ৰাজ্যজুৰি বিশ্ব পৰিবেশ দিৱস পালন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

June 6, 2018

ৰাজ্যজুৰি বিশ্ব পৰিবেশ দিৱস পালন


ডিগবৈৰ পানবাৰীত ৰাজ্যিক পর্যায়ৰ বিশ্ব পৰিৱেশ দিৱস : আধাৰশিলা স্থাপন
প্ৰকৃতিৰ প্রতি এই শতিকাৰ আটাইতকৈ বৃহৎ প্রত্যাহ্বান হৈছে প্লাষ্টিক : মুখ্যমন্ত্রী

ডিগবৈ : “আমি প্রকৃতিক বৰ্তাই ৰাখিব পাৰিলেহে এই ধৰাত মানুহ বৰ্তি থকাটো সম্ভৱ হ'ব। আমাৰ ৰাজ্যখনৰ মুল ভূখণ্ডৰ ৩৫ শতাংশ বনাঞ্চলে আৱৰি আছে। বিগত বছৰ সমূহত ব্যাপক হাৰত বনাঞ্চল ধ্বংস কৰা হ’ল। বনাঞ্চল সংৰক্ষণ আৰু ইয়াৰ সম্প্ৰসাৰণৰ বাবে চৰকাৰ আৰু জনসাধাৰণে মিলিত প্রচেষ্টাৰে দৃঢ়তাৰে কাম কৰিব লাগিব। ৰাজ্য চৰকাৰে বনাঞ্চলৰ পৰিসৰ বৃদ্ধি কৰিবলৈ ইতিমধ্যে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে৷ ৫ মে’ত মুখ্যমন্ত্রী চিগনেচাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন তথা বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ডিগবৈৰ পানবাৰীত আয়ােজিত ৰাজ্যিক পর্যায়ৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাষণ প্রদান কৰি মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে এইদৰে কয়।
মুখ্যমন্ত্রী সােণােৱালে কয় যে ডিগবৈ হ’ল প্রাকৃতিক সৌন্দর্যৰে ভৰপূৰ এক সুশােভিত স্থান। দেশবিদেশৰ পর্যটক সকল ডিগবৈলৈ আহি ইয়াৰ প্ৰাকৃতিক শােভা প্রত্যক্ষ কৰি আপ্লুত হয়। শ্বিলঙৰ দৰে অতিকে মনােমােহা ডিগবৈৰ এই প্রাকৃতিক শােভা বৰ্তাই ৰাখিবলৈ সমাজৰ সকলাে শ্ৰেণীৰ জনসাধাৰণে অহােপুৰুষাৰ্থ কৰিব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। গুৰুজনাৰ এক বৃক্ষ দশ পুত্র সম’ কথাষাৰিৰ উদ্ধৃতি দাঙি ধৰি মুখ্যমন্ত্ৰীয়ে কয় যে মহাপুৰুষ গৰাকীয়ে দেখুৱাই যােৱা আদৰ্শৰে ৰাজ্যখনৰ সেউজ আবৰণ বৃদ্ধিত আমি সকলােৱে গুৰুত্ব আৰােপ কৰিব লাগিব।


বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ডিগবৈৰ বগাপানীস্থিত আর্ব’ ৰেটাম (উদ্ভিদ উদ্যান) চৌহদত বৃক্ষ ৰােপন কাৰ্যসূচীত অংশ লয়।বৃক্ষ ৰােপন কাৰ্যসূচী উপলক্ষে আয়ােজিত সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে প্লাষ্টিক হৈছে এই শতিকাৰ প্ৰকৃতিৰ প্রতি সকলােতকৈ বৃহৎ প্রত্যাহ্বান। এই প্রত্যাহ্বান মােকাবিলা কৰিবলৈ হ'লে ইয়াৰ ভয়াবহতা সম্পৰ্কত আমি সম্পূর্ণ সজাগ হৈ মিলিত প্রয়াস চলাব লাগিব। মুখ্যমন্ত্ৰীয়ে কয় প্লাষ্টিক যিহেতু বহু বছৰলৈ মাটিৰ লগত মিলি নাযায়, সেই বাবে প্লাষ্টিকে মাটিৰ উৰ্বৰতা শক্তি হ্রাস কৰে। ইয়াৰ ফলত প্রাকৃতিক সমস্যাকে ধৰি অর্থনৈতিক ব্যৱস্থাটোৰ ওপৰটো কুপ্ৰভাৱ পৰে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। সেইবাবে আমি সকলােৱে প্লাষ্টিকৰ ব্যৱহাৰ পৰিহাৰ কৰিব লাগিব। ইয়াৰ বাবে ব্যাপক জনসচেতনতা সৃষ্টিৰ ওপৰত মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰােপ কৰে।
‘প্লষ্টিক প্ৰদূষণ পৰাভূত কৰক’শীর্ষক এই বছৰৰ বিশ্ব পৰিৱেশ দিৱসৰ মূল মন্ত্রৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে নৱ প্ৰজন্মক প্লাষ্টিক প্ৰদূষণৰ ভয়াবহতাৰ প্রতি অধিক সচেতন কৰিব লাগিব বুলি কয়। ভাষণ প্রসংগত মুখ্যমন্ত্ৰীয়ে বৰপেটা জিলাৰ পাঠশালাৰ বেলনা গাঁৱৰ আনন্দ খাটনিয়াৰৰ কথা উল্লেখ কৰি কয় যে এই গৰাকী প্রকৃতি প্রেমীয়ে প্লাষ্টিক মুক্ত তথা প্ৰদূষণ মুক্ত গাঁও গঢ়ি তােলাৰ দিশত দৃঢ়তাৰে কাম কৰি আহিছে আৰু এই ক্ষেত্ৰত একক প্রচেষ্টাৰে সফলতাও আহৰণ কৰিছে। এই গৰাকী প্রকৃতি প্রেমীৰ আদৰ্শৰে উদ্বুদ্ধ হৈ আমি সকলােৱে প্লাষ্টিক বর্জন কৰাৰ বিষয়টোৰ ওপৰত সর্বাধিক গুৰুত্ব আৰােপ কৰিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰীয়ে এই বছৰৰ বিশ্ব পৰিৱেশ দিৱসৰ মূল মন্ত্র সাৰােগত কৰি এই দিশত বাস্তৱ সন্মত পদক্ষেপ তথা কার্য ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে সকলােকে আহ্বান জনায়। বিশ্ব পৰিৱশে দিৱসৰ দুয়ােটা অনুষ্ঠানতে বন মন্ত্রী পৰিমল শুক্লবৈদ্য, সাংসদৰামেশ্বৰ তেলী, বিধায়ক ক্রমে সুৰেন ফুকন আৰু বলীন চেতিয়া, ৰাজ্যিক পর্যায়ৰ ছাত্ৰ আৰু যুৱ কল্যাণ উপদেষ্টা সমিতিৰ সদস্যসচিব লক্ষ্য কোঁৱৰ, প্রধান মুখ্য বন সংৰক্ষক এন কে বাসু, তিনিচুকীয়াৰ জিলাৰ উপায়ুক্তকে ধৰি বহু সংখ্যক গণ্যমান্য ব্যক্তিয়ে অংশ গ্রহণ কৰে।


বৰপেটা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস পালন : ১১৭৮নংদামােৰাবােৱা প্রাথমিক বিদ্যালয়ৰ মুখ্য তােৰণ উদ্বোধন জিলা উপায়ুক্তৰ

