বিশিষ্ট নাট্য সাধক শুক্রাচার্য ৰাভা আৰু নাই... - SANGBAD PRAHARI

Breaking

Responsive Ads Here

June 10, 2018

বিশিষ্ট নাট্য সাধক শুক্রাচার্য ৰাভা আৰু নাই...

গুৱাহাটী : অসম তথা ভাৰতবর্ষৰ নাট্য জগতত এক বিশেষ স্থান অধিকাৰ কৰা বিশিষ্ট নাট্য সাধক শুক্রাচার্য ৰাভা আৰু নাই৷ দেশৰ নাট্য জগতত এক অপূৰণীয় শূন্যৰ সৃষ্টি কৰি নিৰলে বিদায় ল’লে গোৱালপাৰা জিলাৰ আগিয়াৰ বাদুংডুপ্পা কলা কেন্দ্রৰ পৰিচালন সঞ্চালক শুক্রাচার্য ৰাভাই৷ দেশ-বিদেশৰ অগণন গুণমুগ্ধক শোক সাগৰত বুৰাই থৈ গুচি গ’ল সংগীত নাটক অকাদেমিৰ ওস্তাদ বিছমিল্লা খাঁ যুৱ বঁটাপ্রাপক শুক্রাচার্য ৰাভা৷ যোৱা নিশা উচচ ৰক্তচাপজনিত ৰোগত আক্রান্ত হৈ মৃত্যু হয় বিশিষ্ট নাট্য কর্মীজনৰ৷ পৰিয়ালৰ সূত্রে জানিব পৰা মতে, যোৱা নিশা বাদুংডুপ্পা কলা কেন্দ্রত এক বিশেষ আলোচনাত ভাগ লৈ নিজ গৃহৰ গা ধোৱা ঘৰত সোমাই হঠাৎ ঢলি পৰে ৰাভা৷ নিশা প্রায় ১০-১৫ মান বজাত সংঘটিত এই দুর্ভাগ্যজনক ঘটনাৰ লগে লগে তেওঁক গোৱালপাৰা চহৰস্থিত ছলেচ হস্পিটেলত ভর্তি কৰোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে৷ উল্লেখযোগ্য যে অহা ১২ জুনত তেওঁৰ পৰিচালনাত গুৱাহাটীৰ কলাক্ষেত্রত নাট পৰিৱেশনৰ কথা আছিল৷ সেই সন্দর্ভতে যোৱা সন্ধিয়া তেওঁ সহযোগীসকলৰ সৈতে আলোচনাত মিলিত হৈছিল৷ ইফালে, এই অনাকাংক্ষিত খবৰ লাভ কৰিয়েই কালি নিশাই তেওঁৰ বহু গুণমুগ্ধই ছলেচ হস্পিটেলত ভিৰ কৰে৷ শোকাকুল পৰিৱেশৰ মাজত উপস্থিত হয় বলিউডত প্রতিষ্ঠিত অভিনেতা আদিল হুছেইনো৷ শুক্রাচার্য ৰাভা মৃত্যুত ব্যথিত হৈ পৰে বিশিষ্ট অভিনেতাজন৷ গোৱালপাৰাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহা আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক নৱনীত মহন্তও শিল্পীগৰাকীৰ মৃত্যুৰ খবৰ পাই হস্পিটেলত উপস্থিত হয় আৰু নিশা মৃতদেহ হস্পিটেলত ৰখাৰ ব্যৱস্থা গ্রহণ কৰে৷
