শিৱসাগৰঃ ৰে’ল যাত্রীৰ সুৰক্ষাৰ দিশটোলৈ চৰম ভ্রূকুটি দেখুৱাই মঙ্গলবাৰে চলন্ত ৰে’লৰ ভিতৰতে শিৱসাগৰ জিলাৰ শিমলুগুৰিত এটা শিহৰণকাৰী হত্যাকাণ্ড সংঘটিত হোৱাত সমগ্র ৰাজ্যখনতে তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে৷
মঙ্গলবাৰে পুৱা প্রায় ৯ বজাত শিৱসাগৰ জিলাৰ শিমলুগুৰি ৰে’লৱে জংছনত ৰে’ল আৰক্ষীৰ এটা নিয়মীয়া তালাচী দলে দবাৰ ভিতৰৰ শৌচালয়ত উদ্ধাৰ কৰে এগৰাকী মেধাৱী ছাত্রীৰ মৃতদেহ৷ পিছত ছাত্রীগৰাকী শিৱসাগৰ নগৰৰ এ এছ টি চি আস্থানৰ সমীপৰ লাচিত নগৰত ভাৰাতীয়া হিচাপে থকা তাৰা দেৱীৰ জ্যেষ্ঠা কন্যা বুলি নিশ্চিত কৰা হয়৷ বিহাৰৰ পৰা আহি কেইবাটাও দশক ধৰি শিৱসাগৰত বাস কৰা ৰাধা কুমাৰী নামৰ ছাত্রীগৰাকীৰ পিতৃও প্রায় দহ বছৰৰ পূর্বে এক দুর্ঘটনাত ৰহস্যজনক মৃত্যু হৈছে৷ যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ পঞ্চম ষাণ্মাসিকৰ ছাত্রী ৰাধা কুমাৰী মঙ্গলবাৰে পুৱাই ভাৰাঘৰৰ পৰাই ওলাই গৈছিল ফৰকাটিং অঞ্চলত থকা মোমায়েকৰ ঘৰলৈ৷
মোমায়েকৰ ঘৰলৈ বুলি ওলাই যোৱা ৰাধাক শিৱসাগৰ টাউন ষ্টেছনত মাতৃ আৰু কণমানি ভাতৃয়ে নিজেই ডিব্রুগড়-ৰঙিয়া নামনিমুৱা ১৫৯২৮ নম্বৰৰ ৰে’লখনত তুলি দিছিল৷ কিন্তু মাতৃ-ভাতৃ ষ্টেছনৰ পৰা ঘূৰি আহি ঘৰ পোৱাৰ পূর্বেই ৰে’লৰ ভিতৰতে মৃত্যুৰে যুঁজ দিব লগা হৈছিল তাৰা দেৱীৰ কন্যাই৷ কাৰণ ৰে’লেৰে শিৱসাগৰৰ পৰা শিমলুগুৰিলৈ সময় লাগে প্রায় ১৫ মিনিট৷ মাত্র সিমানখিনি সময়ৰ ভিতৰতে কৰুণভাৱে মৃত্যুক সাবটি লয় ৰাধা কুমাৰীয়ে৷
জানিব পৰা মতে, জিনছ-স্প’র্টিং পৰিহিত ৰাধাৰ মৃতদেহ প্রথমে প্রত্যক্ষ কৰে শিমলুগুৰি ৰে’লৱে আৰক্ষীৰ টহলদাৰী দলে৷ সেই সময়ত ডিঙিত গামোচাৰে চিপ দিয়া ৰাধাৰ মৃতদেহ অর্ধ উলংগ অৱস্থাত থকাৰ লগতে মুখখন ফুলা অৱস্থাত আছিল৷ দেহৰ ওপৰ অংশত আছিল কিছু দাগ৷ দুর্বৃত্তই এচিড জাতীয় দ্রব্য দেহত ঢালি দিয়া বুলিও সন্দেহ কৰা হৈছে৷ উল্লেখযোগ্য যে শিৱসাগৰ টাউন ষ্টেছনত মাতৃ আৰু ভাতৃয়ে তুলি দিয়া ৰে’লখনৰ দবাটো আছিল দিব্যাংগৰ বাবে সংৰক্ষিত৷
পুৱা ৮-৩০ বজাত শিৱসাগৰ টাউন ষ্টেছনত তিনিচুকীয়াৰ পৰা আহি উপস্থিত হোৱা ৰে’লখনৰ উক্ত দবাত বিশেষ যাত্রী নাছিল৷ মাতৃয়ে জানিবলৈ দিয়া মতে, কন্যাক দবাত তুলি দিয়াৰ পিছত ক’লা পেণ্ট-গুলপীয়া ছার্ট পৰিহিত এক যুৱকক তেওঁ প্রত্যক্ষ কৰিছিল৷ মাতৃয়ে উক্ত যুৱকৰ দ্বাৰাই কন্যাক হত্যা কৰা হৈছে বুলিও সন্দেহ প্রকাশ কৰিছে৷ মাতৃয়ে জানিবলৈ দিয়া মতে, কন্যাৰ ম’বাইলটো বিগত কিছুদিন ধৰি বিকল হৈ আছিল৷
