ৰাছিয়া বিশ্বকাপৰ কোৱাৰ্টাৰত ইংলেণ্ড : কলম্বিয়াৰ বিদায় - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Thursday, July 05, 2018

ৰাছিয়া বিশ্বকাপৰ কোৱাৰ্টাৰত ইংলেণ্ড : কলম্বিয়াৰ বিদায়

মস্কো : পেনাল্টী খুট আউটৰ দীর্ঘদিনীয়া অভিশাপ মােচন কৰি ৰাছিয়া বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে হেৰি কেন নেতৃত্বাধীন ইংলেণ্ডে। মঙলবাৰে নিশা অনুষ্ঠিত প্রি-কোৱাৰ্টাৰ ফাইনেলৰ এখন ৰােমাঞ্চকৰ মেচত ১৯৬৬ চনৰ চেম্পিয়ন দলটোৱে কলম্বিয়াক পেনাল্টী শুট আউটত ৪-৩ গ’লত পৰাস্ত কৰিবলৈ সক্ষম হয়।
নির্ধাৰিত সময়ত ১-১ গ’লত অমীমাংসিত হৈ থকা মেচখনৰ অতিৰিক্ত সময়তাে কোনাে এটা দলেই গ’ল কৰিবলৈ সক্ষম নােহােৱাত পেনাল্টীৰ সহায় লােৱা হয়। মন কৰিবলগীয়া যে ইয়াৰ পূর্বে বিশ্বকাপত ইংলেণ্ডে তিনিবাৰ পেনাল্টীত অৱতীৰ্ণ হৈছিল যদিও এবাৰাে সফলতাৰ মুখ দেখা নাছিল।
ইউৰােপীয়ান চেম্পিয়নশ্বিপতাে দলটোৱে চাৰিাৰৰ ভিতৰত মাত্ৰ এবাৰহে পেনাল্টীত জয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল। ইংলেণ্ডৰ বাবে পেনাল্টী শুট আউটৰ ইতিহাস অত্যন্ত হতাশজনক আছিল যদিও মঙলবাৰে নিশা কলম্বিয়াৰ বিৰুদ্ধে যুৱ খেলুৱৈৰে গঠিত দলটো সংঘবদ্ধভাৱে উজলি উঠে। ইয়াৰ পূর্বে নির্ধাৰিত সময় ৰ প্রথমার্ধ ১-১ গ’লত। অমীমাংসিত হৈ থকাৰ পাছত দ্বিতীয়ার্ধৰ আৰম্ভণিৰ পৰা ইংলেণ্ডে আক্রমণাত্মক খেল প্রদর্শনেৰে প্ৰথমটো সাফল্য অর্জন কৰে। ৫৭ মিনিটত পেনাল্টীৰ জৰিয়তে অধিনায়ক হেৰি কেনে দলটোক অগ্রগতি প্রদান কৰিবলৈ সক্ষম হয়।


প্রায় অন্তিম ক্ষণলৈ ১-০ গ’লত আগবাঢ়ি থাকি নিশ্চিত জয়ৰ দিশে অগ্ৰসৰ হােৱাৰ সময়তে ইংলেণ্ডৰ শিবিৰত ত্ৰাসৰ সৃষ্টি কৰি কলম্বিয়াই সমতা স্থাপন কৰে। ষ্টপেজ টাইমৰ তিনি মিনিটত য়েৰি মিনাই এটা দুর্দান্ত হেডেৰে দক্ষিণ আমেৰিকান দলটোৰ হৈ গ'লটো কৰিবলৈ সক্ষম হয়।
উল্লেখ্য যে কলম্বিয়াক পেনাল্টীত পৰাস্ত কৰি ইংলেণ্ডে ২০০৬ৰ পাছত প্ৰথমবাৰৰ বাবে নকআউট ৰাউণ্ডত জয় সাব্যস্ত কৰে। কোৱাৰ্টাৰ ফাইনেলত হেৰি কেন নেতৃত্বাধীন দলটো ছুইডেনৰ মুখামুখি হ’ব। ইফালে, অধিনায়ক কেনে চলিত বিশ্বকাপত গলৰ সংখ্যা সাতটালৈ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে।

No comments:

Post a Comment

SPONSORED