মিছন ফিট ইণ্ডিয়াৰ বাবে একত্ৰিত যোগ ঋষি বাবা ৰামদেৱ আৰু সুনীল ছেট্টীৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

June 6, 2018

মিছন ফিট ইণ্ডিয়াৰ বাবে একত্ৰিত যোগ ঋষি বাবা ৰামদেৱ আৰু সুনীল ছেট্টীৰ


  • মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ বাবে অনুপ্ৰেৰণা যোগাবলৈ ৰেডিঅ’ৰ মঞ্চত ভাৰতৰ প্ৰথম আৰু সৰ্ববৃহৎ ফিটনেছ তথা ৱেলনেছ ফেষ্টিভেল
  • ফিভাৰ এফএমৰ দ্বাৰা আয়োজিত, “মিছন ফিট ইণ্ডিয়া”ৰ অভিযানৰ থিম হৈছে “অব হোগা ফিটনেছ, বনায়ে হাথ কা খেল”

নতুন দিল্লী : ফিভাৰ এফএম, এফটিচি আৰু মাই এফএমে পতঞ্জলিৰ অংশীদাৰিত্বৰে আজি নতুন দিল্লীত আৰম্ভ কৰে ভাৰতৰ প্ৰথম ১২০ দিনীয়া ফিটনেছ ফেষ্টিভেল “মিছন ফিট ইণ্ডিয়া”। এই বিশাল জাগৰণৰ নেতৃত্ব প্ৰদান কৰিব বলিউডৰ অভিনেতা সুনীল ছেট্টীয়ে। অনুষ্ঠানত অংশগ্ৰহণ কৰে যোগ গুৰু – যোগ ঋষি বাবা ৰামদেৱ আৰু আচাৰ্য বালকৃষ্ণ, পতঞ্জলিৰ পৰিচালন সঞ্চালকে। এই ১২০ দিনীয়া ফিটনেছ ফেষ্টিভেলক চাৰিটা পৰ্যায়ত ভাগ কৰা হৈছে আৰু ই ভাৰতৰ ৪৩খন মহানগৰৰ জনতাৰ কাষ চাপিব।
অনুষ্ঠানৰ বিষয়ে উল্লেখ কৰি আচাৰ্য বালকৃষ্ণনে কয়,“স্বামী ৰামদেৱ, ভাই সুনীল ছেট্টী আৰু মই একেলগে ওলাই আহিছোঁ এক ফিটনেছ মিছনত যাতে জনতাক আমি সেই কথা বুজি পোৱাত সহায় কৰিব পাৰোঁ যে কেনেকৈ যোগ আয়ুৰ্বেদে আমাক এক স্বাস্থ্যবান জীৱনৰ দিশে আগুৱাই লৈ যায়। আমি একেনগে ওলাই আহিছোঁ এক সাধাৰণ উদ্দেশ্য লৈ যাতে ফিটনেছক লৈ আমাৰ সকলো কাল্পনিক কথা আঁতৰ কৰিব পাৰোঁ আৰু প্ৰতিটো পৰিয়ালকে স্বাস্থ্যৱান হৈ থকাৰ সৰল পথৰ বিষয়ে সজাগ আৰু আগ্ৰহী কৰি তুলিব পাৰোঁ। মই মিছন ফিট ইণ্ডিয়াৰ অংশ হ’বলৈ অতি আনন্দিত হৈছোঁ, কিয়নো আমাৰ দেশত এতিয়ালৈ এই ধৰণৰ বিশালতাৰে কেতিয়াও ফিটনেছ মিছন আয়োজিত কৰা হোৱা নাছিল!”
“মিছন ফিট ইণ্ডিয়া” অভিযানৰ উদ্দেশ্য হৈছে প্ৰতিগৰাকী ভাৰতীয়ক সুঠাম হৈ থকাৰ বাবে অনুপ্ৰাণিত কৰা আৰু সুস্থ হৈ থকাটো কঠিন, সময় খৰচী আৰু শ্ৰমসাধ্য বুলি থকা ভুল ধাৰণাক প্ৰত্যাহ্বান জনোৱা।
