শিশু-মহিলাসহ ৫২গৰাকী বাংলাদেশীক প্ৰত্যৰ্পণ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

July 30, 2018

শিশু-মহিলাসহ ৫২গৰাকী বাংলাদেশীক প্ৰত্যৰ্পণ


 মানকাচৰঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰৰ সাহাপাৰা সীমান্ত পথেদি অসমৰ ভিতৰত অবৈধভাৱে প্ৰৱেশ কৰি, আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীৰ হাতত ধৰা পৰি, গোৱালপাৰা আৰু তেজপুৰ কাৰাগাৰত ২০১২চনৰ পৰা বন্দী হৈ থকা ৫২গৰাকী বাংলাদেশী লোকক দেওবাৰে বাংলাদেশলৈ প্ৰত্যৰ্পণ কৰোৱা হয়।
অসমৰ ডি আই জি ৰৌণক আলী হাজৰিকা, গৃহবিভাগৰ যুটীয়া সচিব ৰাকেশ আগৰৱালা, দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ উপায়ুক্ত আতিকা চুলতানা, জিলাখনৰ আৰক্ষী অধীক্ষক অমৃত ভূইয়া, অসমস্থিত বাংলাদেশৰ উপ-উচ্চায়ুক্ত কাৰ্যালয়ৰ ব‌িষয়াকে ধৰি ভালেমান উচ্চ পৰ্যায়ৰ বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত ১০জনীয়া দলত ভাগ কৰি দিনজোৰা কাৰ্যসূচীৰে বাংলাদেশী লোক ৫২গৰাকীক বাংলাদেশলৈ প্ৰেৰণ কৰে।
যদিও ৩০ জুলাইত এই ৫২গৰাকীক বাংলাদেশলৈ প্ৰেৰণ কৰাৰ কথা আছিল, উক্ত দিনা অসমৰ এন আৰ চিৰ দ্বিতীয়খন খচৰা প্ৰকাশ হ’ব কাৰণে  আগতীয়াকৈ বাংলাদেশী লোক কেইজনক বাংলাদেশলৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে, বাংলাদেশীলোক কেইজন দীৰ্ঘদিনৰ মূৰত নিজ দেশলৈ যাবলৈ পায় আনন্দিত হৈ পৰে।

No comments:

Post a Comment

SPONSORED