গুৱাহাটী : ৰাজ্যৰ বিভিন্ন প্ৰান্তত সোপাধৰাৰ আতংকই গাঁওবাসীক ভীতিগ্ৰস্ত কৰি ৰখাৰ মাজতে শুকুৰবাৰে সন্ধিয়া কাৰ্বি আংলং জিলাৰ ডকমকা থানাৰ অধীনস্থ পাণজুৰি গাঁৱত সংঘটিত হয় এক ভয়ংকৰ নাৰকীয় ঘটনা৷ সোপাধৰাৰ সন্দেহত গাঁৱৰ ৰাইজে মৰিয়াই মৰিয়াই হত্যা কৰিলে গুৱাহাটীৰ দুটা অভিজাত পৰিয়ালৰ দুজন অসমীয়া তৰুণক৷ এদল উন্মত গঞাৰ বৰ্বৰ আক্ৰমণত থিতাতে কৰুণ মৃত্যুক আঁকোৱালি লোৱা যুৱকদ্বয়ক ক্ৰমে গুৱাহাটী মহানগৰীৰ শিলপুখুৰীৰ নৱগ্ৰহৰ সমীপৰ নীলোত্পল দাস আৰু ছয়মাইলৰ নাগালেণ্ড গেষ্ট হাউছৰ সমীপৰ অভিজিত্ নাথ বুলি চিনাক্ত কৰা হৈছে৷
৩০-৩২ বছৰীয়া নীলোত্পল এগৰাকী ছাউণ্ড ইঞ্জিনীয়াৰ৷ গীত-মাত, বাদ্যযন্ত্ৰ বজোৱা, ছবি অঁকা আদিত বিশেষ ৰাপ থকাৰ উপৰি গোৱাত অংশীদাৰিত্বৰে এটা কোম্পানী চলাই থকা নীলোত্পলৰ পিতৃ এগৰাকী অৱসৰপ্ৰাপ্ত ৰে'ল বিষয়া আৰু মাতৃ লতাশিল এল পি স্কুলৰ শিক্ষিয়িত্ৰী ৷ আনহাতে নলে-গলে লগা বন্ধু অভিজিত্ নাথো ইঞ্জিনীয়াৰিঙৰ ছাত্ৰ৷ লগতে প্ৰাকৃতিক সৌন্দৰ্যৰ প্ৰতি আছিল বিশেষ দুৰ্বলতা৷অভিজিতৰ পিতৃ মৰিগাঁৱত কৰ্মৰত এগৰাকী কৃষি বিষয়া আৰু মাতৃ চেঙা কলেজৰ প্ৰবক্তা ৷ প্ৰাথমিক অনুসন্ধানত আৰক্ষী অধীক্ষক শিৱপ্ৰসাদ গাঞ্জালাই সংবাদ মাধ্যমক জনোৱা মতে গুৱাহাটীৰ যুৱক দুজনে শুকুৰবাৰে দিনৰ ভাগতে এখন ক'লা ৰঙৰ স্ক'ৰপিঅ' গাড়ীৰে (এ এছ ০১ বি আৰ ৪১৬১) কাৰ্বি আংলঙৰ মনোৰম বনভোজথলী তথা অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যৰ আকৰ কাংথিলাংছ' জলপ্ৰপাতৰ নয়নাভিৰাম দৃশ্য উপভোগ কৰাৰ লগতে এক বিশেষ প্ৰজাতিৰ আলংকাৰিক মাছৰ সন্ধানত পাণজুৰিৰ সমীপৱৰ্তী পাহাৰৰ জান-জুৰিলৈ আহিছিল৷
উল্লেখ্য যে নগাঁৱৰ পৰা ডবকা হৈ ডিফু সংযোগী ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পাৰখোৱা আৰু ডকমকাৰ মাজৰ ডেনগাঁও বজাৰৰ পৰা প্ৰায় ১০ কিল’মিটাৰমান সোমাই গ'লেই পোৱা যায় এই কাংথিলাংছ' অঞ্চল ৷ বাট-পথৰ দুৰৱস্থা আৰু তুলনামূলকভাৱে অঞ্চলটো ভিতৰুৱা আওহতীয়া স্থান হোৱা বাবে নীলোত্পলহঁতৰ ভিতৰৰ পৰা ওলাই আহোঁতে সন্ধিয়া নামিছিল৷ তাতে এগৰাকী শিল্পী হিচাপে নীলোত্পলৰ চুলি যথেষ্ট দীঘল আছিল৷ আৰু সেয়াই কাল হ'ল৷ বিগত কিছুদিন ধৰি সোপাধৰাৰ আতংকত ভোগা গাঁওবাসীৰ একাংশই প্ৰথমে আক্ৰমণ চলালে নীলোত্পলহঁতৰ বাহনখনত৷
