সুখবৰ : গ্রেপ্তাৰ হ’ল আৰু ১৯জন ৰাজপত্রিত বিষয়া - SANGBAD PRAHARI

Breaking

Responsive Ads Here

July 19, 2018

সুখবৰ : গ্রেপ্তাৰ হ’ল আৰু ১৯জন ৰাজপত্রিত বিষয়া

গুৱাহাটী : অসম লোকসেৱা আয়োগৰ চাকৰি কেলেংকাৰিত ৰাকেশ পাল বাহিনীক ধন দি বক্র পথেৰে চাকৰি লোৱা আৰু ১৯জন ৰাজপত্রিত বিষয়া আজি আৰক্ষীৰ জালত পৰে৷ তদন্তকাৰী আৰক্ষীয়ে কৰা তলব অনুসৰি আজি ১৩জন এ চি এছ, ৩জন এ পি এছ আৰু ৩জন সহযোগী সেৱাৰ বিষয়া হস্তাক্ষৰৰ নমুনা প্রদান কৰিবৰ বাবে কাহিলিপাৰাস্থিত অসম আৰক্ষীৰ বিশেষ শাখাত উপস্থিত হোৱাৰ পাছতে সকলোকে গ্রেপ্তাৰ কৰে৷

গ্রেপ্তাৰ হোৱা বিষয়াসকলৰ মাজত ৮গৰাকী মহিলা বিষয়াও আছে৷ তদুপৰি আজি গ্রেপ্তাৰ হোৱাসকলৰ ভিতৰত একাধিক প্রভাৱশালী ব্যক্তিৰ সন্তান আৰু আত্মীয়ও আছে৷ ইয়াকে ধৰি এইপর্যন্ত ধনৰ বিনিময়ত পাল বাহিনীৰ পৰা ৰাজপত্রিত বিষয়াৰ চাকৰি ক্রয় কৰি গ্রেপ্তাৰ হোৱা বিষয়াৰ সংখ্যা ৫৫জনলৈ বৃদ্ধি পায়৷ আনহাতে, আৰক্ষীয়ে এইপর্যন্ত এই বিয়াগোম কেলেংকাৰিটোত জড়িত থকাৰ অভিযোগত মুঠ ৬৩জন লোকক গ্রেপ্তাৰ কৰে৷

ইফালে, অপ্রত্যাশিত গ্রেপ্তাৰৰ পাছতে আজি কেইবাগৰাকী মহিলা ৰাজপত্রিত বিষয়াই কান্দোনৰ ৰোল তোলে৷ উল্লেখযোগ্য যে ৰাকেশ পাল বাহিনীৰ সন্মুখত ২০১৪ চনত পৰীক্ষাত অৱতীর্ণ হৈ ২০১৬ বর্ষত নিযুক্তি লাভ কৰা এই ১৯জন ৰাজপত্রিত বিষয়াৰ উত্তৰ বহীত ব্যাপক অনিয়ম ধৰা পৰাৰ পাছতে আজি তেওঁলোকৰ হস্তাক্ষৰৰ নমুনা সংগ্রহ কৰিবৰ বাবে বিশেষ শাখালৈ তলব কৰা হৈছিল৷ পুৱা ১০ বজাৰ ভিতৰত সকলো বিষয়া বিশেষ শাখাত উপস্থিত হোৱাৰ পাছতে প্রায় ১১ বজাত তেওঁলোকক গ্রেপ্তাৰ কৰা বুলি তদন্তকাৰী বিষয়াই ঘোষণা কৰে৷ অপ্রত্যাশিতভাৱে এই সংবাদ পোৱাৰ লগে লগে একাধিক মহিলা বিষয়াই আৰক্ষীৰ জিম্মাতে কান্দোনৰ ৰোল তোলে৷ প্রণিধানযোগ্য যে ইয়াৰ পূর্বে আৰক্ষীয়ে হস্তাক্ষৰৰ নমুনা সংগ্রহ কৰাৰ দিনা কাকো গ্রেপ্তাৰ কৰাৰ নজিৰ নাছিল বাবে আজি নমুনা প্রদান কৰিবৰ বাবে অহা বিষয়াসকলেও আজিয়েই গ্রেপ্তাৰ নহয় বুলি একপ্রকাৰ নিশ্চিত হৈ আহিছিল৷