ফিটনেছ ফেষ্টিভেল সম্পৰ্কে মতামত আগবঢ়াই যোগ ঋষি বাবা ৰামদেৱে কয়, “এটা মুদ্ৰাৰ দুটা পিঠি থকাৰ দৰে আপোনাৰ স্বাস্থ্যৰো আছে, দেহ আৰু মন, আপোনাৰ সম্পূৰ্ণ সুস্থতাৰ বাবে দুয়োটা দিশতেই মনোনিৱেশ কৰিব লাগিব। যোগ আৰু আয়ুৰ্বেদে উভয়ৰে যত্ন লয় আৰু মিছন ফিট ইণ্ডিয়াই সকলোকে জনাব সেয়া কেনেকৈ সম্ভৱ। সুঠাম হৈ থকাৰ বাবে এটা কুণ্ডত কটা শৰীৰৰ প্ৰয়োজন নাই, যদিহে এটা সুস্থ মনে ইয়াক গ্ৰহণ নকৰে তেন্তে সকলো বিফল। মিছন ফিট ইণ্ডিয়া সামগ্ৰিকভাৱে সুস্থতাৰ সৈতে জড়িত, সেই বাবেই মই ইয়াৰ সৈতে সহজতে জড়িত হ’ব পাৰিছোঁ আৰু ভাৰতক সুস্থ কৰি ৰখা আৰু সুস্থতাৰ প্ৰকৃত কথাবোৰক লৈ সজাগতা সৃষ্টি কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ সাধাৰণ উদ্দেশ্যৰ সৈতে অংশ হ’বলৈ পাই মই আনন্দিত।”
১২০ দিন জুৰি চলিবলগীয়া চাৰিটা পৰ্যায় হৈছে, ‘ফিট বেছিক’, ‘সুনীল কি সেনা’,‘ফিটনেছ ৱাৰছ’ আৰু ‘ফাইনেল’। প্ৰতিটো পৰ্যায়তে জনতাই মুখামুখি হোৱা এটা বিশেষ প্ৰত্যাহ্বান সমাধান কৰা হ’ব সুস্থ হৈ থাকিব পৰাকৈ।
‘ফিট বেছিক’ত সমাধান কৰা হ’ব মানুহে মুখামুখি হোৱা কল্পনাপ্ৰসূত কথা আৰু অচিলাসমূহৰ। এই পৰ্যায়ত, শ্ৰোতাই সুনীল ছেট্টীৰ সৈতে কথা পাতিব পাৰিব, আৰু তেওঁ শ্ৰোতাক ব্যক্তিগতভাৱে সুস্থতাৰ পৰামৰ্শ আগবঢ়াব। দ্বিতীয় পৰ্যায় ‘সুনীল কি সেনা’ত থাকিব সুস্থতাৰ বিভিন্ন বিভাগৰ ২১জনকৈ বিশেষজ্ঞ, য’ত বিভিন্নজনৰ সৈতে আছে বৃন্দা মেহতা (চেলিব্ৰেটী ফিটনেছ ট্ৰেইনাৰ), কাঞ্চন কয়া (স্পাইচ স্পাইচ বেবীৰ স্ৰষ্টা) আৰু বিবেক ৰত্নানী (চেলিব্ৰেটী চেফ), তেওঁলোকে শ্ৰোতাক উপদেশ প্ৰদান কৰিব সুস্থতা, সাধাৰণ অনুশীলন, মানসিক স্বাস্থ্য, শৰীৰ পৰিৱৰ্তন, সুস্থতা আৰু সুষম আহাৰ সম্পৰ্কে।