১৯৭৭ চনৰ ১০ এপ্রিলত গোৱালপাৰা জিলাৰ আগিয়াৰ সমীপৰ অখ্যাত গাঁও ৰামপুৰত কৃষক নীলকান্ত ৰাভাৰ ঔৰসত আৰু পানীবালা ৰাভাৰ গর্ভত জন্মগ্রহণ কৰা শুক্রাই আগিয়া জে এন মেম’ৰিয়েল উচচতৰ মাধ্যমিকত হাইস্কুলীয়া শিক্ষা আৰু গোৱালপাৰা কলেজত বিজ্ঞান শাখাত স্নাতক শ্রেণীত নামভর্তি কৰাৰ পাছত নাটকৰ ক্ষেত্রখনত পদার্পণ কৰে৷ ১৯৯৮ চনত ৰামপুৰত পিতৃ প্রদত্ত পাঁচ বিঘামাটিত প্রতিষ্ঠা কৰা বাদুংডুপ্পা নাট্য ক্ষেত্রই পাছলৈ ‘বাদুংডুপ্পা কলা কেন্দ্র’ হিচাপে প্রতিষ্ঠা লাভ কৰে৷ ২০০৮ চনৰ পৰা বাদুংডুপ্পাত আয়োজন হৈ আহিছে প্রতিবছৰে ‘শালনীবাৰীৰ সাধু’ ইংৰাজীত কোৱা হৈছে ‘আণ্ডাৰ দ্য শাল ট্রীজ৷’ সম্পূর্ণ প্রাকৃতিক পৰিৱেশত বিজুলী ব্যৱস্থা পৰিহাৰ কৰি ৰাভা লোক কথা, সাধু পৰম্পৰাক নাট্য ৰূপ দি ৰাভা জনকৃষ্টিৰ থলুৱা বাদ্য ব্যৱহাৰ কৰি এক ব্যতিক্রমী শৈলীৰে শুক্রাচার্যই পৃথিৱীৰ শ্রেষ্ঠ নাট্য দল নাট্য কর্মীৰ দৃষ্টি আকর্ষণ কৰিব পাৰিছিল৷প্রতি বছৰে আয়োজন কৰা নাট্য সমাৰোহ চাবলৈ অসম তথা ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে দেশ-বিদেশৰ পৰা অহা নাট্য কর্মী বাঁহ-খেৰৰ জুপুৰিত চাৰি-পাঁচদিনকৈ থাকি প্রশংসা কৰি গৈছিল৷ বাদুংডুপ্পাক নিজ ঘৰ আৰু শুক্রাক নিজ পুত্রসম জ্ঞান কৰি এই জুপুৰি ঘৰত থাকি গৈছিল মণিপুৰৰ কিংবদন্তি পদ্মশ্রী এইচ কানাহাইলাল আৰু তেওঁৰ পত্নী পদ্মশ্রী সাবিত্রী কানহাইলাল৷
শুক্রাচার্য ৰাভাই শিৱসাগৰত অসম নাট্য সন্মিলনৰ দ্বাৰা আয়োজিত থিয়েটাৰ কর্মশালাত আৰু ১৯৯৮ চনত দুলীয়াজানত নাট্য সন্মিলনৰ প্রশিক্ষণত যোগদান কৰিছিল৷ ১৯৯৯ চনত স্কুল অব৲ ড্রামা, অসম আৰু জনসংস্কৃতি মঞ্চ, গোৱালপাৰাৰ দ্বাৰা আয়োজিত প্রশিক্ষণত অংশ লয়৷ ২০০১ চনত ৰাষ্ট্রীয় নাট্য বিদ্যালয়ে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত অনুষ্ঠিত কৰা ৪৫ দিনীয়া নাট কর্মশালা, ২০০২ চনত ৰাষ্ট্রীয় নাট্য বিদ্যালয়ে ডিব্রুগড়ত