বৰপেটা : বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ৫মে’ৰ ৰাতিপুৱা ১০ বজাত বৰপেটা জনস্বাস্থ্য কাৰিকৰী সংমণ্ডল কার্যালয়ৰ চৌহদত গছপুলি ৰােপন আৰু চাফাই অভিযান অনুষ্ঠিত হয়। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা উৎপলানন্দ দাসে গছপুলি ৰােপণেৰে কাৰ্যসূচী শুভাৰম্ভ কৰে। কাৰ্যবাহী অভিযন্তা গৰাকীয়ে গছপুলি ৰােপন কাৰ্যসূচীত অংশ লােৱা বিভাগটোৰ বিষয়া কৰ্মচাৰী আৰু ঠিকাদাৰসকলক এজোপাকৈ গছপুলি নিজৰ বাসগৃহৰ চৌহদত ৰােপন কৰাৰাে আহ্বান জনায়।
গছপুলি ৰােপন আৰু চাফাই অভিযানত উপ-সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা ঘনশ্যাম কলিতা, সহকাৰী কাৰ্যবাহী অভিযন্তা (টিচি) প্রাঞ্জল পাঠক, সংমণ্ডলটোৰ মুখ্য সহায়ক দ্বিজেন্দ্র নাথ দাস, জ্যেষ্ঠ সাংবাদিক দ্বিজেন দাসৰ উপৰিও বিষয়াকর্মচাৰী আৰুঠিকাদাৰসকলে অংশগ্রহণ কৰে। ইপিনে বৰপেটা জিলাৰ অন্তৰ্গত ১১৭৮নং দামােৰাবােৱা প্রাথমিক বিদ্যালয়খনৰ নৱনির্মিত মুখ্য তােৰণখন উদ্বোধন কৰি বৰপেটা জিলা উপায়ুক্ত থানেশ্বৰ মালাকাৰে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত মত বিনিময় কৰাৰ লগতে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক একোটাকৈ গছপুলি প্রদান কৰে। বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ৰাতিপুৱাৰে পৰা চেঙা সমষ্টিৰ অন্তৰ্গত নগাঁও শিক্ষা মন্দিৰ হাইস্কুলত চিত্রাংকণ, শ্ল'গান আৰু ৰচনা প্রতিযােগিতা অনুষ্ঠিত হয়।
একেদৰে সৰ্বশিক্ষা অভিযান মিচন, বৰপেটাৰ উদ্যোগত আৰু জিলা প্রশাসনৰ চি ইইনর্থ ইষ্ট, সুভম, মণিকাঞ্চন আৰু সামাজিক বনানীকৰণৰ সহযােগত বিশ্ব পৰিৱেশ দিৱস অনুষ্ঠিত হয়। বিশ্ব পৰিৱেশ দিৱস বঁটা’ সাহিত্যিক, সাংবাদিক, চিত্ৰ পৰিচালক-প্রকৃতিপ্রেমী গনেশ দাসৰ নামত প্রতিবছৰে সর্বশিক্ষা অভিযান মিচনৰ তৰফৰ পৰা প্ৰদান কৰা হব বুলি উক্ত অনুষ্ঠানতে জিলা আঁচনি বিষয়া নিৰঞ্জন ওজাই সদৰী কৰে।