কিন্তু পূর্বে এনেকৈ হস্তাক্ষৰৰ নমুনা দি ঘূৰি যোৱা কেইবাজনো বিষয়াই পৰৱর্তী সময়ত আত্মগোপন কৰাৰ নজিৰ থকাৰ বাবে আজি আৰক্ষীয়ে কৌশলেৰে আজিয়েই সকলোকে গ্রেপ্তাৰ কৰে৷ লক্ষণীয় যে আজি আৰক্ষীৰ চমন লাভ নকৰা সত্ত্বেও নাজিৰাৰ চক্র বিষয়া গণেশ চন্দ্র নাথে বাতৰিকাকতত তেওঁৰ নাম দেখি আৰক্ষীৰ সৈতে নিজে যোগাযোগ কৰি বিশেষ শাখাত হাজিৰ হয়৷ আনহাতে, আজি পুৱা হোজাইৰ নির্বাচনী বিষয়া উৎপল ভূঞা প্রথম বিশেষ শাখাত উপস্থিত হয়৷ গ্রেপ্তাৰ হোৱা বিষয়াসকল হ’ল– সুৰঞ্জিতা হাজৰিকা (কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়া), উৎপল ভূঞা (হোজাইৰ নির্বাচনী বিষয়া), বর্ণালী দাস (এ চি এছ), সুশোভন দাস (দক্ষিণ কৰিমগঞ্জৰ খণ্ড উন্নয়ন বিষয়া), ধ্রুৱজ্যোতি চক্রৱর্তী (হাইলাকান্দিৰ নির্বাচনী বিষয়া), মঞ্জুৰ ইলাহী লস্কৰ (কাটিগড়াৰ চক্র বিষয়া), মুন মজুমদাৰ (বদৰপুৰৰ খণ্ড উন্নয়ন বিষয়া), মুস্তাফা আহমেদ বৰভূঞা (ধেমাজিৰ সহকাৰী আয়ুক্ত), মঃ চাইবুৰ ৰহমান বৰভূঞা (এ চি এছ), মণিকা টেৰণপী (কোকৰাঝাৰৰ সহকাৰী আয়ুক্ত), গণেশ চন্দ্র দাস (নাজিৰাৰ চক্র বিষয়া), শ্রাৱন্তি সেনগুপ্তা (এ চি এছ), দীপশিখা ফুকন (কাকপথাৰৰ খণ্ড উন্নয়ন বিষয়া), লীনা কৃষ্ণা কাকতী (চিৰাঙৰ চক্র বিষয়া), গুলছন দাওলাগাপু (কার্বি আংলঙৰ ডি এছ পি), পল্লৱী শর্মা (শিৱসাগৰৰ ডি এছ পি), ভার্গৱ ফুকন (দক্ষিণ শালমাৰাৰ ডি এছ পি), ঋতুৰাজ নেওগ (কৰ অধীক্ষক) আৰু নিপন কুমাৰ পাঠক (কৰ পৰিদর্শক)৷

প্রাপ্ত তথ্য অনুসৰি আৰক্ষীয়ে আজি কেৱল আনুষ্ঠানিকতা পালনৰ বাবেহে হস্তাক্ষৰৰ নমুনা সংগ্রহ কৰিবলৈ অভিযুক্ত বিষয়াসকলক তলব কৰিছিল৷ ইতিমধ্যে সকলো বিষয়াৰে জালিয়াতিৰ তথ্য প্রমাণ তদন্তকাৰী আৰক্ষীৰ হাতত মজুত হৈছিল৷ আজি গ্রেপ্তাৰ কৰা বিষয়াসকলৰ ২খনৰ পৰা ৫খনলৈ জাল উত্তৰবহী থকাৰ প্রমাণ হৈছিল৷ লক্ষণীয় যে ৰাকেশ পালৰ ভাতৃ ৰাজীৱ পালৰ ছপাশালত ছপা কৰা ভুৱা উত্তৰবহীত এই বিষয়াসকলে পুনৰ উত্তৰ লিখিছিল৷ আনহাতে, ফৰেনছিক বিজ্ঞানাগাৰৰ পৰা প্রতিবেদন অহাৰ পাছত আৰক্ষীয়ে এই বিষয়াসকলৰ কর্মস্থলীৰ পৰা অতি সংগোপনে হস্তাক্ষৰৰ নমুনা সংগ্রহ কৰিছিল৷

সেই নমুনাৰে প্রয়োজনীয় পৰীক্ষা ইতিমধ্যে সম্পূর্ণও কৰা হৈছিল৷ তাৰ পাছতে আজি তেওঁলোকক হস্তাক্ষৰৰ নমুনা সংগ্রহ কৰাৰ নামত গ্রেপ্তাৰৰ কৌশল ৰচনা কৰিছিল তদন্তকাৰী আৰক্ষীয়ে৷ গ্রেপ্তাৰৰ পূর্বে বিষয়াসকলক তদন্তকাৰী বিষয়াই শ্রুতলিপি দিয়াৰ উপৰি ভাষাজ্ঞানৰ নমুনা পৰীক্ষা কৰিছিল৷ গ্রেপ্তাৰ কৰাসকলৰ মাজত বহুকেইজন হাই প্রফাইল লোকৰ সন্তান আৰু আত্মীয়ও আছে৷ তেজপুৰৰ সাংসদ তথা বিজেপিৰ জ্যেষ্ঠ নেতা আৰ পি শর্মাৰ কন্যা পল্লৱী শর্মাও আছে গ্রেপ্তাৰ হোৱাসকলৰ মাজত৷