মোমায়েকৰ ঘৰত গৈ এটা এনড্রইদ ম’বাইল ক্রয় কৰিবলৈ মাতৃয়ে কন্যাৰ হাতত নগদ দহ হাজাৰ টকাও দি পঠাইছিল৷ ৰহস্যজনকভাৱে মৃতদেহৰ সৈতে উক্ত ধনখিনি উদ্ধাৰ হোৱা নাই৷ প্রাথমিক অনুসন্ধানত ৰে’লৱে আৰক্ষীয়ে উক্ত ধনখিনি হত্যাকাৰীয়ে লৈ যোৱা বুলি সন্দেহ প্রকাশ কৰিছে৷ তিনিচুকীয়াৰ পৰা পুৱা ৪-৩০ বজাত ৰঙিয়া অভিমুখে যাত্রা আৰম্ভ কৰা ৰে’লখনত চোৰাং সামগ্রী সৰবৰাহ কৰা কোনো লোক উঠি অহা বুলি ৰে’লৱে আৰক্ষীৰ ওচৰত এক গোপন তথ্য আছিল৷ উক্ত তথ্যৰ আধাৰতে দিব্যাংগৰ বাবে সংৰক্ষিত দবাটোত তালাচী চলাবলৈ গৈ তেওঁলোকে প্রত্যক্ষ কৰিছিল ৰাধা কুমাৰীৰ মৃতদেহ৷ আন এটা সূত্রই শিমলুগুৰিত তালাচী চলোৱাৰ কিছু মুহূর্তৰ পূর্বে অপৰাধী পলাই যোৱা বুলিও প্রকাশ কৰিছে৷ আনহাতে, প্রত্যক্ষদর্শীসকলে দুর্বৃত্তই ছাত্রীগৰাকীক ধর্ষণৰ অপচেষ্টা কৰা বুলিও মন্তব্য প্রকাশ কৰিছে৷
উল্লেখযোগ্য যে শিৱসাগৰ টাউন ষ্টেছন আৰু শিমলুগুৰি জংছনত কোনোধৰণৰ চি চি টি ভিৰ ব্যৱস্থা নথকা কথাই বিভাগটোৰ আন এখন পয়ালগা ছবিও ফুটি উঠিছে৷ ইফালে শিমলুগুৰি জংছনত ৰাধা কুমাৰীৰ মৃতদেহ উদ্ধাৰৰ পিছতে শিমলুগুৰি ৰে’ল আৰক্ষী থানাত ইউ ডি-১৬১৮ নম্বৰৰ এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰাৰ লগতে মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্রেৰণ কৰে৷ বিয়লি চিকিৎসালয়ৰ পৰা ৰাধাৰ মৃতদেহ লাচিত নগৰৰ ভাৰাঘৰত আহি পোৱাৰ পিছতে সৃষ্টি হয় এক শোকাকুল পৰিৱেশ৷
কেইবা শতাধিক লোকে মেধাৱী ছাত্রীগৰাকীক শেষ শ্রদ্ধাঞ্জলি জনোৱাৰ লগতে একমুখে অপৰাধীক কৰায়ত্ত কৰাৰ দাবী উত্থাপন কৰে৷ শিহৰণকাৰী ঘটনাৰ সৈতে জড়িত দুর্বৃত্তক গ্রেপ্তাৰ কৰি কঠোৰ শাস্তি দিয়াৰ দাবী জনাইছে আছুৰ শিক্ষা সম্পাদক শৰৎ হাজৰিকা, উজনি অসম মুছলিম কল্যাণ পৰিষদৰ কার্যকৰী সভাপতি মণিৰুল ইছলাম বড়া, আহোম সেনাৰ সভাপতি অংকুৰণ ফুকন, আটাছুৰ উপ সভাপতি বসন্ত গগৈ, বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ বিষ্ণু শইকীয়া, প্রশান্ত বৰগোঁসাই আমছুৰ কেন্দ্রীয় সম্পাদক ফৰিদ ইছলাম হাজৰিকা আদিকে ধৰি বিভিন্নজন ব্যক্তিয়ে৷
অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদে তৎকালীন ব্যৱস্থা গ্রহণ কৰি অপৰাধীক গ্রেপ্তাৰৰ দাবী জনাই জিলাখনৰ আৰক্ষী অধীক্ষকগৰাকীক এখন স্মাৰক পত্রও প্রদান কৰিছে৷ শিৱসাগৰ আঞ্চলিক ছাত্র সন্থাই উপায়ুক্তক স্মাৰক পত্র দি দুর্বৃত্তক গ্রেপ্তাৰৰ দাবী জনাইছে৷ ইফালে ৰাধা কুমাৰীৰ দুর্ভগীয়া মাতৃ তাৰা দেৱীয়ে কন্যাৰ হত্যাকাৰীক গ্রেপ্তাৰ কৰি কঠোৰ শাস্তি দিয়াৰ আহবান জনাই শিৱসাগৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে৷ সমান্তৰালকৈ আন এখন এজাহাৰো দাখিল কৰিছে বৃহত্তৰ অসমীয়া যুৱ মঞ্চই৷
