৯ জুলাইত গুৱাহাটীত মন্দিৰা শৰ্মা লাহিড়ীৰ সংগীতানুষ্ঠান - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Friday, July 06, 2018

৯ জুলাইত গুৱাহাটীত মন্দিৰা শৰ্মা লাহিড়ীৰ সংগীতানুষ্ঠান


গুৱাহাটী : কলকতাৰ হিন্দুস্থানী ঘৰণাৰ প্রসিদ্ধ কণ্ঠশিল্পী অসম কন্যা মন্দিৰা শৰ্মা লাহিড়ীৰ এক মনােৰম সংগীতানুষ্ঠান অহা ৯ জুলাইৰ সন্ধিয়া ৬.৩০ বজাৰ পৰা গুৱাহাটীৰ সংগীতাচার্য লক্ষ্মীৰাম বৰুৱা সদনত আয়ােজন কৰা হৈছে।
অসম সাহিত্য সভাৰ প্রধান সম্পাদক পদুম ৰাজখােৱাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক সংবাদ বিজ্ঞপ্তিত জানিবলৈ দিয়া মতে অসম সাহিত্য সভাৰ সাংস্কৃতিক উপ-সমিতি আৰুআর্থ-সামাজিক উন্নয়ন সংস্থা মুক্তি’ৰ উদ্যোগত অনুষ্ঠিত হবলগা এই সংগীতানুষ্ঠান আৰম্ভণিৰ পূর্বে প্রসিদ্ধ শিল্পীগৰাকীৰ বর্ণাঢ্য জীৱনৰ ওপৰত আলােকপাত কৰি বিশেষ সম্বর্ধনা জ্ঞাপন কৰা হ'ব।
প্রথিতযশা কণ্ঠশিল্পী সুদক্ষিণা শর্মাই উদ্বোধন কৰিব লগা সংগীতানুষ্ঠানটোত আকাশবাণীৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ কেন্দ্র সঞ্চালক লুটফুৰ ৰহমান বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব। উক্ত সাংগীতানুষ্ঠানত ৰাইজৰ সহায়-সহযােগ তথা উপস্থিতি কামনা কৰিছে সাহিত্য সভাৰ সাংস্কৃতিক উপ-সমিতিৰ আহ্বায়ক শ্যামল শইকীয়া আৰু ‘মুক্তিৰ সভাপতি হেমপ্রভা দেৱীয়ে।


No comments:

Post a Comment

SPONSORED