তেওঁৰ দুখন উত্তৰ বহী জাল বুলি ইতিমধ্যে প্রমাণিত হোৱা বুলি জানিব পৰা গৈছে৷ শিৱসাগৰৰ ডি এছ পি হিচাপে নিয়োজিত পল্লৱী শর্মালৈ চমন জাৰি কৰাৰ পাছতে সাংসদজনে কন্যা নিদোর্ষী আৰু তেওঁ ৰাজনৈতিক ষড়যন্ত্রৰ বলি হোৱা বুলি দাবী কৰিছিল৷ তেওঁৰ বাবেই কন্যাক আক্রমণৰ লক্ষ্য কৰি লোৱা বুলিও অভিযোগ কৰিছিল৷ আনহাতে, কন্যাক গ্রেপ্তাৰ কৰিলে তেওঁ নিজেও কন্যাৰ সৈতে জে’ললৈ যাব বুলিও ঘোষণা কৰিছিল সাংসদজনে৷ কিন্তু আজি সাংসদজনে কন্যাক গ্রেপ্তাৰ কৰাৰ সময়তে নিজৰ বৃক্কৰ উন্নত চিকিৎসাৰ বাবে বহিঃৰাজ্যলৈ ৰাওনা হয়৷ ইফালে, আজি গ্রেপ্তাৰ হোৱাসকলৰ মাজত বৰাকৰ এজন প্রভাৱশালী ৰাজনীতিকৰ সন্তান মুস্তাফা আহমেদ বৰভূঞাও আছে৷

ইয়াৰ উপৰি কার্বি আংলঙৰ প্রভাৱশালী ৰাজনীতিক তথা বিধায়ক জয়ৰাম ইংলেঙৰ ভাগিনীয়েক হ’ল আজি গ্রেপ্তাৰ হোৱা এ চি এছ বিষয়া মণিকা টেৰণপী৷ আনহাতে প্রাক্তন ন্যায়াধীশ যামিনী গগৈ ফুকনৰ দুই সন্তান এ চি এছ দীপশিখা ফুকন আৰু এ পি এছ ভার্গৱ ফুকনো বক্র পথ গ্রহণ কৰাৰ বাবে আজি গ্রেপ্তাৰ হ’বলগীয়া হ’ল আৰক্ষীৰ হাতত৷ লক্ষণীয়ভাৱে আজি গ্রেপ্তাৰ কৰিলেও আজিয়েই বিষয়াসকলক আদালতত হাজিৰ কৰাৰ পৰা বিৰত থাকে আৰক্ষী৷ অধিক তথ্যৰ বাবে আজি জেৰা কৰি কাইলৈহে সকলোকে আদালতত হাজিৰ কৰিব আৰক্ষীয়ে৷

গ্রেপ্তাৰ কৰা মহিলা বিষয়াসকলক পাণবজাৰ মহিলা আৰক্ষা থানাত ৰখাৰ বিপৰীতে বাকীসকলক বিশেষ শাখা আৰু দশম অসম আৰক্ষীৰ বেটেলিয়নৰ হাজোতত ৰখাৰ ব্যৱস্থা কৰা বুলি জানিব পৰা গৈছে৷ আজি গ্রেপ্তাৰ কৰা ১৯গৰাকী বিষয়াৰ পূর্বে তদন্তকাৰী আৰক্ষীয়ে প্রথম পর্যায়ত ৩জন এ চি এছ বিষয়াক গ্রেপ্তাৰেৰে অভিযান আৰম্ভ কৰিছিল৷ বক্র পথেৰে চাকৰি ক্রয় কৰা এই তিনি বিষয়াক কেতিয়াবাই চৰকাৰে চাকৰিৰ পৰা বর্খাস্ত কৰে৷ তেওঁলোকৰ পাছত একেলগে ২৪জন বিষয়াক গ্রেপ্তাৰ কৰিছিল৷ তাৰ পাছত দুজন কৰ বিষয়াক গ্রেপ্তাৰ কৰে৷ তাৰ পাছত ছজন বিষয়া আৰু তাৰ পাছত বিতর্কিত ডি টি অ’ প্রসেনজিৎ ঘোষক গ্রেপ্তাৰ কৰিছিল তদন্তকাৰী আৰক্ষীয়ে৷ ইফালে, প্রথমৰ পৰা এইপর্যন্ত কেলেংকাৰিত জড়িত থকাৰ অভিযোগত এ পি এছ চিৰ ৮জন লোকক গ্রেপ্তাৰ কৰিছে তদন্তকাৰী আৰক্ষীয়ে৷

No comments:

Post a Comment

SPONSORED