দেশজুৰি অংগনৱাড়ী কৰ্মী-সহায়িকাৰ কলা দিৱস পালন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Tuesday, July 10, 2018

দেশজুৰি অংগনৱাড়ী কৰ্মী-সহায়িকাৰ কলা দিৱস পালন


বৰপেটাত প্ৰখৰ ৰ'দকো নেওচি কৰ্মী-সহায়িকাৰ শোভাযাত্ৰা

বৰপেটা : অংগনবাড়ী কৰ্মী-সহায়িকাৰ কেবাটাও দাবীৰ সমৰ্থনত মঙলবাৰে দেশজুৰি কলা দিৱস পালন কৰে অংগনৱাড়ী কৰ্মী সহায়িকাসকলে৷ এই কাৰ্যসূচীৰ অংশ হিচাপে অংগনৱাড়ী কৰ্মী-সহায়িকাসকলে বৰপেটা চহৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰ বিৰোধী শ্লোগান দিয়ে৷
সৰ্বভাৰতীয় ফেডাৰেচনৰ আহ্বানত আৰু ‘চিটু’ৰ সহযোগত অংগনৱাড়ী কৰ্মী-সহায়িকাসকলে দেশজুৰি ৰূপায়ন কৰা এই কলা দিৱস কাৰ্যসূচীৰ অংশ হিচাপে অসম ৰাজ্যিক অংগনৱাড়ী কৰ্মী-সহায়িকা সন্থাৰ বৰপেটা জিলা সমিতিয়ে দিনৰ প্ৰায় ১০বজাত জিলা সমাজ কল্যান বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত সমবেত হৈ এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰে৷
ইয়াৰ পিছতে প্ৰায় ১২বজাত কৰ্মী-সহায়িকাসকলে হাতে-হাতে প্লে-কাৰ্ড লৈ জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ এক প্ৰতিবাদী সমদল উলিয়ায়৷ প্ৰখৰ ৰ'দকো নেওচি কেবা শতাধিক মহিলাই সমদল উলিওৱাত বৰপেটা হাউলী পথছোৱাত তীব্ৰ যান-জোটৰ সৃষ্টি হয়৷
জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ ৰাওনা কৰা প্ৰতিবাদকাৰীসকলক উপাযুক্তৰ কাৰ্যালয়লৈ যোৱাত আৰক্ষীয়ে বাধা আৰোপ কৰাত প্ৰতিবাদকাৰীসকলে আৱৰ্ত ভৱনৰ সন্মুখৰ মিলেনিয়াম পাৰ্কত সমবেত হয়৷ এই স্থানতে জিলা উপায়ুক্তৰ প্ৰতিনিধি উপস্থিত হোৱাত প্ৰতিনিধিগৰাকীৰ হাতত জিলা উপাযুক্তৰ জৰিয়তে দেশৰ শিশু আৰু মহিলা কল্যাণ মন্ত্ৰীলৈ প্ৰেৰণ কৰিবলগা স্মাৰক পত্ৰ অৰ্পণ কৰে৷ কাৰ্যসূচীত সন্থাটোৰ জিলা সমিতিৰ সভানেত্ৰী সম্পাদিকা ক্ৰমে ৰণজিতা কাকতি আৰু ডলিমইনা চৌধুৰীৰ লগতে অন্যান্য নেত্ৰীসকল আৰু সাত শতাধিক কৰ্মী-সহায়িকা উপস্থিত থাকে৷

No comments:

Post a Comment

SPONSORED