বৰপেটা : মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ স্থাপিত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ সমূহ ভকতে মহাপুৰুষীয়া ধৰ্ম প্ৰচাৰক তথা শৰণাচাৰ্য ডিম্বেশ্বৰ ভূঞাক তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ ধৰ্ম প্ৰচাৰক তথা শৰণাচাৰ্য পদৰ পৰা বৰ্খাস্ত কৰিছে৷সত্ৰীয়া নীতি, আদৰ্শক বিসৰ্জন দি নিজ অভিৰুচি অনুসৰি নীতি বৰ্হিভূতভাৱে সত্ৰীয়া পৰম্পৰাক ব্যাঘাত জন্মোৱাৰ অপৰাধত সত্ৰৰ মঠৰ চোতালত যোৱা পহিলা জুলাইত বহা সমূহ ভকতৰ সভাই এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি এক প্ৰেছ বিজ্ঞপ্তিৰ পৰা জানিব পৰা গৈছে৷
উল্লেখ্য যে, শৰণাচাৰ্য ভূঞাই জ্যেষ্ঠ ভাতৃ এজনৰ মৃত্যুৰ দিনাখনে মৃতাশুচি পালন নকৰাকৈ বৰপেটা সত্ৰৰ শাখা সত্ৰ সমাজৰ ৰঙিয়া অধিবেশনত অংশ গ্ৰহণ কৰিছিল৷ বৰপেটা সত্ৰৰ শাখা সত্ৰ হিচাপে স্বীকৃত ৰঙিয়াৰ শান্তিপুৰৰ শ্ৰীমন্ত শঙ্কৰদেৱ সত্ৰ চৌহদত অনুষ্ঠিত হোৱা অধিবেশনৰ সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰাৰ লগতে অঞ্চলটোৰ কিছু সংখ্যক লোকক মহাপুৰুষীয়া এক শৰণ হৰি নাম ধৰ্মত শৰণ দিছিল৷ অসূচি অৰ্থাৎ মৃতাশুচি নোহোৱাকৈ সত্ৰ চৌহদত প্ৰৱেশ কৰা তথা শৰণ দিয়া কাৰ্য বৰপেটা সত্ৰৰ নীতি বৰ্হিভূত৷
No comments:
Post a Comment