বি জে পি গ’ বেগ ধ্বনিৰে উত্তাল কোকৰাঝাৰ ফকিৰাগ্ৰাম - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, June 09, 2018

বি জে পি গ’ বেগ ধ্বনিৰে উত্তাল কোকৰাঝাৰ ফকিৰাগ্ৰাম


কোকৰাঝাৰ :  কোকৰাঝাৰ জিলাৰ দতমা ব্লেক কংগ্ৰেছৰ উদ্যোগত বিজেপিৰ বিৰুদ্ধে আজি বিশ্বাসঘাটকতা দিবস পালন কৰা লগতে চাইকেল সমদল উলিয়ায় । অসম প্ৰদেছ কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিশ্বজিত ৰায়ে সংবাদ মাধ্যমৰ আগত বিজেপিক কঠোৰ সমলোসনা কৰি কয় যে বিজেপি দলে বিদেশত থকা কলা টকা ঘুৰাই অনা ,খাদ্য-সামগ্ৰী, পেট্ৰল, ডিজেলৰ মূল্য কমোৱা, দূৰ্নীতি ৰোধ কৰা আদি বিভিন্ন প্ৰতিশ্ৰুতি দিছিল যদিও সেই প্ৰতিশ্ৰুতি বিজেপি নেতৃত্বাধিন কেন্দ্ৰীয় আৰু অসম চৰকাৰে ৰক্ষা নকৰি ভাৰত আৰু অসমৰ মানুহক চৰম ভাবে প্ৰতাৰণা কৰিলে l বৰং প্ৰত্যকতো সামগ্ৰীতে আকাশলঙ্ঘী দামে মানুহক জুৰুলা কৰিছে l সেইকাৰণে আজি কোকৰাঝৰ জিলাৰ অন্তৰ্গত ফকিৰাগ্ৰামত কংগ্ৰেছ দলে কেইবাসহস্ৰাধিক সমৰ্থক সকলক লৈ বিশ্বাসঘাটকতা দিবস পালন কৰাৰ লগতে চাইকেল সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰিছে। পেট্ৰল, ডিজেলৰ মূল্য আকাশলঙ্ঘী হোৱা বাবে গাড়ী চলাব নোৱাৰি গৰু গাড়ীত মটৰ চাইকেল উঠাই তথা ঘোঁৰাৰ ওপৰত উঠি আৰু চাইকেল চলাই সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে । কেন্দ্ৰ আৰু অসম চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা আক্ৰাছুৰ প্ৰাক্তণ সভাপতি বিশ্বজিৎ ৰায়ে মূল্য বৃদ্ধি ৰোধ কৰিব নোৱাৰা বিজেপি দলে পুণৰ আভুৱা ভৰা আৰু মিছা প্ৰতিশ্ৰুতিৰে ভাৰতৰ মানুহক প্ৰতাৰণা কৰি কেন্দ্ৰত চৰকাৰ গঠন কৰিব বিচাৰিছে যদিও এইবাৰ বিজেপিক দলক উচিত প্ৰত্যুত্তৰ দিব ভাৰতবাসী ৰাইজে l আজিৰ কংগ্ৰেছৰ চাইকেল সমদল যাত্ৰাত কংগ্ৰেছৰ গোৱালপাৰাৰ প্ৰাক্তন বিধায়ক শিব চৰন বসুমতাৰী, ৰাজ্যিক যুৱক কংগ্ৰেছৰ নেতা শ্বম্ভ মণ্ডল সহ কংগ্ৰেছী নেতা সকলে উপস্থিত থাকে।

No comments:

Post a Comment

SPONSORED