গুৱাহাটীঃ বুধবাৰৰ পৰা ৰাজ্যৰ মাছৰ বজাৰত অভাৱনীয় নাটনি পৰিলক্ষিত হয়৷ কেৱল থলুৱাভাৱে উৎপাদিত হোৱা মাছহে ৰাজ্যৰ বজাৰত উপলব্ধ হ’ব৷ বহিঃৰাজ্যৰ পৰা আমদানি কৰা কোনো মাছ অনাগত দহ দিনলৈ ৰাজ্যৰ বজাৰত ব্যৱসায়ীয়ে বিক্রী কৰিব নোৱাৰিব৷ অর্থাৎ কার্যকৰী হোৱাকৈ দহ দিনলৈ ৰাজ্যৰ বজাৰত চালানী মাছ বিক্রীত নিষেধাজ্ঞা জাৰি কৰিলে ৰাজ্য চৰকাৰে৷
মানুহৰ মৃতদেহত ব্যৱহাৰ কৰা মাৰাত্মক ফর্মেলিন চালানী মাছত ব্যৱহাৰ কৰাৰ পৰিপ্রেক্ষিতত অনাগত দহ দিনলৈ চালানী মাছ বিক্রীত নিষেধাজ্ঞা জাৰি কৰাৰ কথা ঘোষণা কৰিলে স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্রী পীযু়ষ হাজৰিকাই৷ খাদ্য সুৰক্ষা বিষয়াক লগত লৈ গুৱাহাটীত মঙ্গলবাৰে এখন সংবাদমেল অনুষ্ঠিত কৰি মন্ত্রী দাসে কয় যে ২৯ জুনত গুৱাহাটীৰ লখৰাত থকা মাছৰ পাইকাৰী বজাৰত অভিযান চলাই কেইবাটাও নমুনা সংগ্রহ কৰি সেই নমুনাকেইটা খাদ্য সুৰক্ষা বিভাগৰ বামুণীমৈদামত থকা পৰীক্ষাগাৰত পৰীক্ষা কৰোঁতে চালানী মাছত বিষাক্ত ফর্মেলিন ব্যৱহাৰ কৰাটো ধৰা পৰিছিল৷
এই সন্দর্ভত পৰীক্ষাগাৰৰ পৰা কালি প্রতিবেদন লাভ কৰিছিল আৰু প্রতিবেদন পোৱাৰ পাছতেই প্রথম পদক্ষেপ হিচাপে দহ দিনলৈ ৰাজ্যৰ সকলো প্রান্তত চালানী মাছ বিক্রীত নিষেধাজ্ঞা জাৰি কৰাৰ কথা উল্লেখ কৰে৷ ইতিমধ্যে অসমত মজুত থকা চালানী মাছো কোনো ব্যৱসায়ীয়ে বিক্রী কৰিব নোৱাৰিব আৰু বিক্রী কৰিলে বিহিত ব্যৱস্থাৰ সন্মুখীন হ’ব বুলি সকীয়াই দিয়ে৷ চালানী মাছ বিক্রীত জাৰি কৰা নিষেধাজ্ঞা সন্দর্ভত পাইকাৰী ব্যৱসায়ীসকললৈ জাননী প্রেৰণ কৰিব বুলি উল্লেখ কৰে৷ কিন্তু দহ দিন উকলি যোৱাৰ পাছত চালানী মাছ বিক্রীৰ ক্ষেত্রত কি সিদ্ধান্ত ল’ব বুলি সাংবাদিকে সোধা প্রশ্নৰ উত্তৰত মন্ত্রী দাসে জনায় যে দহ দিন পাছত ব্যৱসায়ীয়ে চালানী মাছ বিক্রী কৰিব পাৰিব যদিও ফর্মেলিনযুক্ত মাছ বিক্রী কৰিব নোৱাৰিব৷ ফর্মেলিনযুক্ত মাছ বিক্রী কৰাটো ধৰা পৰিলেই খাদ্য সুৰক্ষা আইন ২০০৬ অনুসৰি আইনী ব্যৱস্থাৰ সন্মুখীন হ’ব৷
যি ব্যৱসায়ীয়ে ফর্মেলিনযুক্ত মাছ বিক্রী কৰাটো ধৰা পৰে, সেই ব্যৱসায়ীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি দুই বছৰৰ পৰা সাত বছৰ পর্যন্ত কাৰাৱাস খটাৰ লগতে ১০ লাখ টকাৰ জৰিমনা বিহাৰ ব্যৱস্থা কার্যকৰী কৰা হ’ব বুলি মন্ত্রী দাসে সংবাদমেলত ঘোষণা কৰে৷ খাদ্য সুৰক্ষা আইনৰ ধাৰা ৩৪ (৪) আৰু ধাৰা ৫৯ মর্মে মাছত ফর্মেলিন ব্যৱহাৰ কৰা ব্যৱসায়ী দোষী সাব্যস্ত হ’ব বুলিও উল্লেখ কৰে৷ কেৱল মাছৰ ক্ষেত্রতেই নহয়, কার্বাইড ব্যৱহাৰ কৰি ফল-মূল বিক্রী কৰা ব্যৱসায়ীৰ বিৰুদ্ধেও এক আইনী ব্যৱস্থা কার্যকৰী কৰা হ’ব বুলি সংবাদমেলত সদৰী কৰে৷
মন্ত্রী দাসে সংবাদমেলত লগতে এই কথাও কয় যে মাছত ফর্মেলিন ক’ত ব্যৱহাৰ কৰে অর্থাৎ উৎসস্থলীত ব্যৱহাৰ কৰে নে পাইকাৰী ব্যৱসায়ীয়ে অসমলৈ অনাৰ পাছত ব্যৱহাৰ কৰে, চৰকাৰে সেয়া নাচায়৷ চৰকাৰৰ কথা হ’ল ফর্মেলিন ব্যৱহাৰ কৰা মাছ ৰাজ্যৰ বজাৰত বিক্রী কৰিব নোৱাৰিব৷ যদি উৎসস্থলীত ফর্মেলিন ব্যৱহাৰ কৰে, তেন্তে অসমৰ ব্যৱসায়ীয়ে সেই মাছ আমদানি নকৰিলে উৎসস্থলীতে ফর্মেলিন ব্যৱহাৰ কৰা বন্ধ হ’ব৷ ইফালে, ৰাজ্যৰ সকলো স্থানতে যাতে খাদ্য সামগ্রী খোৱাৰ উপযুক্ত হয় নে নহয় সেয়া পৰীক্ষা কৰিব পৰা যায়, তাৰ বাবে অচিৰেই জার্মানিৰ পৰা অত্যাধুনিক প্রযুক্তি অনা হ’ব বুলি সংবাদমেলত খাদ্য সুৰক্ষা বিষয়াই সদৰী কৰে৷
No comments:
Post a Comment