লোক সভাই অভিনন্দন জনালে ভাৰত গৌৰৱ হিমাক : ৰাজ্যমভাৰ নাই কোনো সাৰ সিকটি - SANGBAD PRAHARI

Breaking

Responsive Ads Here

July 19, 2018

লোক সভাই অভিনন্দন জনালে ভাৰত গৌৰৱ হিমাক : ৰাজ্যমভাৰ নাই কোনো সাৰ সিকটি


গুৱাহাটী : বিশ্ববাসীৰ সন্মুখত নিজৰ দেশক উজলাই তুলিবলৈ সক্ষম হোৱা হিমা দাসক আজি অভিনন্দন জনালে লোক সভাই৷ লোক সভাৰ অধ্যক্ষ সুমিত্রা মহাজনে আজি অসম কন্যাগৰাকীৰ সফলতা সমগ্র দেশবাসীৰ বাবে প্রেৰণাদায়ক বুলি অভিহিত কৰে৷ সংসদৰ শূন্যকালীন কার্যসূচী আৰম্ভ হোৱাৰ পূর্বে লোক সভাৰ অধ্যক্ষগৰাকীয়ে হিমা দাসৰ প্রসংগ উল্লেখ কৰি কয় যে ফিনলেণ্ডত অনুষ্ঠিত ২০ অনূৰ্ধ্বৰ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত স্বর্ণ জয় কৰি দাসে দেশবাসীক গৌৰৱান্বিত কৰিছে৷ আমি তেওঁক অভিনন্দন জনাইছোঁ৷ অসমৰ নগাঁও জিলাৰ কান্ধুলীমাৰীৰ এটা কৃষক পৰিয়ালৰ কন্যা হিমা দাসৰ কঠিন অনুশীলন, সংকল্প আৰু জীৱনবোধৰ কথা উল্লেখ কৰি মহাজনে এয়া এগৰাকী ছোৱালীৰ কঠিন অধ্যৱসায়ৰ ফল বুলিও মত ব্যক্ত কৰে৷

দাসৰ এই সফলতা সকলো উদীয়মান খেলুৱৈৰ বাবে সদায়ে প্রেৰণাদায়ক হৈ থাকিব বুলি উল্লেখ কৰি অধ্যক্ষ মহাজনে কয় যে অনাগত দিনত তেওঁ যাতে আৰু অধিক সফলতা অর্জন কৰিবলৈ সক্ষম হয় তাৰ বাবে আমি কামনা কৰিছোঁ৷ উল্লেখযোগ্য যে লোক সভাই হিমা দাসক অভিনন্দন জনোৱাৰ বিপৰীতে ৰাজ্য সভাই তেওঁক কোনোধৰণৰ অভিনন্দন নজনোৱাত ক্ষোভ ব্যক্ত কৰিছে কংগ্রেছৰ সাংসদ ৰিপুন বৰাই৷

সাংসদজনে ৰাজ্য সভাত দাসক কিয় অভিনন্দন জনোৱা নহ’ল বুলি প্রশ্ন উত্থাপন কৰি এয়া ৰাজ্যবাসীৰ বাবে এক বঞ্চনা বুলি অভিহিত কৰে৷ বৰাৰ এনেধৰণৰ মন্তব্যৰ পাছতো উপ-সভাপতি ভেংকায়া নাইডুৱে এই সন্দর্ভত কোনোধৰণৰ মত ব্যক্ত নকৰিলে৷ ইয়াৰ পাছতেই সংসদ স্থগিত হোৱাত বৰাই অসমৰ পৰা নির্বাচিত হৈ অহা আন এজন কংগ্রেছৰ সাংসদ ভুৱনেশ্বৰ কলিতাক লগত লৈ নাইডুৰ কার্যালয়লৈ যায় আৰু হিমা দাসক ৰাজ্য সভাই অভিনন্দন জনোৱাটো উচিত আছিল বুলি উল্লেখ কৰে৷ পিছে সাংসদদ্বয়ৰ এনে কথা শুনিয়েই নাইডুৱে কয় যে আপোনালোকে সংসদৰ কার্যসূচী কিদৰে চলে সেয়া নাজানে৷

সেয়েহে এনেধৰণৰ কথা উত্থাপন কৰিছে৷ জানিব পৰা মতে, সাংসদদ্বয়ে ৰাজ্য সভাৰ কংগ্রেছৰ নেতা গোলাম নবী আজাদক সমগ্র বিষয়টো অৱগত কৰিছে আৰু এই ক্ষেত্রত দলীয়ভাৱে পদক্ষেপ গ্রহণ কৰাৰ বাবে অনুৰোধ জনাইছে৷ মন কৰিবলগীয়া কথা যে খোদ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে হিমা দাসক প্রশংসাৰে উপচাই পেলাইছিল৷ টুইটাৰৰ পৰা আৰম্ভ কৰি জনসভালৈকে সকলোতে প্রধানমন্ত্রীয়ে কৈ গৈছে হিমাৰ এই অসাধাৰণ সফলতাৰ কথা৷ ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কৱিন্দৰ পৰা আদি কৰি আনকি বলিউডৰ অভিনেতা-অভিনেত্রীসকলেও অভিনন্দন জনাইছিল হিমাক৷

No comments:

Post a Comment

SPONSORED