ফিনলেণ্ডত বিশ্ব জুনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপ : ভাৰতীয় দলক নেতৃত্ব দিব অসমৰ হিমাই - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, July 07, 2018

ফিনলেণ্ডত বিশ্ব জুনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপ : ভাৰতীয় দলক নেতৃত্ব দিব অসমৰ হিমাই

গুৱাহাটী : সমাগত বিশ্ব জুনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতৰ ৩১জনীয়া দলটোক নেতৃত্ব দিব অসম কন্যা হিমা দাসে। ফিনলেণ্ডত অহা ১০ জুলাইৰ পৰা আৰম্ভ হ'বলগীয়া ২০ বছৰ অনুর্ধ্ব আন্তঃৰাষ্ট্রীয় প্রতিযােগিতাখনত হিমা হ’ব ভাৰতৰ অন্যতম পদক প্রত্যাশী।
মন কৰিবলগীয়া যে বিগত বৰ্ষৰ ফেব্ৰুৱাৰীত ১৯ বছৰ অনুর্ধ্ব ৰাষ্ট্ৰীয় এথলেটিকছ চেম্পিয়নশ্বিপত দ্বি-মুকুট অর্জন কৰি প্ৰথমবাৰলৈ ৰাষ্ট্ৰীয় প্রেক্ষাপটত চর্চা লাভ কৰা ১৮ বর্ষীয় এথলীট গৰাকীয়ে শেহতীয়াকৈ গুৱাহাটীত অনুষ্ঠিত ছিনিয়ৰ এথলেটিকছু চেম্পিয়নশ্বিপ ২০০ আৰু ৪০০ মিটাৰ দৌৰত অভিলেখ স্থাপনেৰে স্বর্ণ জয় কৰিবলৈ সক্ষম হৈছিল। বিগত কমনৱেলথ গেমছতাে চমকপ্রদ প্রদর্শনেৰে তেওঁ যষ্ঠ স্থান অধিকাৰ কৰিছিল।

No comments:

Post a Comment

SPONSORED