যোৰহাটঃ অসম চাহ নিগমৰ বিত্তীয় দুৰৱস্থাই দীর্ঘদিন ধৰি কোঙা কৰি ৰখা শ্রমিক-কর্মচাৰীৰ বাবে সু-খবৰ৷ নিগমৰ ১৪ খন বাগিচাৰ প্রায় ১৭ হাজাৰ শ্রমিক-কর্মচাৰীৰ দীর্ঘদিন অনাদায় হৈ থকা আঢ়ৈশ কোটি টকা বকেয়া প্রদান কৰাৰ প্রক্রিয়া আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে৷
ইতিমধ্যে প্রথম পর্যায়ত ইয়াৰে এশ কোটি টকা তাৎক্ষণিকভাৱে মুকলি কৰি দিছে চৰকাৰে৷ জানিব পৰা মতে, সমগ্র প্রক্রিয়াটোৰ আনুষ্ঠানিকতা ৰক্ষা কৰি কাইলৈ নিগমৰ যোৰহাটস্থ চিনামৰা আৰু মূৰমূৰীয়া চাহ বাগিচাত নির্বাচিত একাংশ শ্রমিক-কর্মচাৰীক চেক প্রদান কৰিব৷ স্বাভাৱিকভাৱেই দীর্ঘদিনীয়া প্রতীক্ষাৰ অন্তত ৰাজ্য চৰকাৰৰ এই পদক্ষেপে নিগমৰ ১৭ হাজাৰ শ্রমিক-কর্মচাৰীৰ পৰিয়ালক উৎফুল্ল কৰি তুলিছে৷
কাৰণ ২০০১ চনৰ পৰাই নিগম কর্তৃপক্ষই বিত্তীয় দুৰৱস্থাৰ দোহাই দি শ্রমিক কর্মচাৰীসকলৰ বকেয়া আদায় দিয়া নাছিল৷ আনকি নিজৰ প্রাপ্য টকাকেইটা নোপোৱাকৈয়ে ইয়াৰে বহুলোকৰ ইতিমধ্যেই মৃত্যু হোৱাৰ বিপৰীতে একাংশৰ চাকৰিৰ কার্যকাল উকলি গ’ল যদিও চৰকাৰে অথবা নিগম কর্তৃপক্ষ এওঁলোকৰ প্রতি সদয় হোৱা নাছিল৷
কিন্তু শেহতীয়াকৈ নতুন চৰকাৰখনে এইসকল শ্রমিক-কর্মচাৰীৰ এই দীর্ঘদিনীয়া সমস্যা সহানুভূতিৰে বিবেচনা কৰি লোৱা পদক্ষেপে শ্রমিক-কর্মচাৰীসকল উপকৃত হোৱাটো নিশ্চিত৷ জানিব পৰা মতে ৰাজ্য চৰকাৰে মুঠ বকেয়াৰ পৰা মুকলি কৰি দিয়া এশ কোটি টকা প্রাৰম্ভিক পর্যায়ত প্রদান কৰা হ’ব ইতিমধ্যেই অৱসৰ গ্রহণ কৰা শ্রমিক-কর্মচাৰী আৰু মৃতকৰ আত্মীয়ক৷ চৰকাৰৰ এই সিদ্ধান্তই নিগমৰ ব্রহ্মপুত্র উপত্যকাৰ ১১ খন আৰু বৰাক উপত্যকাৰ ৩ খন বাগিচাক সামৰি ল’ব৷
ইফালে শ্রমিক-কর্মচাৰীৰ বকেয়াৰ আঢ়ৈশ কোটি টকাৰ উপৰি অনাদায় হৈ থকা ভৱিষ্যনিধিৰ এশ কোটি টকা আদায় দিয়াৰ কথাও চৰকাৰে বিবেচনা কৰি থকা বুলি নিগমৰ এক সূত্রই জনাইছে৷ লক্ষণীয় যে চৰকাৰৰ এই পদক্ষেপে তীব্র আর্থিক সংকটত ভুগি থকা শ্রমিক-কর্মচাৰীসকলক যথেষ্ট সকাহ দিব যদিও একে সময়তে নিগমৰ বাগিচাসমূহৰ উন্নয়নৰ ক্ষেত্রতো চৰকাৰে সিদ্ধান্ত হোৱাৰ সময় আহি পৰিছে৷ কাৰণ বর্তমান সময়ত চাহ নিগমৰ নগাঁও আৰু যোৰহাট ডিভিজনৰ কেইখনমান বাগিচাৰ বাদে অধিকাংশই এতিয়া অস্তিত্বৰ সংকটত৷ এনে অৱস্থাত যদি চৰকাৰে এই বিষয়টোত শীঘ্রেই হস্তক্ষেপ নকৰে, তেন্তে আগন্তুক কিছু দিনত এইসমূহ বাগিচা পুনৰুদ্ধাৰ কৰাৰ বাবে হাতত নাথাকিবগৈ৷
No comments:
Post a Comment