লাহৰীঘাট : মৰিগাঁও জিলাৰ পাভকাটি সমবায় সমিতিৰ সাধাৰণ নিৰ্বাচন সম্পন্ন হয়। ১৯ মেৰ দিনা পাভকাটি সমবায় সমিতিৰ দ্বাৰা অনুষ্ঠিত সাধাৰণ নিৰ্বাচনত ১৫ গৰাকী সদস্য-সদস্যাক সমবায়ৰ অংশীদাৰ ভোটাৰ ৰাইজে নিৰ্বাচিত কৰে।
উল্লেখ্য যে, ৩ জুনত পাভকাটি সমবায় সমিতিৰ প্ৰাঙ্গণত অনুষ্ঠিত হৈ যায় প্ৰথমখন কাৰ্যকৰী সভা। উক্ত কাৰ্যনিৰ্বাহক সভাত সভাপতিত্ব কৰে সমবায়খনৰ সদ্য নিৰ্বাচিত সদস্য জিন্না ৰহমান ফাৰুকীয়ে। সভাখনত ক্ৰমে সভাপতি আৰু উপ সভাপতি নিৰ্বাচন কৰা হয়। সভাপতি পদৰ প্ৰাৰ্থী কমল সিং ডেকা আৰু তপন সেনে প্ৰতিদ্বন্দিতা কৰে যদিও সদস্য সকলৰ ভোটৰ জৰিয়তে কমল সিং ডেকাক সভাপতি হিচাপে নিৰ্বাচন কৰা হয়। বিজয়ী সভাপতি কমল সিং ডেকাই ৯ টা ভোট পোৱাৰ বিপৰীতে তপন সেনে লাভ কৰে ৬ টা ভোট। কমল সিং ডেকাক আনুষ্ঠানিকভাৱে সভাপতি নিৰ্বাচিত কৰা হয়। ইয়াৰ উপৰিও উপ সভাপতি পদত চন্দ্ৰকান্ত সৰকাৰে জয়লাভ কৰে। আনহাতে মৰিগাঁও জিলাৰ বৰালিমাৰী সমবায় সমিতিত বিনা প্ৰতিদ্বন্দিতাৰে জীৱন চন্দ্ৰ বৰা সভাপতি হিচাপে নিৰ্বাচিত হয়।
No comments:
Post a Comment