স্ক'ৰপিঅ' গাড়ীখন ভাঙি চূচুৰ্মৈ কৰাৰ পাছত দুয়োকে কাঠ-বাঁহেৰে অতি নিৰ্দয়ভাৱে প্ৰহাৰ কৰে৷ মৰণকাতৰ চিঞৰেৰে বাৰম্বাৰ নীলোত্পলে 'মই অসমীয়া, মোৰ পিতৃ গোপাল চন্দ্ৰ দাস, মাৰ নাম ৰাধিকা দাস, আমাক নামাৰিব’ বুলি নিজৰ পৰিচয় দিয়াৰ পাছতো শেষ ৰক্ষা নহ'ল যুৱকদ্বয়ৰ৷ কেৱল প্ৰহাৰ আৰু প্ৰহাৰ ৷ নিশা প্ৰায় ৮-৪২ বজাত আৰক্ষীয়ে ঘটনাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হয়গৈ মানে মৃত্যু হৈছিল দুয়োৰে৷
তথাপি মূহুৰ্ততে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি দুয়োকে ডকমকা চিকিত্সালয় পোৱাইছিল আৰক্ষীয়ে ৷ আৰক্ষীৰ এই কাৰ্যত ক্ষুণ্ণ হৈ একাংশই আৰক্ষীৰ লোককো আক্ৰমণ কৰিবলৈ উদ্যত হয় ৷ ইয়াৰ পাছৰ পৰা সমগ্ৰ অঞ্চলজুৰি চেপা উত্তেজনাই বিৰাজ কৰি আছে৷ আজি পুৱা ঘটনাস্থলী পৰিদৰ্শন কৰে জিলা উপায়ুক্ত মৃদুল কুমাৰ মহন্ত, জিলা আৰক্ষী অধীক্ষক শিৱপ্ৰসাদ গাঞ্জালাই ৷ আইন হাতত তুলি লোৱা কোনো দোষী ব্যক্তিকে ৰেহাই দিয়া নহ'ব বুলি স্পষ্ট কৰি দিছে আৰক্ষী অধীক্ষক গাঞালাই ৷ ঘটনা সন্দৰ্ভত গভীৰ উদ্বেগ প্ৰকাশ কৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশমৰ্মে দুপৰীয়া এডিজিপি (আইন-শৃংখলা) মুকেশ আগৰৱালাই ঘটনাস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় ৷ ৰাইজক উৰাবাতৰিত ভোল নাযাবলৈ আহ্বান জনাই ঘটনাৰ সৈতে জড়িত কাকো ৰেহাই দিয়া নহ'ব বুলি আগৰৱালাই সকীয়াই দিয়ে৷ ইতিমধ্যে আৰক্ষীয়ে ক্ষীপ্ৰ তদন্ত আৰম্ভ কৰিছে৷
শেহতীয়া খবৰ মতে, ডকমকা কাণ্ডত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে অনুজ তিমুং, কংকন বসুমতাৰী,দীপজ্যোতি বসুমতাৰী, বাবু ৰংপি আৰু সৰুকণ স্বৰ্গিয়াৰী নামৰ ৫ জন লোকক গ্ৰেপ্তাৰ কৰিছে৷ ইফালে পাণজুৰি গাঁৱত সংঘটিত বৰ্বৰ ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিছে কাৰ্বি আংলং জিলা অসমীয়া ভাষিক সন্থাই ৷ সন্থাৰ সভাপতি অনিল হাজৰিকা আৰু সম্পাদক মেদিনী শইকীয়াই এই ঘটনাৰ ক্ষীপ্ৰ তদন্ত দাবী কৰি দোষীক দৃষ্টান্তমূলক শাস্তিৰ দাবী জনায়৷ লগতে ছচিয়েল মিডিয়াত হকে-বিহকে বিতৰ্কিত তথা উৰাবাতৰিৰ প’ষ্ট দি সমাজত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰাসকলৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ হ'বলৈ দাবী জনায় সন্থাই ৷ইপিনে এই ঘটনাৰ নিন্দা কৰিছে কাৰ্বি আংলং জিলা প্ৰাক্তন আলফা ঐক্য মঞ্চই ৷ সম্পাদক ৰমেন কাকতিয়ে এই ঘটনাৰ সৈতে জড়িতসকলক শীঘ্ৰে চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবীৰ জনাইছে ৷
No comments:
Post a Comment