হোণ্ডা কাৰছ ইণ্ডিয়াই মুকলি কৰিলে নতুন হোণ্ডা জেজ ২০১৮ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

July 20, 2018

হোণ্ডা কাৰছ ইণ্ডিয়াই মুকলি কৰিলে নতুন হোণ্ডা জেজ ২০১৮


নতুন দিল্লী : ভাৰতৰ অগ্ৰণী যাত্ৰীবাহী বাহনৰ নিৰ্মাতা হোণ্ডা কাৰছ ইণ্ডিয়া লিমিটেড (এইচচিআইএল)-এ মুকলি কৰে উন্নত ষ্টাইল, সমৃদ্ধ ইণ্টেৰিয়ৰ আৰু সংযোজিত সুৰক্ষা বৈশিষ্ট্যৰে নতুন হোণ্ডা জেজ ২০১৮।
বৰ্ধিত এক্সটেৰিয়ৰ ষ্টাইলিং উপাদান (নতুন)
• ছিগনেছাৰ ৰিয়াৰ এলইডি উইং লাইট
• ক্ৰ’ম ড’ৰ হেণ্ডেল
• ২টা নতুন এক্সটেৰিয়ৰ কালাৰ
সমৃদ্ধ ইণ্টেৰিয়ৰ (নতুন)
• ১৭.৭ চেণ্টিমিটাৰ টাচ্চস্ক্ৰীণ ইনফ’টেইনমেণ্ট, যাৰ সৈতে আছে অ’ডিঅ’, ভিডিঅ’ আৰু নেভিগেছন ছিষ্টেম – ব্লুটুথ অ’ডিঅ’ৰ সৈতে ডিজিপেড ২.০, এপেল কাৰপ্লে™ আৰু এণ্ড্ৰইড অ’টো™ তথা ৰিয়াৰ কেমেৰা ডিছপ্লে।
• এটা পুছ ষ্টাৰ্ট/ষ্টপ বাটন বগা আৰু ৰঙা আলোকৰ সৈতে*
• হোণ্ডা স্মাৰ্ট কী ছিষ্টেম (টাচ্ছ চেঞ্চৰ ভিত্তিক) কীলেছ ৰিমোটৰ সৈতে*
• ক্ৰুজ কণ্ট্ৰ’ল*
• সন্মুখত চেণ্টাৰ আৰ্মৰেষ্ট
• চেণ্ট্ৰেল লক হেণ্ড ছুইছ
• ড্ৰাইভাৰৰ কাষত ভেনিটী মিৰৰ
• উন্নীত এনভি কৰ্মক্ষমতা
*চিভিটি আৰু ডিজেল প্ৰকাৰত উপলব্ধ
উন্নীত সুৰক্ষা (নতুন)
• ৰিয়াৰ পাৰ্কিং ছেন্সৰ
• স্পীড ছেনছিং অ’টো ড’ৰ লক
নতুন হোণ্ডা জেজ এতিয়াৰেপৰা উপলব্ধ হ’ব পেট্ৰ’লত ২ গ্ৰেড – ভি আৰু ভিএক্স আৰু ডিজেলত ৩ গ্ৰেড – এছ,ভি আৰু ভিএক্স মেনুৱেল ট্ৰেন্সমিছনৰ সৈতে। অ’টোমেটিক্সত উচ্চ গ্ৰহণীয়তা আৰু চাহিদাৰ ক্ষেত্ৰত বজাৰৰ ট্ৰেণ্ডলৈ সঁহাৰি জনাই এতিয়াৰেপৰা হোণ্ডা জেজ উপলব্ধ হ’ব অত্যাধুনিক চিভিটি প্ৰযুক্তি পেট্ৰ’লৰ ভি আৰু ভিএক্স উভয় গ্ৰেডতে। নতুন জেজৰ ৰঙৰ ক্ৰমো পুনৰ সতেজ কৰি তোলা হৈছে আৰু নতুন মডেলৰ আকৰ্ষণ হৈছে প্ৰিমিয়াম বেইজ ইণ্টেৰিয়ৰ সৈতে পছন্দ কৰিব পাৰিব পাঁচটা এক্সটেৰিয়ৰ কালাৰ – ৰেডিয়েণ্ট ৰেড মেটালিক (নতুন), লুনাৰ ছিলভাৰ মেটেলিক (নতুন), মডাৰ্ণ ষ্টিল মেটেলিক, গোল্ডেন ব্ৰাউন মেটেলিক আৰু হোৱাইট অৰ্কিড পাৰ্ল।
জেজ ২০১৮ৰ মুকলি সম্পৰ্কে উল্লেখ কৰি, ৰাজেশ গোৱেল, ছিনিয়ৰ ভাইচ প্ৰেচিডেণ্ট আৰু ডাইৰেক্টৰ, ছেলছ এণ্ড মাৰ্কেটিং, হোণ্ডা কাৰছ ইণ্ডিয়া লিমিটেড-এ কয়, “বিস্তৃত বিশেষত্বৰ সৈতে নতুন হোণ্ডা জেজ ২০১৮ কৰিবলৈ পাই আমি অত্যন্ত উচ্চাসিত হৈ পৰিছোঁ। নতুন জেজে আগবঢ়াইছে আশ্বৰ্যকৰ মূল্য আৰু নিশ্চিতভাৱে প্ৰিমিয়াম হেটছবেক খণ্ডত নতুন উছাহৰ সৃষ্টি কৰিব।” “অটোমেটিকছৰ ক্ষেত্ৰত গ্ৰাহকৰ পৰিৱৰ্তিত পছন্দৰ সৈতে মিলাই এতিয়া জেজ ২০১৮-ই পেট্ৰ’ল ৰেঞ্জত আগবঢ়াইছে অত্যাধুনিক চিভিটি প্ৰযুক্তি, যাতে সম্পূৰ্ণৰূপে আৰামদায়ক আৰু ব্যস্ত ড্ৰাইভৰ বাবে গৰিষ্ঠসংখ্যক গ্ৰাহকে বিচৰা অ’টোমেটিক ট্ৰেন্সমিছন কাৰৰ চাহিদা পূৰণ কৰিব পাৰে,” তেওঁৰ সংযোজন।
নতুন জেজ ২০১৮ৰ এক্স-শ্ব’ৰুম দিল্লীত দামৰ সম্পূৰ্ণ লাইন-আপ:
পেট্ৰ’ল
ভি এমটি
ভিএক্স এমটি
ভিচিভিটি
ভিএক্স চিভিটি
ডিজেল
এছ এমটি
ভি এমটি
ভিএক্স এমটি

No comments:

Post a Comment

SPONSORED