কৃষি বিভাগৰ চৰম হেমাহি : তিতাবৰত কলমৌৰ বাবে উদং বৃহৎ কৃষিভূমি - SANGBAD PRAHARI

Breaking

Responsive Ads Here

July 6, 2018

কৃষি বিভাগৰ চৰম হেমাহি : তিতাবৰত কলমৌৰ বাবে উদং বৃহৎ কৃষিভূমি


তিতাবৰ : তিতাবৰ ঐতিহাসিক খাট পথাৰৰ প্ৰায় ৩০০ পুৰা জোৰা কৃষিভূমিত অপতৃণ স্বৰূপ কলমৌয়ে স্থানীয় কৃষক ৰাইজলৈ চৰম দুৰ্যোগ কঢ়িয়াই আনিছে। অঞ্চলটোত ক্ৰমাৎ বংশ বৃদ্ধি হোৱা অতিকৈ ভয়ানক এই কলমৌয়ে বৃহত্তৰ অঞ্চলটোৰ কাষেদি পাৰ হৈ যোৱা কাছজান নদীৰ বোৱতী পানী চলাচলত তীব্ৰ বাধাৰ সৃষ্টি কৰিছে। ফলশ্ৰুতিত বিগত প্ৰায় ২০ বছৰ কাল অঞ্চলটোৰ কৃষিজীৱী ৰাইজে নিজৰ মাটি কেইডৰাত খেতি-বাতি কৰিব পৰা নাই৷
শাওণ মহীয়া সময়ছোৱাত কৃষি কৰ্মৰ এই উপযুক্ত সময়ত ঐতিহাসিক খাট পথাৰৰ কৃষকে উদং মাটি কেইডৰালৈ চাই কেৱল হাত সাৱটি থাকিব লগা হৈছে। ইপিনে উক্ত অপতৃণস্বৰূপ তথা পানী নিষ্কাষণত ভয়াবহ ৰূপত বাধাৰ সৃষ্টি কৰা কলমৌ নিৰ্মূলৰ বাবে অঞ্চলবাসীয়ে অসম চৰকাৰৰ পূৰ্বৰ কেইবাজনো কৃষিমন্ত্ৰী তথা কৃষি বিভাগৰ ওচৰত বহুবাৰ জৰীপ চাহ আবেদন-নিবেদন কৰিছিল যদিও ইয়াত কোনেও গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে।
শেহতীয়াকৈ অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাক তিতাবৰৰ ঐতিহাসিক খাট পথাৰৰ প্ৰায় ৩০০ পুৰা কৃষি ভূমিত বিৰূপ প্ৰভাৱ বিস্তাৰ কৰা কলমৌ নিৰ্মূলৰ বাবে স্থায়ী আঁচনিৰ দাবী জনাইছে।

No comments:

Post a Comment

SPONSORED