মিছন ফিট ইণ্ডিয়া সম্পৰ্কে মন্তব্য আগবঢ়াই সুনীল ছেট্টীয়ে কয়, “সুস্থতা এনে এটা খণ্ড য’ত আমাৰ দেশখনে এতিয়াও সমন্বিত প্ৰচেষ্টা আগবঢ়োৱাৰ প্ৰয়োজন আছে। যি সময়ত এই প্ৰজন্মই সুস্থ হৈ থাকিবলৈ সকলো সময়তে উদ্বিগ্ন, সঠিক পৰামৰ্শ লাভ নকৰা আৰু কল্পনাপ্ৰসূত কাহিনী আৰু ভ্ৰান্ত ধাৰণাই জনতাক সঠিক দিশত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰে। এই জাগৰণৰ উদ্দেশ্য হৈছে দেশৰ প্ৰতিজন নাগৰিকৰ বাবে সুস্থতাক সৰলীকৰণ কৰি তোলা।”
এই অভিযানৰ তৃতীয় পৰ্যায়টোত দেখা যাব ৪৩খন মহানগৰীৰ ফিভাৰ এফএম আৰু মাই এফএমৰ আৰজেসকলে সুস্থতম হোৱাৰ প্ৰত্যাহ্বানত নামিব। প্ৰতিগৰাকী আৰজেই সংশ্লিষ্ট মহানগৰখনৰপৰা একোজনকৈ শ্ৰোতা নিৰ্বাচন কৰিব যিয়ে তেওঁলোকৰ সৈতে প্ৰত্যাহ্বান গ্ৰহণ কৰিব। পৰৱৰ্তী সপ্তাহবোৰত এই দলবোৰে সুনীল ছেট্টী আৰু তেওঁৰ ‘সেনা’ৰ ফিটনেছ আৰু ৱেলনেছ পৰিকল্পনা অতি সাৱধানে পালন কৰিব।
মিছন ফিট ইণ্ডিয়া সম্পৰ্কে মতামত আগবঢ়াই, হৰ্ষ জৈন, মুখ্য কাৰ্যবাহী বিষয়া, ৰেডিঅ’ এণ্ড এণ্টাৰটেইনমেণ্ট, এইচটি মিডিয়া লিমিটেড-এ কয়, “ফিভাৰ এফএমে সদায়ে শ্ৰোতাৰ ওপৰত গুৰুত্ব দি আহিছে আৰু তেওঁলোকলৈ নিবেদন কৰি আহিছে এনে বিষয়, যাৰ সৈতে আছে এক গভীৰ সম্পৰ্ক। সুস্থ হৈ থকাৰ বাবে যাৰ সময় আছে আৰু চেষ্টা কৰে, তেওঁৰ বাবে জ্ঞানৰ আৰু অনুষ্ঠানৰ কোনো অভাৱ নাই। অৱশ্যে যিসকলৰ হাতত সময়ত তাকৰ আৰু অত্যন্ত ব্যস্ততাৰ মাজত থাকে তেওঁলোকৰ বাবে অনুষ্ঠানৰ অভাৱ। ফিভাৰ এফএম, এফটিচি আৰু মাই এফএমৰ মিছন ফিট ইণ্ডিয়া হৈষে এক স্বাস্থ্য আৰু সুস্থতাৰ জাগৰণ বিভিন্ন দায়িত্বৰে ব্যস্ত সেইসকল ব্যক্তিলৈ- গৃহিনী, কৰ্মব্যস্ত মহিলা আৰু কৰ্পোৰেট কৰ্মীলৈ। আৰু যিসকলে সৰ্বোচ্চ ফিটনেছ নিবিচাৰে, সহজ আৰু সৰলতাৰে সুস্থ হৈ থাকিব খোজে তেওঁলোকৰ বিশেষ স্থান কিচ্ছেন, ঘৰ অথবা কাৰ্যালয়ত। আমি নিশ্চিত যে, ই হৈছে ৰেডিঅ’ৰ ইতিহাসত আটাইতকৈ ডাঙৰ সুস্থতাৰ উদ্যোগ। ফিভাৰ এফএম ৰেডিঅ’ৰ ক্ষেত্ৰত বিভিন্ন খণ্ডত প্ৰথম হিচাপে নেতৃত্ব বহন কৰি গৌৰৱান্বিত- সংগীতৰ ক্ষেত্ৰত উদ্ভাৱনী, ৰেডিঅ’ নাট, বিষয়বস্তুত নতুন জনাৰ, ৰেডিঅ’ৰ বাস্তৱতা, প্ৰথম অন-এয়াৰ বিবাহ, আৰু এইবাৰ সবাতোকৈ ডাঙৰ ‘স্বাস্থ্য আৰু সুস্থতাৰ জাগৰণ।”


