তামাৰহাটৰ তালোৱাগাঁৱত পানীত পৰি দুই শিশুৰ সলিল সমাধি - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Friday, July 06, 2018

তামাৰহাটৰ তালোৱাগাঁৱত পানীত পৰি দুই শিশুৰ সলিল সমাধি

তামাৰহাট : ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত তালোৱাগাঁৱত আনোৱাৰ মণ্ডলৰ নাতিনী ছামিনা খাতুন (১০) আৰু আনিছা খাতুন (০৬) নামৰ দুজন শিশু পানীত পৰি সলিল সমাধি ঘটে।
জানিব পৰা মতে, ছামিনা খাতুন আৰু আনিছা খাতুন নামৰ কন্যা শিশু দুটি বৃহস্পতিবাৰে দুপৰীয়া নিৰুদ্দেশ হৈ পৰে। নিৰুদ্দেশ হোৱাৰ পাছত পৰিয়ালৰ লোকে বহুতো বিচাৰ-খোচাৰ কৰি অবশেষত সন্ধিয়াৰ ভাগত ঘৰৰ পৰা অলপ দুৰত থকা দ’ গাত এটাৰ পৰা দুয়োকে মৃত অৱস্থাত পানীৰ পৰা উদ্ধাৰ কৰে। দুয়োটা মৃতদেহ উদ্ধাৰ কৰাৰ পাছত পৰিয়ালৰ লোকে তামাৰহাট আৰক্ষীক গতাই দিয়ে। তামাৰহাট আৰক্ষীয়ে মৃতদেহ দুটা মৰনোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী লৈ প্ৰেৰণ কৰে।
উল্লেখ্য যে পিতৃ-মাতৃ নোহোৱা দুয়োটা অনাথ শিশুৱে ককাকৰ আশ্ৰয়ত থাকি এনে ঘটনা সংঘটিত হোৱাত মৰ্মাহত হৈ পৰিছে ককা আৰু আইতাৰ লগতে গাঁওবাসীয়ে। আনহাতে কিছুদিন পূৰ্বে তালোৱাগাঁৱৰ পশৱৰ্তী বৰখচূয়া গাঁৱতো সংঘটিত হৈছিল অনুৰূপ ঘটনা।

No comments:

Post a Comment

SPONSORED