ডিজিটেল ইণ্ডিয়াত ডিজিটেল প্ৰতিবাদ : পৃথক বড়োলেণ্ডৰ দাবীত এবছুৰ ধাৰাবাহিক ই-মেইল প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীলৈ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Wednesday, June 06, 2018

ডিজিটেল ইণ্ডিয়াত ডিজিটেল প্ৰতিবাদ : পৃথক বড়োলেণ্ডৰ দাবীত এবছুৰ ধাৰাবাহিক ই-মেইল প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীলৈ


কোকৰাঝাৰ : পৃথক বড়োলেণ্ড ৰাজ্য গঠনৰ দাবীত এবছুয়ে সময়ে সময়ে গ্ৰহণ কৰা অগতানুগতিক কাৰ্যসূচীৰ পিছত এইবাৰ এবছু , এনডিএফবি(প্ৰ)আৰু পিপলচ্ জইন্ট এক্সন কমিটী ফৰ বড়োলেণ্ড মুভমেণ্ট চমুকৈ পিজেএচিবিএমে যৌথভাৱে পৃথক বড়োলেণ্ড গঠনৰ দাবীত অভিনৱ প্ৰতিবাদ তথা ই-মুভমেণ্ট কাৰ্যসূচী । ৰাজ্যত পোণ প্ৰথমবাৰৰ বাবে ই- মুভমেণ্ট কাৰ্যসূচীৰে পৃথক ৰাজ্য গঠনৰ দাবীৰে আন্দোলন আৰম্ভ কৰা এবছুৰ উক্ত কাৰ্যসূচীত অৰ্ধ শতাধিক লেপটপৰে ই- মেইলযোগে প্ৰধানমন্ত্ৰী , গৃহমন্ত্ৰীৰ লগতে লোকসভাৰ বিৰোধী দলপতিলৈ পৃথক বড়োলেণ্ডৰ দাবীত ধাৰাবাহিকভাৱে আবেদন জনোৱা হয়।
মূলত ডিজিটেল ইণ্ডিয়াৰ শ্লোগান আওঁৰোৱা বিজেপি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈকে আজি কোকৰাঝাৰ সদৰ চহৰত আৰম্ভ হোৱা ই-মুভমেণ্ট কাৰ্যসূচীত ধাৰাবাহিকভাৱে ই মেইলেৰে পৃথক বড়োলেণ্ডৰ দাবীত আবেদন পঠোৱা হয়। পৃথক বড়োলেণ্ডৰ দাবীত অনশন ,বন্ধ কাৰ্যসূচী, ৰাষ্ট্ৰীয় ঘাইপথ -ৰেলপথ অৱৰোধ কাৰ্যসূচী, ডাকযোগে পোষ্টকাৰ্ডৰে পৃথক বড়োলেণ্ড ৰাজ্য গঠনৰ দাবী, তেজেৰে লিখি পৃথক বড়োলেণ্ড ৰাজ্য গঠনৰ দাবী , সমুহীয়া মুণ্ডনেৰে পৃথক বড়োলেণ্ড ৰাজ্য গঠনৰ দাবী জনোৱাৰ পিছত এইবাৰ ই-মুভমেন্টযোগে পৃথক বড়োলেণ্ড ৰাজ্য গঠনৰ দাবী জনোৱাৰ পিছতো যদিহে চৰকাৰে যোগাত্মক সঁহাৰি নিদিয়ে তেতিয়াহলে এনআৰচি প্ৰক্ৰিয়া অন্ত পৰাৰ পিছতে এবছুয়ে ব্যাপক গণ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিছে এবছুৰ সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰীয়ে। পৃথক বড়োলেণ্ড গঠন, প্ৰস্তাবীত বড়োলেণ্ডৰ বাহিৰত বসবাস কৰা বড়ো সকলৰ নিৰাপত্তা, ৰাজনৈতিক অধিকাৰ সুনিশ্চিত কৰা আৰু কাৰ্বিআংলঙৰ বড়ো সকলক পাৰ্বত্য জনজাতি মৰ্যাদা প্ৰদান কৰা দাবীৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী ৰাজনাথ সিং, বিজেপিৰ সভাপতি অমিত শ্বাহলৈ হেজাৰ-হেজাৰ ই- মেইল প্ৰেৰণ কৰে।

No comments:

Post a Comment

SPONSORED