মাণিকপুৰ আৰু সৰভোগৰ আৰক্ষী থানাতো বিশ্ব পৰিৱেশ দিৱস পালন

মাণিকপুৰ : প্রদূষণ নির্মুল তথা সুস্থ বাতাবৰণৰ বাবে ভাৰত চৰকাৰে নানাধৰণৰ আঁচনি প্রৱর্তন কৰিছে। তেনে এক মূহুৰ্তত প্ৰকৃতিক সেউজীয়া আৰু প্ৰদূষণ মুক্ত কৰাৰ উদ্দেশ্যেৰে সমগ্ৰ বিশ্বৰ লগতে বঙাইগাঁও জিলাৰ গ্ৰীন ভেলী ফাৰ্মাচ ক্লাৱ(এন জি অ’) নামৰ স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত সৃজনগ্ৰাম শিক্ষা খণ্ড আৰু মাণিকপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত বিদ্যালয়সমূহৰ চৌহদত বিভিন্ন ধৰণৰ গছ পুলি ৰূপন আৰু বিতৰণৰ লগতে মাণিকপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত ৩৫২ নং কাহিবাৰী প্ৰাথমিক বিদ্যালয়ৰ লগতে কাহিবাৰী অঞ্চলৰ মহিলাসকলেও পাঁচ শতাধিক গছপুলি ৰোপন কৰি বিশ্ব পৰিবেশ দিবস পালন কৰে।
আনহাতে বৰপেটা জিলাৰ সৰভোগ আৰক্ষী থানাত আৰক্ষীয়ে বিশ্ব পৰিবেশৰ লগত সংগতি ৰাখি থানা এলেকাৰ লগতে বজাৰত বৃক্ষ ৰোপন কৰে। আৰক্ষী বিষয়াজনে গছ ৰোপন বা গছ থাকিলেহে পৰিৱেশ সংৰক্ষণ হ’ব বুলি কয়। সেয়ে গছপুলি ৰোপন কৰিবলৈ আহ্বান জনায়।


কোকৰাঝাৰত বিশ্ব পৰিবেশ দিৱস উদযাপন : প্লাষ্টিক মুক্ত কোকৰাঝাৰ গঢ়াৰ সংকল্প

কোকৰাঝাৰ : সমগ্ৰ ৰাজ্যৰ লগতে বি টি চিৰ প্ৰান কেন্দ্ৰ কোকৰাঝাৰতো উদযাপন কৰা হয় বিশ্ব পৰিবেশ দিৱস৷পুৱাৰ পৰাই দিন জোৰা গছপুলি ৰোপণ কৰাত লাগিল সকলোৱে। বহি নাথাকিল আৰক্ষীও। পুৱাৰ ভাগত প্ৰথমে কোকৰাঝাৰ জিলা বড়োলেণ্ড ছাত্ৰ সন্থা চমুকৈ বি এছ ইও আৰু জিলা যুৱক বি পি এফৰ যৌথ উদ্যোগত কোকৰাঝাৰ চহৰৰ নতুন উৰণীয়া সেঁতুৰ পথত বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি গছপুলি ৰোপন কৰা হয়।
ৰেইন ট্ৰি ( বৰষুণ গছ) নামৰ গজপুলি ৰোপন কৰে বি টি চিৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰীয়ে।পৰৱৰ্তীত কোকৰাঝাৰ পৌৰ নিগম আৰু ছানজৌৰাং বেচৰকাৰী সংস্থাৰ যৌথ উদ্যোগত কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয় সন্মুখৰ পৰা আৰ এন বি পথত চহৰখন প্লাষ্টিক মুক্ত কৰাৰ সংকল্প লৈ সজাগতামুলক সমদল উলিয়াই বিভিন্ন প্ৰজাতিৰ গছপুলি ৰোপণ কৰে।
কোকৰাঝাৰ জিলা উপায়ুক্ত নিৰঞ্জন বৰুৱাই সমদলৰ পতাকা জোকাৰি আৰম্ভ দিয়াৰ পিছত গছপুলি ৰোপন কৰি কোকৰাঝাৰ চহৰখন প্লাষ্টিক মুক্ত কৰা বাবে কোকৰাঝাৰ পৌৰ নিগমে লোৱা সংকল্প সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।
এইফালে কোকৰাঝাৰ পৌৰ নিগৰ অধ্যক্ষ বিষ্ণু নাৰ্জাৰীয়ে চহৰখন পৰিষ্কাৰ পৰিচন্নতা ৰাখিবলৈ প্লাষ্টিক ব্যৱহাৰ কৰা পৰা বিৰত থাকিবলৈ আহ্বান জনোৱা লগতে প্ৰদূষণ মুক্ত কৰিবলৈ গছ ফুলি ৰোপন কৰিবলৈ আহ্বান কৰে।
আনহাতে কোকৰাঝাৰ আৰক্ষীও বহি নাথাকিল। পুৱাৰ পৰাই কোকৰাঝাৰ টাউন ডাৰোগা লাটুক দাসৰ নেতৃত্বত গৌৰাং নৈৰ পাৰত শতাধিক গছপুলি ৰোপন কৰে। আৰক্ষী বিষয়াই সংবাদ মাধ্যমৰ যোগেদি আহ্বান জনায় যে আমি সকলোৱে গছ থাকিলেহে জীয়াই থাকিব পাৰিম। গতিকে প্ৰচুৰ গৰমৰ পৰা ৰক্ষা পাবলৈ, প্ৰদূষণ মুক্ত কৰিবলৈ তথা সেউজীয়া কোকৰাঝাৰ গঢ়ি তুলিবলৈ সকলোৱে গছ জোপা ৰোপন কৰা অতি প্ৰয়োজন লগতে গছপুলিসমূহৰ যত্ন লোৱাটো প্ৰয়োজন আছে বুলি কয়।


