এটি হালধীয়া সপোন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Sunday, July 29, 2018

এটি হালধীয়া সপোন


# আছফিয়া আহমেদ

এটি হালধীয়া সপোনে
কিছু উশাহৰ তাগিদাত
উকমুকাই সাৰ পাই উঠিল

আশাৰ ৰ'দজাকৰ সৈতে
বিষাদৰ বৰষুণজাকৰ সন্ধিত
কলীয়া ডাৱৰেও যুদ্ধবিৰতি ঘোষণা কৰিলে

ব্যস্ততাৰ ফাঁকেৰে সৰকি অহা
নিৰ্ভেজাল অৱসৰখিনিত
অভিমান আৰু মৰমৰ খকাখুন্দা
নিয়মানুৱৰ্তিতাৰ ডায়েৰীত অন্তৰ্ভুক্ত হ'ল

সূৰ্যৰ জোতিষ্মানত ঢাকখোৱা কৃষ্ণ গহ্বৰ
জোনাকৰ প্ৰলেপত বিদ্যমান.....
তলসৰা শেৱালিৰ বাটটোত
আকৌ যেন সিঁচৰিত কিছু কোমল অনুভৱ

জীৱন নদীৰ শীৰ্ণ সাঁকোডালেই
বৈতৰণী পাৰ হোৱাৰ একমাত্র বাট
অথচ...
বিশ্বাস আৰু ভৰষাৰ বন্ধুত্বত
সেই পথ আজি প্ৰসস্ত....

No comments:

Post a Comment

SPONSORED