মিছন ফিট ইণ্ডিয়াৰ চূড়ান্ত পৰ্যায়, আটাইতকৈ ভাল প্ৰদৰ্শন কৰা আৰজেসকল আৰু তেওঁলোকৰ সংগীয়ে উত্তৰাখণ্ড ভ্ৰমণ কৰিব এক কেন্দ্ৰীভুত পৰিৱৰ্তনৰ প্ৰত্যাহ্বানৰ বাবে য’ত তেওঁলোকে যুঁজ দিব নিজকে সবাতোকৈ সুস্থ বুলি প্ৰমাণিত কৰিবলৈ।
মিছন ফিটন ইণ্ডিয়া দৈনিক পৰিৱেশন কৰা হ’ব ১৩খন ফিভাৰ এফএম মহানগৰী আৰু ৩০খন মাই এফএম মহানগৰীত। আনহাতে এই অভিযান অধিক প্ৰসাৰিত কৰা হ’ব ডিজিটেল মাধ্যম আৰু জিঅ’ চিনেমা, জিঅ’ মিউজিক, ছাৱান আৰু টাটা স্কাইৰ সৈতে কৌশলগত সহযোগিতাৰে, য’ত থাকিব অদ্বিতীয় ভিডিঅ’ আৰু অডিঅ’। এই অভিযানৰ প্ৰচাৰ দেশজুৰি চলোৱা হ’ৰ ছপা মাধ্যমৰ জড়িয়তে আৰু বিভিন্ন স্থানত কাৰ্যাৱলীয়ে সহায় কৰিব, আৰু এই অভিযানে দেশৰ ২২০ নিযুত লোকক সামৰি ল’ব।
মিছন ফিট ইণ্ডিয়া অভিযানৰ বিষয়ে উল্লেখ কৰি, মাই এফএমৰ বিজিনেছ হেডৰাহুল জে নামজোশীয়ে কয়, “মিছন ফিট ইণ্ডিয়া আগবঢ়াবলৈ পাই আমি উল্লাসিত হৈছোঁ। ই এনে এক উদ্যোগ যিয়ে দেশত সুস্থতাৰ বিষয়ে ধাৰণা সলনি কৰি দিব পাৰে। সুস্থতা আমাৰ দৈনন্দিন জীৱনৰ বাবে অপৰিহাৰ্য অংশ কিন্তু দৈনিক ৰুটিন আৰু ব্যস্ততাপূৰ্ণ কাৰ্যৰ বাবে পিছত পৰি ৰয়। মাই এফএম হৈছে টায়াৰ ২ আৰু ৩ মহানগৰীৰ আটাইতকৈ ডাঙৰ ৰেডিঅ’ নেটৱৰ্ক আৰু আমাৰ বিশালতাই আমাৰ শ্ৰোতাৰ কাষলৈ লৈ যোৱাৰ ক্ষেত্ৰত ই হৈছে যথাযথ মঞ্চ। আমি আশাবাদী যে ই এক বিশাল সফলতা লাভ কৰিব আৰু দেশলৈ এক ধনাত্মক পৰিৱৰ্তন লৈ অনাত ই সহায় কৰিব।”
মিছন ফিট ইণ্ডিয়া সম্পৰ্কে উল্লেখ কৰি জিঅ’ৰ মুখপাত্ৰই কয়, “বৰ্তমানৰ দ্ৰুততম পৃথিৱীত সুস্থতা অত্যন্ত প্ৰয়োজনীয়। মনটো সুস্থ হৈ থাকিবলৈ হ’লে শৰীৰটোও সুস্থ হৈ থাকিব লাগিব, সেয়াই আমাৰ মন্ত্ৰ।
যি সময়ত আমি ১৯৬+ নিযুত জিঅ’ৰ ব্যৱহাৰকাৰীক মূল্য প্ৰদান কৰিবলৈ চেষ্টা কৰি আহিছোঁ, সেই সময়ত মিছন ফিট ইণ্ডিয়াৰ সৈতে এই বিশেষ অংশীদাৰিত্বই আমাৰ সকলো জিঅ’ ব্যৱহাৰকাৰীক সৰ্বোত্তম মানৰ ফিটনেছ সমল প্ৰদান কৰিব জিঅ’ ছাৱান আৰু জিঅ’ চিনেমাৰ মাধ্যমেৰে, যি এক স্বাস্থ্যৱান জীৱনৰ বাবে আগুৱাই নিব।”
জিঅ’ত, আমিও আমাৰ কৰ্মীসকলক সুস্থতাৰ ওপৰত গুৰুত্ব দিবলৈ আৰু খেল খেলিবলৈ পৰামৰ্শ দিওঁ। আমি আমাৰ চৌহদত অত্যাধুনিক খেলৰ সুবিধা প্ৰস্তুত কৰিছোঁ আমাৰ কৰ্মীসকলক অনুপ্ৰাণিত কৰিবলৈ।
চেলিব্ৰেটীসকল, ইনফ্লুৱেন্সাৰসকল, আৰজেসকল আৰু অগ্ৰণী ফিটনেছ তথা ৱেলনেছ এক্সপাৰ্টসকলে মিছন ফিট ইণ্ডিয়াক নেতৃত্ব দিব, যাৰ উদ্দেশ্য হৈছে ‘ভাৰতক স্বাস্থ্যকৰ কৰি তোলা’। এই অনুষ্ঠানৰ শক্তি আৰু প্ৰসাৰতাই নিশ্চিত কৰিব যে ই বহুদূৰ আগুৱাই যাব আৰু দেশজুৰি এক পৰিৱৰ্তন সম্ভৱ কৰি তুলিব।

No comments:

Post a Comment

SPONSORED