কোন হ’ব পাৰে হত্যাকাৰী? : পুৱাই ৰঙীন মন এটা লৈ ওলাই যোৱা ৰাধাক হত্যা কৰা দুর্বৃত্ত কোন হ’ব পাৰে? এই প্রশ্নই সকলোকে জোকাৰি গৈছে৷ প্রেমজনিত কাৰণত হ’ব পাৰে নেকি এই শিহৰণকাৰী কাণ্ড? কিন্তু মাতৃ তাৰা দেৱীয়ে একেষাৰে নাকচ কৰিছে এই কথা৷ বান্ধৱীৰ দৰে সম্পর্ক ৰক্ষা কৰি চলা তাৰা দেৱীক কন্যাই সকলো কথাই জানিবলৈ দিছিল৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮৭ শতাংশ আৰু উচচতৰ মাধ্যমিক পৰীক্ষাত ৮২ শতাংশ নম্বৰ লৈ উত্তীর্ণ হোৱা ৰাধাৰ নাছিল কোনো প্রেমিক৷
সুন্দৰমল ইংলিছ স্কুলত পৰিচাৰিকাৰ কাম কৰা মাতৃয়ে ঘৰুৱা টিউশ্যন কৰিও তিনি সন্তানক পঢ়াই আহিছে৷ মাতৃৰ কষ্ট অনুধাৱন কৰা ৰাধাই কেৱল পঢ়াতে মনোনিৱেশ কৰিছিল বুলিও স্থানীয় লোকে প্রকাশ কৰিছে৷ কোনো প্রেমিক নাছিল বুলি শৈশৱৰ এগৰাকী বান্ধৱীয়েও সংবাদ মাধ্যমক জানিবলৈ দিছে৷ সেয়ে হত্যাকাৰী কোনো অপৰাধ জগতৰে জড়িত লোক হ’ব পাৰে বুলিও এটা সূত্রই প্রকাশ কৰিছে৷ সূত্রটোৱে জানিবলৈ দিয়া মতে, শিৱসাগৰ টাউন ষ্টেছন ড্রাগছ, নাৰী ব্যৱসায় আদিৰ ৰম্যভূমি হিচাপে পৰিচিত৷
সেই ঠাইৰে কোনো অপৰাধী ঘটনাৰে জড়িত থকাৰ আশংকা প্রকাশ কৰিছে একাংশই৷ অকলশৰীয়া অৱস্থাত পাই ছাত্রীগৰাকীক ধর্ষণৰ অপচেষ্টা আৰু ডিঙিত চিপ দি হত্যা কৰি অপৰাধী পলাই যোৱা বুলি সন্দেহ প্রকাশ কৰিছে উক্ত সূত্রটোৱে৷ আৰক্ষীয়ে ক্ষিপ্র তদন্ত কৰিলেই সোনকালে অপৰাধী ধৰা পৰিব বুলিও একাংশই মত প্রকাশ কৰিছে৷ উল্লেখযোগ্য যে বাতৰি লিখা পর্যন্ত অপৰাধীক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই৷ আন এক সূত্র মতে, তাৰা দেৱীৰ পৰিয়ালৰ বিহাৰত কিছু মাটি-সম্পত্তি আছে৷ উক্ত মাটি-সম্পত্তিক লৈ পৰিয়ালৰ মাজত বিগত সময়ত কিছু সংঘাতো অব্যাহত আছে৷ ৰাধা কুমাৰীৰ হত্যাৰ তদন্তত সেই দিশটোকো সূত্রটোৱে আওকাণ কৰিব বিচৰা নাই৷ ৰাধা কুমাৰীৰ হত্যাৰ সৈতে পিতৃৰ ৰহস্যজনক মৃত্যুৰো সম্পর্ক থাকিব পাৰে বুলি একাংশই সন্দেহ প্রকাশ কৰিছে৷
শোকাকুল পৰিৱেশত শেষকৃত্য সম্পন্ন : অসম কৃষি বিশ্ববিদ্যালয়ৰ মেধাৱী ছাত্রী ৰাধা কুমাৰীৰ মৃতদেহ সন্ধিয়া এক শোকাকুল পৰিৱেশত শিৱসাগৰ নগৰৰ থানামুখ শান্তিবন শ্মশানত সম্পন্ন কৰা হয়৷ বিভিন্ন দল-সংগঠনৰ নেতা-কর্মী, আত্মীয়-কুটুম্ব তথা কেইবা শতাধিক ৰাইজে অংশগ্রহণ কৰা শেষকৃত্য অনুষ্ঠানতো প্রত্যেকেই অপৰাধীক শীঘ্রে গ্রেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তিৰ পোষকতা কৰে৷
No comments:
Post a Comment