আয়োজন কৰা ৩০ দিনীয়া ডাইৰেক্টৰ টেকনিকেল থিয়েটাৰৰ কর্মশালা, ২০০৬ চনত কলাক্ষেত্র মণিপুৰ, পেন্ধইবি নাট্য মন্দিৰৰ নদিনীয়া প্রশিক্ষণৰ লগতে নেদাৰলেণ্ডৰ এভলিন পুলেন্সে থিয়েটাৰৰ বিষয়ত দিয়া প্রশিক্ষণত শুক্রাচার্যই প্রশিক্ষণ লয়৷ ২০০৩ চনত ইস্কাৰ জ’নেল কালচাৰেল চেণ্টাৰ, অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়, গুৱাহাটী আৰু শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ যৌথ সহযোগত সমন্বয়ক হিচাপে দায়িত্ব লাভ কৰে৷ শুক্রাচার্যই ৰাভা ভাষাত ‘নাঙা গাটা আঙা গাটা’, ‘হেঙাৰা টিং টিং হেঙাৰা টিং টিং’, ‘টিখাৰ’, পুৰুষোত্তম দাসৰ ‘জুমাৰি ৰং’, প্রকাশ ৰাভাৰ ‘চাংকৈ’, ‘চৰকাৰনি ন’ক’, জ্যোতি প্রসাদৰ ‘ৰূপালিম’, প্রফেছাৰ এইচ এছ শিৱ প্রকাশৰ ‘মাংগাইয়া মুচি’, ‘ট’পয়দম’, ‘দাংগাই’, বড়ো ভাষাত মুনীন ভূঞাৰ ‘হাতী আৰু ফান্দি’ৰ ‘মৌদাৰ আৰু ফাণ্ডি’, নেপালী ভাষাত জ্যোতি প্রসাদৰ ‘লভিতা’, মহেশ কলিতাৰ ‘অভিশপ্ত প্রেম’ জিতেন শর্মাৰ ‘অহংকাৰ’, হৰেন দাসৰ ‘বউথ’ পৰিচালনাৰে খ্যাতি লভে৷ নেদাৰলেণ্ডৰ থিয়েটাৰ এম্বেছিৰ পুতলা থিয়েটাৰৰ বিশেষজ্ঞ ইভলিন পুলিন্স বাদুংডুপ্পালৈ আহি পুতলা থিয়েটাৰৰ সৃষ্টি ‘বিজুলী’ পৰিচালনা কৰে৷ থিয়েটাৰ এম্বেছিৰ ডাইৰেক্টৰ বেৰিথ ডান্সো শুক্রাচার্যৰ নাট্য শৈলী দেখি অভিভূত হৈ পৰিছিল৷ আমেৰিকাৰ নাট্যকর্মী ডায়েনাৰ সহযোগত ৰাভা ধর্মীয় পৰমাৰা, আচাৰ বিধি বিষয়ক নাটো প্রদর্শন কৰে৷ নেদাৰলেণ্ড থিয়েটাৰ এম্বেছিৰ অর্থসাহায্যত সাতদিনীয়াকৈ আৰম্ভ হয় ‘থিয়েটাৰ মুভমেণ্ট’৷ ২০০৯ চনত সংগীত নাটক অকাদেমিৰ ওস্তাদ বিছমিলা খাঁ যুৱ পুৰস্কাৰ, মহেন্দ্র বৰঠাকুৰ বঁটা, ‘আছু’ৰ প্রতিমা বৰুৱা পাণ্ডে বঁটা, শ্বেৰ চৌধুৰী সোঁৱৰণী বঁটা, পাতলিপুত্র বঁটা, যুগল কিশোৰ চৌধুৰী বঁটা, আদিত্য বিক্রম বিৰলা কলা কিৰণ পুৰস্কাৰ লাভ কৰিছিল নাট্যৰ অক্লান্ত কর্মী শুক্রাচার্য ৰাভাই৷