কুমাৰীকাটাত বিশ্ব পৰিবেশ দিৱস পালন : গছপুলি ৰোপন আৰু বিতৰণ

তামুলপুৰ : বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি জনসাধাৰণৰ মাজত গছপুলি বিতৰণৰ লগতে ৰক্ষণাবেক্ষণ তথা সুস্থিৰ কৰাৰ উদ্দেশ্যে "বিশ্ব পৰিবেশ দিৱস" পালন আৰু বিভিন্ন ঠাইত গছপুলি ৰোপণ কাৰ্য্যসূচী ৰূপায়ন কৰা হয়। তামুলপুৰ মহকুমাৰ ভাৰত ভূটান সীমান্তৰ মেনকা চাহ বাগিচাৰ নামনিৰ কালানদীৰ পাৰত কুমাৰীকাটা বনাঞ্চলিক বিভাগ আৰু এন কে আঙাৰকাটা ডোং বান্ধ আঞ্চলিক সমিতিৰ উদ্যোগতো বিশ্ব পৰিবেশ দিৱস পালন কৰা হয়।
কুমাৰীকাটা বনাঞ্চলিক বিভাগৰ কৰ্মীসকলে ডোং বান্ধ সমিতিৰ সদস্যসকলক এজোপাকৈ বৃক্ষ প্ৰদান কৰি ভবিষ্যতে প্ৰতি জোপা গছৰ প্ৰতিপালন কৰিবলৈ অনুৰোধ জনায় বন পালক বীৰেন্দ্ৰ নাথ বড়োৱে। প্ৰায় তিনি হাজাৰতকৈ অধিক বিভিন্ন প্ৰজাতিৰ গছপুলি ৰোপন কৰাৰ লগতে লোৰ জালিৰ বেৰ দিয়াৰো ব্যৱস্থা কৰে।
এই অনুষ্ঠানত বন ৰক্ষক বীৰেণ ৰাভা, বলোসিং লাহৰী, সহযোগী অজিত দাস আৰু প্ৰফুল্ল ৰাজবংশীৰ উপৰি এন কে আঙাৰকাটা কালানদী আঞ্চলিক বান্ধ-ডোং কমিটিৰ সভাপতি কেশৱ চেত্ৰী, উপ-সভাপতি আবুবক্কৰ চিদ্দিক সাধাৰণ সম্পাদক মহেন্দ্ৰ উপাধ্যায়, সহকাৰী সম্পাদক ভগৱান দাসৰ লগতে আঞ্চলিক সমিতি খনৰ অন্তৰ্গত এঘাৰ খন শাখা সমিতিৰ সভাপতি, সম্পাদক, পৰ্যবেক্ষকসকলৰ উপৰি সমিতিসমুহৰ যথেষ্ঠ সংখ্যক সদস্য ৰাইজ উপস্থিত থাকি গছপুলি ৰোপন কৰে।


No comments:

Post a Comment

SPONSORED