এপিচিচিৰ সম্পাদক অৰুণ তিৱাৰীৰ নিলম্বন প্রত্যাহাৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

July 20, 2018

এপিচিচিৰ সম্পাদক অৰুণ তিৱাৰীৰ নিলম্বন প্রত্যাহাৰ

গুৱাহাটী: জ্যেষ্ঠ কংগ্ৰেছী নেতা অৰুণ তিৱাৰীৰ নিলম্বন উঠাই লােৱাৰ লগতে তেওঁক পুনৰ অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক পদত বাহাল ৰাখিবলৈ এক নির্দেশ জাৰী কৰা হৈছে। অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক (সাংগঠনিক) ৰঞ্জন বৰাৰ স্বাক্ষৰিত আৰু সভাপতি ৰিপুন বৰালৈ প্ৰেৰণ কৰা এক পত্ৰত উল্লেখ কৰা অনুসৰি জ্যেষ্ঠ কংগ্ৰেছী নেতা অৰুণ তিৱাৰীৰ নিলম্বন উঠাই লােৱাৰ লগতে তৎকালীনভাৱে কাৰ্যকৰী হােৱাকৈপুনৰ তেওঁক অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক পদত বাহাল ৰখা হয়। উক্ত পত্ৰৰ প্রতিলিপি অসম বিধানসভাৰ বিৰােধী দলৰ দলপতি দেবব্রত শইকীয়ালৈয়াে প্রেৰণ কৰা হয়। 
স্মর্তব্য যে গুৱাহাটীৰ এখন ব্যক্তিগত শিক্ষানুষ্ঠানৰ কৰ্মচাৰীক পিষ্টল দেখুওৱাৰ অভিযােগত অৰুণ তিৱাৰীক তৎকালীনভাৱে কাৰ্যকৰী হােৱাকৈঅসম প্রদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক পদৰ লগতে প্রাথমিক সদস্য পদৰ পৰাও নিলম্বন কৰা হৈছিল।
ইপিনে তিৱাৰীয়ে পুনৰ অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক পদত বাহাল ৰখাৰ পত্ৰ লাভ কৰি তেওঁ কয় যে— এক অবাঞ্ছিত ঘটনাৰ ভুল বুজাবুজিৰ ফলস্বৰূপে দলটোৰ পৰা বহিষ্কাৰ হ’বলগীয়া হৈছিল। দলটোৰ সকলাে নীতি-নির্দেশক মই পূর্ণ সমর্থন জনাইছাে। পূৰ্বৰে পৰা কংগ্ৰেছ দল কৰি আহিছাে আৰু আজীৱন কংগ্ৰেছ দলৰ সৈতে জড়িত থাকি ৰাইজৰ হৈ কাম কাম কৰি যাম। কংগ্রেছৰ সৰ্বভাৰতীয় সভাপতি ৰাহুল গন্ধীৰ নেতৃত্বত ইতিমধ্যে কংগ্ৰেছ দলে এক নতুন ৰূপ পাইছে। সেয়ে বিজেপিৰ বিশ্বাস ঘাতকতাৰ বলি হােৱা ভাৰতবাসীয়ে পুনৰ কংগ্ৰেছ দলক আকোৱালি ল'ব বুলি তেওঁ দাবী কৰে।

No comments:

Post a Comment

SPONSORED