শোকস্তব্ধ নাট্য সমাজ: শুক্রাচার্য ৰাভাৰ মৃত্যুৰ খবৰে গোৱালপাৰাৰ লগতে ৰাজ্যজুৰি শোকৰ ছাঁ পেলাইছে৷ নাট্যকর্মীজনৰ নশ্বৰ দেহ চিকিৎসালয়খনৰ পৰা পুৱা ৯ বজাত এখন শুকুলা ভানত তুলি প্রথমে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ আনি মৰণোত্তৰ পৰীক্ষা কৰা হয়৷ তাৰ পাছতে চহৰত ৰাজহুৱা শ্রদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে গোৱালপাৰা কলেজ প্রাংগণলৈ অনা হয়৷ তাতে গোৱালপাৰা কলেজৰ অধ্যক্ষ জ্যোতিষ দাসে, তাৰ পাছত ক্রমে কলেজ পৰিচালনা সমিতি, ছাত্র একতা সভা গোৱালপাৰা জিলা আৰু আঞ্চলিক ছাত্র সন্থা, গোৱালপাৰা সাহিত্য সভা, জিলা জ্যেষ্ঠ নাগৰিক সন্থা, জিলা পেঞ্চনাৰ সন্থা, অসম ক্লাব, গোৱালপাৰা জিলা সাংবাদিক সন্থা, ‘মুকুতামালা’, গোৱালপাৰা বিজ্ঞান সমিতি, কলেজ শিক্ষক সংস্থা, নিখিল ৰাভা সাহিত্য সভা নিখিল ৰাভা মহিলা পৰিষদ, ৰাভা জাতীয় সেৱা সংঘ, কৃষ্ণা কলা কেন্দ্র, আর্টছ ফৰ লাভার্ছ, শিক্ষাবিদ উত্তম শর্মা, ৰমাকান্ত বৰুৱা, আবেদুৰ ৰহমান শইকীয়া, ড০ সিদ্ধিনাথ শর্মা, আবৃত্তিকাৰ জয়ন্ত মেধি, নাট্য শিল্পী ধনঞ্জয় মেধি, সমাজকর্মী নকুল দাসকে ধৰি সহস্রজনে শেষ শ্রদ্ধা জ্ঞাপন কৰে৷
বিশিষ্ট সাংস্কৃতিককর্মী, সাংস্কৃতিক সাংবাদিক নাট্য সমালোচক অতুল মজুমদাৰে শুক্রাচার্যৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰি বার্ প্রেৰণ কৰিছে৷ শোক প্রকাশ কৰিছে বিশিষ্ট সমাজকর্মীদ্বয় শৈলেন দাস আৰু ননী দাসে৷ ইয়াৰ পাছতে নশ্বৰ দেহ কঢ়িওৱা শুকুলা বাহন আহি পায় আগিয়া জে এন মেম’ৰিয়েল উচচতৰ মাধ্যমিক বিদ্যালয়ৰ প্রাংগণ৷ ইয়াতে শুক্রাই হাইস্কুলীয়া জীৱন অতিবাহিত কৰিছিল৷ স্কুল কর্তৃপক্ষৰ লগতে অগণন গুণমুগ্ধই শেষ শ্রদ্ধা জ্ঞাপন কৰে৷ শুক্রাচার্যৰ সপোন পুৰী ৰামপুৰস্থিত বাসভৱন বাদুংডুপ্পা কলা কেন্দ্রৰ প্রাংগণত শুকুলা ৰথ আহি ৰৈ যায়৷ পাছত তেওঁৰ নিঠৰ দেহ পুষ্পৰে সজ্জিত শয্যাত শুভ্র বস্ত্রৰে ঢাকি শুৱাই দিয়া হয়৷ তাতে বাদুংডুপ্পাৰ পৰিয়ালসহ অগণন ৰাইজে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ শুক্রাচার্যৰ অন্ত্যেষ্টিক্রিয়াত অংশ ল’বলৈ অহা ‘আছু’ৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচার্যই শ্রদ্ধা জ্ঞাপন কৰি কয় যে শুক্রাচার্য অসমৰে নহয় পৃথিৱীত ৰাখি যাব পৰা এটি নাম, এটি সাহস শক্তি৷
