অন্যায় বিৰোধী ৰণক্ষেত্ৰৰ
মহাৰথী নেলচন মেণ্ডেলা
বৰ্ণবৈষম্য বিৰোধী যুদ্ধৰ
অজেয় সেনাপতি নেলচন মেণ্ডেলা
বিশ্বৰ অগণন জনতাৰ
বন্দিত মহানায়ক নেলচন মেণ্ডেলা
প্ৰণাম তোমাক৷
কৃষ্ণাংগ ৰাষ্ট্ৰপতি প্ৰধান
দক্ষিণ আফ্ৰিকাৰ
সাহসৰ মহাপ্ৰতীক তুমি
সহস্ৰ সংগ্ৰামী জনতাৰ,
অনেক উজ্জ্বল-জ্যোতিষ্ক তুমি
এক মহা উজ্জ্বল জ্যোতি
কৃষ্ণাংগ মানুহৰ মুক্তিৰ বাবে
মহাসংগ্ৰাম কৰিলা তুমি৷
অন্যায় বিৰোধী ৰণক্ষেত্ৰৰ
মহাৰথী নেলচন মেণ্ডেলা
আফ্ৰিকাৰ বাবেই তুমি
প্ৰজ্বলিত হ'ল
ৰচিলা মানৱতাৰ মহা ইতিহাস
পৃথিৱীৰ প্ৰাণৰ নেতা
মহান মনীষি
হে মহানায়ক মেণ্ডেলা
প্ৰণাম তোমাক৷৷
ফোন : +91 7035163122
No comments:
Post a Comment