নাথৰ হাততাে কৃষক মুক্তি সংগ্রাম সমিতিয়ে স্মাৰকপত্র প্রদান কৰে। তাৰােপৰি চানমাৰি আৰক্ষী থানাত এটা গােচৰাে দাখিল কৰে কৃষক মুক্তি সংগ্রাম সমিতিয়ে। এই গােচৰটোৰ জৰিয়তে ডকমকাৰ ঘটনাৰ প্রকৃত তদন্ত, দোষীক কঠোৰ শাস্তি বিহা আৰু গুৱাহাটীত থকা কাৰ্বি আৰু বড়াে লােকসকলৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ অনুৰােধ জনােৱা হৈছে। আনহাতে বিবৃতিটোৰ জৰিয়তে সােপাধৰা আৰু ডাইনিৰ কোনাে অপপ্রচাৰতে অসমবাসীক ভােল নাযাবলৈ আহ্বান জনােৱা হৈছে৷ ইপিনে কৃষক নেতা অখিল গগৈ চান্দমাৰী আৰক্ষী থানাত উপস্থিত ডকমকা কাণ্ডৰ বিৰুদ্ধে এক এজাহাৰ দাখিল কৰে৷
ৰাজ্যৰ সাম্প্রতিক পৰিস্থিতি পর্যালােচনা সন্দৰ্ভত উচ্চ পর্যায়ৰ বৈঠক
ৰাজ্যখনৰ সাম্প্রতিক পৰিস্থিতি বিশেষকৈ গুৱাহাটীৰ পৰা যােৱা দুগৰাকী শিল্পীক যােৱা শুক্ৰবাৰে কাৰ্বি আংলং জিলাৰ পানজুৰি গাৱঁত হত্যা কৰাৰ পিছত সৃষ্টি হােৱা আইন-শৃংখলা পৰিস্থিতি পর্যালােচনা কৰাৰ উদ্দেশ্যেৰে মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালৰ পৌৰােহিত্যত তথা মুখ্য সচিব টি ৱাই দাস আৰু আৰক্ষী সঞ্চালক প্রধান কুলধৰ শইকীয়াৰ উপস্থিতিত আজি ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত ৰাজ্যখনৰ সাম্প্রতিক আইন-শৃংখলা জনিত পৰিস্থিতি সম্পৰ্কত বিতংভাৱে পর্যালােচনা কৰা হয়। মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনত শান্তিপূর্ণ পৰিৱেশ বৰ্তাই ৰখাৰ লগতে কোনাে ধৰণৰ অপ্রীতিকৰ পৰিস্থিতিৰ যাতে সৃষ্টি হ'ব নােৱাৰে তাৰ বাবে আৰক্ষীৰ নিৰীক্ষণ ব্যৱস্থা অধিক সক্রিয় আৰুশক্তিশালী কৰাৰ বাবে আৰক্ষী সঞ্চালক প্রধানগৰাকীক নির্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে দুগৰাকী শিল্পীৰ হত্যাৰ লগত জড়িত সকলাে ব্যক্তিকে গ্রেপ্তাৰ কৰাৰ উপৰি এই ক্ষেত্ৰত কোনাে ধৰণৰ শিথিলতা যাতে প্রদর্শন কৰা নহয়, সেই দিশত তীক্ষ দৃষ্টি ৰখাৰ বাবেও আৰক্ষী সঞ্চালক প্রধান গৰাকীক নির্দেশ দিয়ে।
বৈঠকত আৰক্ষী সঞ্চালক প্রধানগৰাকীয়ে ঘটনাত জড়িত থকা কেইবাগৰাকী ব্যক্তিক গ্রেপ্তাৰ কৰাৰ বিষয়টো মুখ্যমন্ত্রীক অৱগত কৰাৰ লগতে ঘটনাটোৰ তদন্ত সঠিক দিশত চলি থকাৰ বিষয়টোও মুখ্যমন্ত্রীক অৱগত কৰে। মুখ্যমন্ত্ৰীয়ে ভুৱা প্ৰচাৰ আৰু সমাজত সংঘাত সৃষ্টি কৰিব বিচৰা শক্তিৰ বিৰুদ্ধে চোকা দৃষ্টি ৰাখি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও নির্দেশ দিয়ে। | আজিৰ এই বৈঠকতমুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গােস্বামী, মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী, বিশেষ আৰক্ষী সঞ্চালক প্রধান পল্লৱ ভট্টচার্য, অতিৰিক্ত আৰক্ষী সঞ্চালক প্রধান (নিৰাপত্তা) হাৰমিৎ সিং, গৃহ বিভাগৰ প্রধান সচিব এল এছ চাংছন আৰু মুখ্যমন্ত্রী প্রধান সচিব সঞ্জয় লােহিয়া উপস্থিত আছিল।
কাৰ্বি আংলঙত উপস্থিত কংগ্ৰেছৰ প্ৰতিনিধি দল
