ৰহাঃ নগাঁও জিলাৰ উপায়ুক্তই শনিবাৰে বিয়লি ততাতৈয়াকৈ এখন সংবাদমেল আয়োজন কৰি দেওবাৰে পুৱা ৰহা টোলগে’ট পুনৰ মুকলি কৰি যান-বাহনৰ পৰা যাতায়াতৰ মাচুল সংগ্রহ কৰা হ’ব বুলি ঘোষণা কৰিছিল যদিও এই সংবাদমেলৰ দুঘণ্টা নৌহওঁতেই নিজৰ সিদ্ধান্ত সলনি কৰে৷
পাছত উপায়ুক্ত বিশ্বজিৎ পেগুৱে সংবাদ মাধ্যমক কয় যে এন আৰ চিৰ খচৰা প্রকাশৰ পৰিপ্রেক্ষিতত ৰহাৰ টোলগে’ট পৰৱর্তী নির্দেশ নিদিয়া পর্যন্ত বন্ধ থাকিব৷ সেয়ে পুৱা ৰহাৰ টোলগে’ট মুকলি কৰি কৰ সংগ্রহ কৰা নহয়৷ ইফালে টোলগে’ট পুনৰ খুলি ইয়াত যান-বাহনৰ পৰা যাতায়তী মাচুল সংগ্রহ কৰিবলৈ বদ্ধপৰিকৰ ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণ আৰু ৰাজ্য চৰকাৰে এই কথা স্পষ্টভাৱে প্রকাশ কৰিলে নগাঁও জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু আৰু ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণৰ মহাপ্রবন্ধক অলক কুমাৰে৷
সংবাদমেলত উপায়ুক্ত বিশ্বজিৎ পেগুৱে কয়, ‘ৰহাৰ টোলগে’ট অবৈধ নহয়৷ সম্পূর্ণ বৈধ টোলগে’ট৷ এইটো ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণৰ সম্পত্তি৷ ইয়াক ৰক্ষণাবেক্ষণ দিয়াৰ দায়িত্ব আমাৰ৷ ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণে প্রশাসনৰ সহযোগিতা বিচাৰিছে, আমি সম্পূর্ণ সহযোগিতা আগবঢ়াম৷’ ৰহাৰ টোলগে’ট বন্ধ হৈ থকাৰ পৰিপ্রেক্ষিতত প্রতিদিনে ১০ লাখ ৩৯ হাজাৰ টকাৰ ৰাজহ চৰকাৰৰ লোকচান হৈ থকা বুলিও সংবাদমেলত উপায়ুক্ত পেগুৱে প্রকাশ কৰে৷
ইপিনে, উপায়ুক্তই টোলগে’টৰ সন্দর্ভত এক ত্রিপাক্ষিক বৈঠক আহবান কৰি কৃষক মুক্তি সংগ্রাম সমিতি, যুৱ- ছাত্র পৰিষদ আদিৰ প্রতিনিধিক বিয়লি ৩-৩০ বজাত উপায়ুক্তৰ কার্যালয়ৰ সভাকক্ষলৈ আমন্ত্রণ জনোৱা সত্ত্বেও সংগঠনসমূহে বিভিন্ন অজুহাতত বৈঠক বর্জন কৰাত পেগুৱে ‘এয়া দুর্ভাগ্যজনক’ বুলি মন্তব্য কৰে৷ আনহাতে, সংবাদমেলত ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণৰ মহাপ্রবন্ধক অলক কুমাৰে কয়, ‘ৰহাৰ টোলগে’টখন ২০০৪-০৫ চনতে নির্মাণ কৰা হৈছিল৷ কিন্তু ৰহা নগৰ সমিতি ২০০৯ চনতহে গঠন কৰা হয়৷
তদুপৰি বিভিন্ন সংগঠনে দাবী কৰা অনুসৰি টোলগে’টখন ৰহা নগৰ সমিতিৰ এলেকাৰ ভিতৰত নপৰে৷ ই ৰণথলী গাঁও পঞ্চায়তৰ এলেকাধীন অঞ্চলতহে অৱস্থিত৷ ‘টোলগে’টখনত স্থানীয় বাণিজ্যিক যান-বাহনসমূহৰ যাতায়তী মাচুল কিছু পৰিমাণে ৰেহাই দিয়াৰ কথাও প্রকাশ কৰে মহাপ্রবন্ধক কুমাৰে৷ সংবাদমেলত অতিৰিক্ত উপায়ুক্ত লাচিত দাসে কয় যে দল-সংগঠনসমূহে যদি ভাবে ৰহা টোলগে’টখন বৈধ নহয় তেতিয়া তেওঁলোক নিজৰ হাতত থকা তথ্য-পাতি লৈ ন্যায়ালয়ৰ কাষ চাপিব পাৰে৷
ইফালে এটা বিবৃতিত কৃষক মুক্তি সংগ্রাম সমিতিৰ উপদেষ্টা অখিল গগৈ, সভাপতি ৰাজু বৰা, ভাস্কো ডি শইকীয়া, সাধাৰণ সম্পাদক ধৈর্য কোঁৱৰ আৰু মুকুট ডেকাই কয় যে ৰহাৰ টোলগে’ট অবৈধ৷ ইয়াক পুনৰ খুলিবলৈ চেষ্টা কৰিলে পৰিস্থিতি ভয়াৱহ হ’ব৷ টোলগে’ট কর্তৃপক্ষ, জিলা প্রশাসনে তেওঁলোকৰ প্রতিশ্রুতি অনুযায়ী অতিশীঘ্রে চৰকাৰৰ সৈতে ত্রিপাক্ষিক বৈঠক অনুষ্ঠিত কৰক৷ যেতিয়ালৈকে ত্রিপাক্ষিক বৈঠক অনুষ্ঠিত নহ’ব তেতিয়ালৈকে ৰহাৰ টোলগে’ট বন্ধ ৰাখিব লাগিব৷
অসমৰ ৰাইজে এখন অবৈধ টোলগে’টক এনেকৈ কৰ সংগ্রহ কৰিবলৈ অনুমতি দিব নোৱাৰে৷ যেতিয়ালৈকে ত্রিপাক্ষিক বৈঠকত ন্যায়সংগত প্রশ্নসমূহ মীমাংসা নহ’ব, তেতিয়ালৈকে টোলগে’ট নুখুলিবলৈ অমি সকীয়াই দিছোঁ৷
No comments:
Post a Comment