এগৰাকী প্রকৃত শিল্পী৷ দেশ আৰু জাতিৰ হকে নিঃস্বার্থভাৱে সেৱা কৰা শিল্পী৷ আছুৰ সভাপতি দীপাংক নাথে কয় যে শুক্রাচার্য ৰাভা জনগোষ্ঠীয় লোক যদিও নাটকৰ মাজেৰে তেওঁৰ নিজা নাট্য শৈলীৰে পৃথিৱীৰ নাট্যকর্মীসকলক ৰামপুৰৰ দৰে ঠাইত উপস্থিত কৰাব পৰাধৰণৰ শক্তিশালী নাট্য কর্মী৷ ৰাভা হাছং স্বায়ত্ত পৰিষদৰ মুখ্য কার্যবাহী টংকেশ্বৰ ৰাভাৰ মতে ‘শুক্রাচার্যই নিজৰ প্রতিভাৰে ৰাভা ভাষা, কলা-কৃষ্টিক বিশ্ববাসীৰ সৈতে চিনাকি কৰি দিছে৷ এক মহান আত্মা৷ তেওঁ অমৰ হ’ব৷’ দুধনৈৰ বিধায়ক দীপক কুমাৰ ৰাভাই কয় যে নিজৰ জনগোষ্ঠীৰ জৰিয়তে অসমীয়া জাতিক পৃথিৱীৰ বিভিন্ন প্রান্তলৈ লৈ গৈছে৷ কম বয়সতে বহু কাম কৰি গ’ল৷ জীয়াই থকা হ’লে আমি বহু পালোহেঁতেন৷ জিলা সাংবাদিক সন্থাৰ সভাপতি দিলীপ কুমাৰ শর্মাই কয় যে গোৱালপাৰাৰ ভিতৰুৱা গাঁও এখনৰ কৃষকৰ ল’ৰা হৈ স্ব-প্রতিভাৰে বিশ্বত উদ্ভাসিত হৈ শুক্রাচার্যই বিৰল চানেকি দেখুৱালে৷ যি সাধাৰণ হৈও অসাধাৰণ৷ ডাঃ শ্যামলেন্দু দাসৰ মতে ‘শুক্রাচার্য অসমৰ ৰতন থিয়াম’৷ বিশিষ্ট নাট্য কর্মী পবিত্র ৰাভাই কয় যে আৰু কেইবছৰমান থকা হ’লে আমি নাটকৰ বহু কাম কৰিব পাৰিলোহেঁতেন৷ শুক্রাৰ চিন্তা, কর্ম আনৰ সৈতে পৃথক৷
আর্টছ ফৰ লাভার্ছৰ সঞ্চালক, যুৱ নাট্য কর্মী শংকৰ মেধিয়ে কয় যে আমি শিকিবলৈ লৈছিলোঁহে, গুচিয়েই গ’ল৷ আমাৰ প্রেৰণা-উৎসাহ স্থবিৰ হৈ পৰিল৷ ৰাভা হাছং স্বায়ত্ত পৰিষদৰ কার্যবাহী সদস্য জীৱন ৰাভাই শুক্রাচার্যৰ ব্যক্তিত্ব আৰু কর্মৰ তুলনা নহয় বুলি কৈ গাঁৱৰ ল’ৰা এজনৰ এনে নাট্য প্রতিভা হয়তো দেশতে বিৰল৷ ঠিক দুই বজাৰ লগে লগে আৰক্ষী, সামৰিক, অর্ধ-সামৰিক বাহিনীৰ তোপধবনিৰে ৰাজ্যিক মর্যাদাৰে শুক্রাচার্য ৰাভাৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰা হয়৷ ইয়াৰ পূর্বে মুখ্যমন্ত্রীৰ হৈ জিলাৰ উপায়ুক্ত বর্ণালী ডেকা, আৰক্ষীৰ সঞ্চালক প্রধানৰ হৈ জিলা আৰক্ষী অধীক্ষক অমিতাভ সিনহাই পুষ্পাঞ্জলিৰে শেষ শ্রদ্ধা জ্ঞাপন কৰে৷ উপস্থিত থাকি শেষ শ্রদ্ধা জনায় আন্তর্তিক খ্যাতিসম্পন্ন নাট আৰু বোলছবিৰ অভিনেতা আদিল হুছেইন, জিলা প্রশাসনৰ উচচ পর্যায়ৰ আমোলা-বিষয়া, অজস্র নাট্যকর্মী, সাংবাদিক লেখক শিল্পীয়ে৷ প্রয়াত ৰাভাই পিতৃ-মাতৃ, পত্নী পুত্র, কন্যাক এৰি থৈ যায়৷

No comments:

Post a Comment

SPONSORED