পানামা পেপাৰ কেলেংকাৰিৰ ৰায়দান : জী-জোঁৱাইসহ প্ৰাক্তন পাক প্ৰধান মন্ত্ৰী নৱাজ শ্বৰীফক কাৰাদণ্ড - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, July 07, 2018

পানামা পেপাৰ কেলেংকাৰিৰ ৰায়দান : জী-জোঁৱাইসহ প্ৰাক্তন পাক প্ৰধান মন্ত্ৰী নৱাজ শ্বৰীফক কাৰাদণ্ড


ৱেব সংবাদ : হাইপ্রফাইল পানামা পেপাৰ কেলেংকাৰিৰ তিনিটা গােচৰৰ এটাত শুকুৰবাৰে পাকিস্তান প্রাক্তন প্রধানমন্ত্রী নৱাজ শ্বৰীফক জী-জোঁৱাইসহ নৱাজ শ্বৰীফক কাৰাদণ্ড ১০ নিযুত মার্কিন ডলাৰ জৰিমনাসহ ১০ বছৰৰ কাৰাদণ্ড বিহে। দেশখনৰ ৰাষ্ট্ৰীয় দায়বদ্ধতা আদালতে প্রাক্তন প্রধানমন্ত্রীগৰাকীৰ লগতে তেওঁৰ কন্যা মৰিয়ম শ্বৰীফকো ২ নিযুত মার্কিন ডলাৰসহ ৭ বছৰৰ কাৰাবাসৰ ৰায় দিয়ে।
লণ্ডনৰ পােছ এভেনফিল্ড হাউছত থকা চাৰিটা ফ্লেট অবৈধ ধনেৰে ক্ৰয় কৰা বুলি পানামা পেপাৰত প্ৰকাশ হােৱাৰ পাছতেই প্রাক্তন প্রধানমন্ত্রীগৰাকীৰ বিৰুদ্ধে ৰুজু হােৱা এই দুর্নীতিৰ গােচৰটোৰ ৰায় দিয়ে দায়বদ্ধতা আদালত ন্যায়াধীশ মহম্মদ বছিৰে। আদালতৰ মজিয়াত ১০০বাৰতকৈও অধিক শুনানিৰ সময়ত উপস্থিত থকা প্রাক্তন প্রধানমন্ত্রী নৱাজ শ্বৰীফে আদালতক শুকুৰবাৰে গােচৰটোৰ ৰায় নিদিবলৈ আবেদন জনাইছিল যদিও সেই আবেদনক নস্যাৎ কৰি আদালতে প্রধানমন্ত্রীগৰাকীৰ বিৰুদ্ধে জৰিমনাসহ কাৰাবাসৰ ৰায় দিয়ে। বিগত সময়ত চাৰিবাৰকৈ গােচৰটোৰ ৰায় বাতিল কৰাৰ পাছত প্রাক্তন প্রধানমন্ত্রীগৰাকীৰ অনুপস্থিতিত আদালতে শাস্তিৰ ৰায়দান কৰাক লৈ দেশখনত প্রতিক্রিয়াৰাে সৃষ্টি হৈছে।
উল্লেখ্য যে সম্প্রতি লণ্ডনত ডিঙিৰ কেঞ্চাৰৰ বাবে প্রাক্তন প্রধানমন্ত্ৰীগৰাকীৰ পত্নী কুলচুম নৱাজ চিকিৎসাধীন হৈ থকা বাবেই নৱাজ শ্বৰীফ আৰু কন্যাই আদালতত উপস্থিত হ’ব নােৱাৰিব বুলি ৰায়দান পিছুৱাই দিবলৈ আবেদন জনাইছিল। কিন্তু প্রাক্তন প্রধানমন্ত্রী নৱাজ শ্বৰীফ আবেদন খাৰিজ কৰি শুকুৰবাৰে ৰুদ্ধ আদালতত ন্যায়াধীশ মহম্মদ বছিৰে নৱাজ শ্বৰীফ, মৰিয়ম শ্বৰীফৰ লগতে নৱাজ শ্বৰীফৰ জোঁৱায়েক অৱসৰপ্ৰাপ্ত কেপ্টেইন ছফকো এবছৰৰ কাৰাদণ্ড বিহে।
সবাতােকৈ গুৰুত্বপূর্ণ যে অহা ২৫ জুলাইত দেশখনৰ সাধাৰণ নির্বাচনৰ ১৯ দিন পূর্বে প্রাক্তন প্রধানমন্ত্রী নৱাজ শ্বৰীফসহ পৰিয়ালৰ দুজনক আদালতে শাস্তি ঘােষণা কৰাৰ পাছতেই সম্ভাব্য পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি দেশখনৰ প্রান্তে প্রান্তে নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰা হৈছে। প্রাক্তন প্রধানমন্ত্রী শ্বৰীফক জৰিমনাসহ ১০ বছৰৰ কাৰাদণ্ড বিহাৰ লগতে সম্পত্তি জব্দ কৰিবলৈও নির্দেশ দিয়া হৈছে। প্রসংগক্রমে উনুকিয়াব পাৰি যে পানামা পেপাৰত কেলেংকাৰিত নাম সাঙোৰ খাই পৰাৰ পাছতেই প্রধানমন্ত্রী নৱাজ শ্বৰীফৰ লগতে পৰিয়ালৰ লােকৰ বিৰুদ্ধে দুর্নীতিৰ চাৰিটা গােচৰ ৰুজু কৰা হৈছিল। এই দুর্নীতিৰ গােচৰৰ বাবেই দেশখনৰ উচ্চতম ন্যায়ালয়ে নৱাজ শ্বৰীফক প্রধানমন্ত্রী পদত অযােগ্য বুলি ঘােষণা কৰিছিল আৰু প্রধানমন্ত্রী পদৰ পৰা পদত্যাগ কৰিছিল। প্রধানমন্ত্রী পদৰ পৰা পদত্যাগ কৰাৰ পাছতেই দুর্নীতিৰ গোচৰকেইটাক লৈ আদালতত ১০০বাৰতকৈ অধিক শুনানি গ্ৰহণ কৰা হয় আৰু বিগত সময়ছােৱাত চাৰিবাৰকৈ ৰায়দান পিছুওৱাৰ অন্তত আজি চুড়ান্ত ৰায় দিয়ে।
উল্লেখ্য যে তিনিবাৰৰ বাবে নৱাজ শ্বৰীফ দেশখনৰ প্ৰধানমন্ত্রী হৈছিল। আদালতৰ ৰায়ে নৱাজ শ্বৰীফৰ লগতে কন্যাৰ ৰাজনৈতিক জীৱনলৈ অনিশ্চয়তা নমাই আনিলে। অহা ২৫ জুলাইত নির্বাচনত মৰিয়ম শ্বৰীফৰ প্রতিদ্বন্দ্বিতালৈও প্রশ্ন আহি পৰিল।

No comments:

Post a Comment

SPONSORED