কোকৰাঝাৰত অনুসূচিত জাতি উন্নয়ন পৰিষদৰ দ্বাৰা মহিলাক বিনামূলীয়া কম্পিউটাৰ বিতৰণ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

June 6, 2018

কোকৰাঝাৰত অনুসূচিত জাতি উন্নয়ন পৰিষদৰ দ্বাৰা মহিলাক বিনামূলীয়া কম্পিউটাৰ বিতৰণ


কোকৰাঝাৰ : বিটিএডি অঞ্চলৰ শিক্ষিত মহিলা সকলক স্বাৱলম্বী কৰাৰ উদ্দেশ্যৰে কোকৰাঝাৰ মহকুমাত আজি ২০ গৰাকী উদ্যমী মহিলাৰ মাজত আনুষ্ঠানিকভাৱে কম্পিউটাৰ বিতৰণ কৰে অনুসূচিত জাতি উন্নয়ন পৰিষদে৷ এই উপলক্ষে কোকৰাঝাৰ মহকুমা সমাজ কল্যাণ বিভাগৰ কাৰ্যালয়ত আজি দুপৰীয়া আয়োজিত এক আনুষ্ঠানিক কম্পিউটাৰ বিতৰণী অনুষ্ঠানত বিটিচিৰ কাৰ্যবাহী সদস্য ৰাজীৱ কুমাৰ ব্ৰহ্ম মুখ্য অতিথি হিচাপে উপস্থিত থাকি হিতাধিকাৰী মহিলা সকলক আনুষ্ঠানিকভাৱে কম্পিউটাৰ বিতৰণ কৰি একো একোগৰাকী উদ্যোমী মহিলাক আজিৰ প্ৰতিযোগিতাৰ যুগত ফেৰ মাৰি চলাৰ বাবে আহ্বান জনায়৷
আজি কম্পিউটাৰ বিতৰণী অনুষ্ঠানৰ আঁত ধৰি কোকৰাঝাৰ মহকুমা অনুসূচিত জাতি উন্নয়ন পৰিষদৰ অধ্যক্ষ সঞ্জয় মজুমদাৰে কোকৰাঝাৰ মহকুমাত কম্পিউটাৰত দক্ষ শিক্ষিতা মহিলাসকলক আত্মসংস্থাপন কৰাৰ লক্ষ্যৰে অনুসূচিত জাতি মহিলা চেলফ্ হেলফ্ আঁচনিৰ ২০১৭-১৮ বিত্তীয় বৰ্ষৰ অধীনত সৰ্বমুঠ ২০ টা কম্পিউটাৰ হিতাধিকাৰীসকলক আনুষ্ঠানিকভাৱে বিতৰণ কৰা বুলি সদৰী কৰে৷ 
উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে যি সময়ত "বেটি বাচাও বেটি পঢ়াও" শ্লোগানৰে বিশেষকৈ মহিলাৰ ওপৰত বিভিন্ন আচঁনি হাতত লৈ আহিছে তেনে সময়ত কোকৰাঝাৰ মহকুমাত অনুসুচিত জাতি উন্নয়ন পৰিষদে মহিলাসকলক আধুনিক বৈজ্ঞানিক প্ৰযুক্তিবিদ্যাৰ যুগৰ সতে আগবঢ়াই নিবলৈ আজি মহিলা সকলৰ মাজত কম্পিউটাৰ বিতৰণৰ পদক্ষেপ গ্ৰহণ কৰাত সকলোৱে শলাগ লৈছে৷

No comments:

Post a Comment

SPONSORED