বিশ্বনাথ চাৰিআলি : বিভিন্ন সমাজবিৰোধী শক্তিৰ নিৰন্তৰ অপপ্ৰচাৰৰ ফলত ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বিশ্বনাথ জিলাৰো বিভিন্ন অঞ্চলত বিগত কিছুদিনত ডাইনী আৰু সোপাধৰাৰ সন্দেহত সংঘটিত বিক্ষিপ্ত ঘটনাসমূহত জিলা প্ৰশাসনে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। কোনোধৰণৰ উৰাবাতৰিত আতংকিত নহ'বলৈ আৰু কাৰোৰে উচটনিত ভোল গৈ আইন হাতত তুলি নল'বলৈ জিলাৰ ভাৰপ্ৰাপ্ত উপায়ুক্ত পাৰভেজ আমিনে জিলাবাসীলৈ আহ্বান জনাইছে। বালিচাঙৰ খেৰবাৰীত কালি সংঘটিত অমানৱীয় ঘটনাত গভীৰ দুঃখ ব্যক্ত কৰি উপায়ুক্তগৰাকীয়ে সমগ্ৰ ঘটনাৰাজিক জিলা প্ৰশাসনে গুৰুত্বসহকাৰে লোৱাৰ কথা প্ৰকাশ কৰে। উল্লেখ্য যে ডাইনীৰ সন্দেহত এচাম উন্মত্ত লোকে এগৰাকী বৃদ্ধক হত্যা কৰা এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যেই জোৰদাৰ তদন্ত আৰম্ভ কৰিছে। জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু কাৰ্যবাহী দণ্ডাধীশকে ধৰি প্ৰশাসনৰ উচ্চপদস্থ বিষয়াবৰ্গই আজি পুৱাই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে। ঘটনাক গুৰুত্বসহকাৰে গ্ৰহণ কৰি জিলাৰ আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰীয়ে নিজেও সেই ঠাই ভ্ৰমণ কৰিছে। ঘটনা সন্দৰ্ভত এতিয়ালৈকে কেইবাজনো লোকক সোধা-পোছাৰ বাবে আটক কৰা হৈছে। আইন-শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্ৰণত ৰখাৰ বাবে সম্ভৱপৰ সকলো ব্যৱস্থা হাতত লোৱাৰ কথা জানিবলৈ দি আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰিছে যে এনে নৃশংস ঘটনাত জড়িত প্ৰকৃত অপৰাধীসকলক অতিশীঘ্ৰেই কৰায়ত্ত কৰা হ'ব। উল্লেখযোগ্য যে জিলাৰ বিভিন্ন স্থানত ডাইনী-সোপাধৰাৰ অপপ্ৰচাৰৰ বিৰুদ্ধে বিগত কিছুদিনত জিলা প্ৰশাসন, স্থানীয় বিধায়ক আৰু অন্যান্য দল-সংগঠনে বিভিন্ন সজাগতা সভাৰ আয়োজন কৰি আহিছে। কাৰো কথাত প্ৰৰোচিত নহৈ এনে যিকোনো পৰিস্থিতিতে আৰক্ষী-প্ৰশাসনৰ সহায় ল'বৰ বাবে জিলাৰ ভাৰপ্ৰাপ্ত উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে সংশ্লিষ্ট সকলো পক্ষলৈ আহ্বান জনাইছে।
Responsive Ads Here
Saturday, June 09, 2018

ডাইনী-সোপাধৰা বিষয়ক অপপ্ৰচাৰত ভীতিগ্ৰস্ত নহ'বলৈ বিশ্বনাথ জিলা প্ৰশাসনৰ আহ্বান
Tags
# আঞ্চলিক
Share This

About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment