# কেঁচা পাতৰ প্ৰতি কেজিৰ মূল্য ৩০-৩৫ টকা কৰাৰ দাবী
# কোকৰাঝাৰত সদৌ বড়োলেণ্ড ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ গুৰুত্বপূৰ্ণ আলোচনা
কোকৰাঝাৰ : যিটো সময়ত চাহ শ্ৰমিক সকলৰ দৈনিক মজুৰি বৃদ্ধি কৰা বাবে বিভিন্ন ধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে সেই সময়তে বৰ্তমান অসম চৰকাৰে চাহ শ্ৰমিক সকলক দৈনিক মজুৰি হিচাপে ২৪৪ টকা দিয়াৰ কথা যোৱা ১৯ জুনত হোৱা সভাৰ জৰিয়তে লোৱা সিদ্ধান্তৰ বিৰোধীতা কৰিছে সদৌ বড়োলেণ্ড ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই।
কোকৰাঝাৰ জিলাৰ উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰত অনুষ্ঠিত আলোচনা সভাত সদৌ বডোলেণ্ড ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতি জৌশ্ৰাং বড়োৱে কয় যে— অসম চৰকাৰৰ শ্ৰম বিভাগে যোৱা ১৯ জুনত অনুষ্ঠিত সভাৰ জৰিয়তে অসমৰ ক্ষুদ্র চাহ খেতিয়কৰ ছাহ বাগিচাৰ শ্ৰমিকক দৈনিক ২৪৪/- টকা দিবলৈ নিৰ্ধাৰণ কৰি দিয়া সিদ্ধান্ত গ্ৰহনযোগ্য নহয়। চৰকাৰৰ পৰা প্ৰথমে ক্ষুদ্ৰ চাহ খেতিয়কে উৎপাদন কৰা কেঁচা পাতৰ উচিত মূল্য নিৰ্ধাৰণ কৰি দিয়ক। বৰ্তমান ক্ষুদ্ৰ চাহ খেতিয়কৰ উৎপাদন খৰছ বৃদ্ধি হৈছে। ৰাসায়নিক সাৰ, কীটনাশক দৰৱ, শ্ৰমিকৰ মজুৰি ইত্যাদি উৎপাদনৰ খৰছ বৃদ্ধি হৈছে। সেই অনুপাতে ক্ষুদ্ৰ খেতিয়কে উচিত বিক্ৰী মূল্য নাপায়। সেয়ে চৰকাৰে প্ৰথমে ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা পাত মূল্য নিৰ্ধাৰণ কৰি দিব লাগে বুলি দাবী কৰে।
তাৰোপৰি সন্থাৰ সভাপতি গৰাকীয়ে কয় যে ক্ষুদ্র চাহ খেতিয়কে উৎপাদন কৰাকেঁচা পাতখিনি নিজৰ ফেক্টৰী নথকা কাৰনে ওচৰতে থকা কোম্পানীত বিক্ৰী কৰিবলৈ নিৰ্ভৰ কৰিব লাগে। যি সময়ত ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা পাত উৎপাদন বৃদ্ধি হয়, সেই একে সময়তে কোম্পানী অথবা মালিকাধীন বাগিচাসমূহৰ কেঁচা পাতো অধিক উৎপাদন হয় আৰু ক্ষুদ্র চাহ খেতিয়কৰ উৎপাদিত কেঁচা পাত ল’ব নোৱাৰা হয়। ফলত কেঁচা পাত পেলাবলগীয়া হয়।
ক্ৰেতা কোম্পানীবোৰে নিজৰ মইমতালিত কেঁচা পাতৰ মূল্য নিৰ্ধাৰণ কৰে। এই ক্ষেত্ৰত চৰকাৰে ক্ষুদ্ৰ চাহ খেতিয়কৰ কাৰণে ফেক্টৰী স্থাপন কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তেতিয়া কেঁচা পাতৰ মূল্য সংযোজন হব আৰু কৃষকো উপকৃত হব। তাৰ কাৰণে চৰকাৰে পুঁজিৰ আবন্টন দিব লাগে বুলি দাবী জনায়।
আনহাতে কেঁচা পাতৰ প্ৰতি কেজিৰ মূল্য ৩০-৩৫ টকা হব লাগে আৰু তাৰ কাৰণে অসম চৰকাৰে প্ৰয়োজনীয় পদক্ষেপ লব লাগে বুলিও দাবী কৰে সদৌ বডোলেণ্ড ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতি জৌশ্ৰাং বড়োৱে।
এই আলোচনা সভাত ক্ষুদ্ৰ চাহ খেতিয়ক পৰিষদ, অসমৰ সাধাৰণ সম্পাদক দিগন্ত ফুকন আৰু বি টি এ ডিৰ চাৰিখন জিলাৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলে উপস্থিত থাকি গুৰুতৰ আলোচনা কৰে।
No comments:
Post a Comment