বহৰিৰ ভিন্ন শিক্ষানুষ্ঠান বিশ্ব পৰিৱেশ দিৱস পালন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

June 6, 2018

বহৰিৰ ভিন্ন শিক্ষানুষ্ঠান বিশ্ব পৰিৱেশ দিৱস পালন


এম কে কলেজ, এৰোমা ইংলিছ স্কুলত বিশ্ব পৰিবেশ দিৱস পালন

বহৰি : বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি আজি বহৰিৰ সমীপৰ মধ্য কামৰূপ মহাবিদ্যালয় আৰু বহৰিস্থিত এৰোমা ইংলিছ স্কুলত দিনযোৰা কাৰ্যসূচীৰে পৰিবেশ দিৱস পালন কৰে। মধ্য কামৰূপ মহাবিদ্যালয়ত চেঙাৰ বেচৰকাৰী সংস্থা 'সেৱা' উপদেষ্টা তথা অসম শক্তি বিতৰণ কোম্পানীৰ অৱসৰপ্ৰাপ্ত মহাপ্ৰবন্ধক গিৰিজা দেৱশৰ্মাই গছপুলি ৰোপণ কৰি কাৰ্যসূচী মুকলি কৰি দিয়া ভাষণত প্ৰদূষণ নিয়ন্ত্ৰণৰ অন্যতম গছপুলি ৰোপনৰ বাবে ৰাইজক আহ্বান জনায়। মহাবিদ্যালয়খনৰ অধ্যক্ষ হৰেন্দ্ৰ নাথ তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত এৰোমা ইংলিছ স্কুলৰ সভাপতি ফৰহাদ ভূঞা, অধ্যক্ষ গুৰুমায়ম বিনোতা শৰ্মা সহিতে বিদ্যালয়খনৰ কণ কণ ছাত্র-ছাত্ৰীয়েও অংশ গ্ৰহন কৰে। সভাখনত 'সেৱা'ৰ লগতে চেঙাৰ আন এটি বেচৰকাৰী সংস্থা 'চেঙা মুছলমানপাৰা উদীয়মান যুৱক সংঘ'ও সহযোগ কৰে। অধ্যাপক বানেশ্বৰ বেজবৰুৱাই উদ্দেশ্য বাখ্যা কৰা সভাখনত মহাবিদ্যালয়খনৰ অধ্যাপক ড°গোপেশ শৰ্মা, ড°জোনালী পাটোৱাৰী, জুনু কলিতা, ভৈৰব দাস এৰোমা স্কুলৰ অধ্যক্ষ বিনোতা শৰ্মা আৰু সেৱাৰ উদ্যোক্তা বসন্ত ঠাকুৰীয়াই পৰিবেশ সম্পৰ্কীয় বিভিন্ন দিশ আলোচনা কৰে।

এৰোমা স্কুলৰ কণ কণ ছাত্র-ছাত্ৰীয়ে পুৱা বিদ্যালয় চৌহদত বৃক্ষ ৰোপণ কৰাৰ পিছত বহৰিস্থিত তাৰাবাৰী থানা, এম কে কলেজ, বহৰি বজাৰৰ বিভিন্ন স্থানত গছপুলি ৰোপণ কৰে। ইয়াৰ পূৰ্বে পৰিবেশ দিৱস উপলক্ষে বিদ্যালয়ত অনুষ্ঠিত সভাখনত বিদ্যালয়ৰ অধ্যক্ষ বিনোতা শৰ্মা, উপাধ্যক্ষ আলেক্সিয়াৰ কুজুৰে ছাত্ৰ-ছাত্ৰীসকলক পৰিবেশ আৰু প্ৰদূষণ সম্পৰ্কত ব্যাখ্যা কৰি গছপুলি ৰোপনৰ লগতে প্লাষ্টিকৰ ব্যৱহাৰ নকৰিবলৈ পৰামৰ্শ দিয়ে।


No comments:

Post a Comment

SPONSORED