অসম কংগ্ৰেছ বিধায়িনী দলৰহৈ বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু বিধায়ক কমলাক্ষ্য দে পুৰকায়স্থ সহ এটা প্রতিনিধি দলে কাৰ্বি আংলংৰ দমকা অঞ্চলত সােপা ধৰা হােৱাৰ সন্দেহত গুৱাহাটীৰ নীলােৎপল দাস আৰু অভিজিৎ নাথ নামৰ দুজন নিৰীহ যুৱকক পানজুৰি এলেকাৰ একাংশ লােকে নির্মম ভাবে হত্যা কৰা ঘটনাৰ বাবে মৃতকদ্বয়ৰ বাসগৃহত উপস্থিত হৈ শােক প্রকাশ কৰাৰ লগতে দুয়ােটা শােক সন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে।
কোনে কি ক’লে
ৰঞ্জিত দাস : ডকমকাত সংঘটিত নাৰকীয় ঘটনাক দুৰ্ভাগ্যজনক আখ্যা বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ। অপপ্ৰচাৰ আৰু অন্ধবিশ্বাসৰ বাবেই প্ৰাণ হেৰুৱালে দুই অসমীয়া যুৱকে। অসম চৰকাৰ আৰু আৰক্ষী–প্ৰশাসনক ধন্যবাদ জনাই দোষীয়ে যাতে উচিত শাস্তি লাভ কৰে তাৰ বাবে দাবী জনাইছে বিজেপিৰ ৰাজ্যিক সভাপতিজনে। কাৰ্বি আংলঙৰ উপায়ুক্তই কৰা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰঞ্জিত দাসে কয় এখন গাঁৱত যাবলৈ অনুমতিৰ প্ৰয়োজন নাই কিন্তু তেওঁলোক শিল্পী আছিল, সেই বাবেহে তেনেদৰে মন্তব্য কৰিছিল উপায়ুক্তজনে।
কুলধৰ শইকীয়া : কাৰ্বি আংলঙত গুৱাহাটীৰ দুই শিল্পী নীলোত্পল দাস আৰু অভিজিৎ নাথৰ মৃত্যুক গুৰুত্বসহকাৰে লৈছে চৰকাৰে, মৃত যুৱকদ্বয়ৰ পৰিয়ালৰ লোকে ন্যায় লাভ কৰে সেয়া নিশ্চিত কৰা হৈছে। ইতিমধ্যে ফেচবুকত উৰা বাতৰি বিয়পোৱা এজন আৰু ঘটনাত অভিযুক্ত ১৫জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী। ৰাইজক উৰাবাতৰি বিশ্বাস নকৰিবলৈ আহ্বান আৰক্ষী সঞ্চালকপ্ৰধান কুলধৰ শইকীয়াৰ৷ ইয়াৰোপৰি ‘ছচিয়েল মিডিয়া নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত, দুটা পদ্ধতিৰে দৃষ্টি নিবদ্ধ ৰখা হ’ব ছচিয়েল মিডিয়াত। গোষ্ঠীগত সংঘৰ্ষ যাতে নহয়, তাৰবাবে লক্ষ্য ৰাখিছে আৰক্ষীয়ে। মহানগৰীতো কৰা হৈছে পেট্ৰ’লিঙৰ ব্যৱস্থা। ছচিয়েল মিডিয়া বহু ভিতৰলৈ গৈ আছে, অপৰাধমূলক বাৰ্তা নিয়ন্ত্ৰণৰ বাবে অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান হৰমিত সিঙক দিয়া হৈছে দায়িত্ব।
টি ৱাই দাস : গাঁওৰক্ষী বাহিনীয়ে আৰক্ষীক খবৰ দিছিল, কিন্তু ঘটনাস্থলীত উপস্থিত হোৱাত পলম হৈছিল আৰক্ষীৰ। গুৱাহাটীৰ দুই শিল্পী নীলোত্পল দাস আৰু অভিজিৎ নাথক গাঁওৰক্ষী বাহিনীয়ে উন্মত্ত জনতাক প্ৰহাৰত কৰাত বাধা দিছিল কিন্তু সম্পূৰ্ণ ব্যৰ্থ হৈছিল তেওঁলোক। সংবাদমেলত এই মন্তব্য ৰাজ্যৰ মুখ্য সচিব টি ৱাই দাসৰ। কাৰ্বি আংলঙৰ উপায়ুক্ত মৃদুল মহন্তই কৰা মন্তব্যক গুৰুত্ব দিছে চৰকাৰে। ৰাজ্য মুখ্য সচিব টি ৱাই দাসেও নিজ বাৰ্তালাপ কৰিছে উপায়ুক্তজনৰ সৈতে।
লুৰিণ জ্যোতি গগৈ: কোনো ধৰণৰ বন্ধৰ আহ্বান জনোৱা নাই সদৌ অসম ছাত্ৰ সন্থাই। ছচিয়েল মিডিয়াত দুষ্ট চক্ৰই চলাইছে অপপ্ৰচাৰ। এই সন্দৰ্ভত আৰক্ষীক উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আহ্বান ছাত্ৰ সংগঠনটোৰ। কাৰ্বি আংলঙৰ ঘটনা দুৰ্ভাগ্যজনক৷ উক্ত ঘটনাৰ সঠিক তদন্ত কৰি দোষীক কঠোৰ শাস্তি বিহিবলৈ ৰাজ্য চৰকাৰক দাবী জনায়৷
No comments:
Post a Comment