হাইলাকান্দি : এ আই ইউ ডি এফৰ বিধায়ক নিজামউদ্দিন চৌধুৰীৰ বিৰুদ্ধে উত্থাপন হৈছে ধৰ্ষণৰ অভিযােগ। বৰাক উপত্যকাৰ আলগাপুৰ সমষ্টিৰ বিধায়কগৰাকীয়ে হাইলাকান্দিৰ আৱর্ত ভৱনত এই জঘন্য ঘটনা সংঘটিত কৰাৰ আলগাপুৰৰ এইউডিএফ বিধায়কৰ অভিযােগ তুলি শুকুৰবাৰে হাইলাকান্দি থানাত গােচৰ তৰিছে এগৰাকী মহিলাই। মহিলাগৰাকীয়ে এজাহাৰত উল্লেখ কৰে যে আলগাপুৰৰ বিধায়ক নিজামউদ্দিন চৌধুৰীয়ে যােৱা ১৯ মে’ত তেওঁক হাইলাকান্দিৰ আৱর্ত ভৱনত উপর্যুপৰি ধর্ষণ কৰে।
লক্ষণীয়ভাৱে এই বর্বৰ ঘটনাত বিধায়কজনক সহযােগ কৰিছিল খােদ মহিলাগৰাকীৰ স্বামীয়ে। তাৰ পাছতাে আন কেইবাবাৰাে বিধায়ক নিজামউদ্দিন চৌধুৰীয়ে বলপূর্বক মহিলাগৰাকীক ধর্ষণ কৰে আৰু এই বিষয়ে আনক অৱগত কৰিলে হত্যাৰ ভাবুকি দিয়ে। অৱশেষত ধাৰাবাহিক নির্যাতনত অতিষ্ঠ হৈ ভুক্তভােগী মহিলাগৰাকীয়ে শুকুৰবাৰে হাইলাকান্দি থানাত এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰাৱাৰ লগতে অভিযােগৰ ভিত্তিত ৫২৯/১৮নং গােচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।
No comments:
Post a Comment