বাংলাদেশৰ এছিয়ান ইউনিভাৰচিটী ফৰ অ’মেনত উচ্চশিক্ষা গ্ৰহণৰ বাবে নির্বাচিত ৩ গৰাকী চাহ জনগােষ্ঠীৰ মেধাৱী ছাত্ৰী : মুখ্যমন্ত্ৰীৰ সম্বৰ্ধনা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Friday, July 06, 2018

বাংলাদেশৰ এছিয়ান ইউনিভাৰচিটী ফৰ অ’মেনত উচ্চশিক্ষা গ্ৰহণৰ বাবে নির্বাচিত ৩ গৰাকী চাহ জনগােষ্ঠীৰ মেধাৱী ছাত্ৰী : মুখ্যমন্ত্ৰীৰ সম্বৰ্ধনা


গুৱাহাটী : নাৰী শিক্ষাৰ দিশত সমগ্র বিশ্বৰ অন্যতম অগ্রণী শিক্ষানুষ্ঠান বাংলাদেশৰ ছিটাগংস্থিত ‘এছিয়ান ইউনিভাৰচিটী ফৰ অ’মেন’ত উচ্চ শিক্ষা গ্রহণৰ বাবে নির্বাচিত হৈছে ডিকম চাহ বাগিছাৰ মেধাৱী ছাত্রী সােণালী কেৰকেট্টা আৰু বন্দনা পাটৰ লগতে হ’কংগুৰী চাহ বাগিছাৰ পল্লবী দাস পানিক৷ চাহ জনগােষ্ঠীৰ এই তিনিওগৰাকী মেধাৱী ছাত্ৰীক মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে ডিব্ৰুগড়স্থিত বাসগৃহত শুকুৰবাৰে সম্বৰ্ধনা জনায়।
মুখ্যমন্ত্ৰীয়ে বিশ্বৰ অগ্রণী শিক্ষা প্রতিষ্ঠানখনত নিজৰ মেধা আৰু অধ্যৱসায়েৰে স্থান লাভ কৰি নৱ প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ বিষয় হিচাপে থিয় হােৱাৰ লগতে ৰাজ্যখনক গৌৰৱান্বিত কৰাৰ বাবে ছাত্রী কেইগৰাকীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আগন্তুক সময়তাে প্রৱল ইচ্ছাশক্তি, কষ্ট সহিষ্ণুতা আৰু অধ্যৱসায়েৰে ভাল কেৰিয়াৰ গঢ়াৰ লগতে পৰিয়াল আৰু সমাজলৈ ইতিবাচক বৰঙণি আগবঢ়াই যাব বুলি আশা প্রকাশ কৰে।
মুখ্যমন্ত্ৰীয়ে লগতে তেওঁলােকৰ এই শৈক্ষিক যাত্ৰাত প্রয়ােজন সাপেক্ষে চৰকাৰৰ তৰফৰ পৰা সকলাে ধৰণৰ সহায়-সহযােগিতা আগবঢ়োৱা হ'ব বুলিও ছাত্রী কেইগৰাকীক কয়। উল্লেখ্য যে বাংলাদেশ ছিটাগঙস্থিত এছিয়ান ইউনিভাৰচিটী ফৰ অ’মেনে উচ্চ শিক্ষাৰ বাবে সম্পূর্ণ মেধাৰ ভিত্তিত পৃথিৱীৰ বিভিন্ন দেশৰ ছাত্ৰীক নির্বাচিত কৰাৰ উপৰি এই প্রতিষ্ঠানতনাম ভৰ্তি কৰা ছাত্ৰীসকললৈ শৈক্ষিক জলপানিও প্রদান কৰে।

No comments:

Post a Comment

SPONSORED