নামৰূপঃ যি সময়ত সমগ্র অসমত দৈনিক প্রায় ১৫০০ মেগাৱাট বিদ্যুতৰ প্রয়োজনীয়তাৰ বিপৰীতে অসম চৰকাৰে মাত্র ২০০ মেগাৱাটহে বিদ্যুৎ উৎপাদন কৰিবলৈ সক্ষম হয়, তেনে সময়তে নামৰূপত নির্মীয়মাণ ‘১০০ মেগাৱাট ৰিপ্লেচমেণ্ট পাৱাৰ প্রজেক্ট’ৰ কাম সম্পূর্ণ হোৱাৰ আগতেই প্রকল্পটো খহি পৰা ঘটনাই বিদ্যুতৰ নাটনিত থকা অসমবাসীক অধিক সমস্যাৰ গৰাহলৈ ঠেলি দিছে৷
অতি নিম্নমানৰ নির্মাণ কার্য আৰু নামৰূপ তাপবিদ্যুৎ কেন্দ্রৰ ঊধর্বতন কর্তৃপক্ষৰ চূড়ান্ত দুর্নীতিৰ বাবে মঙ্গলবাৰে ৰাতি ১০ বজাত উদ্যোগটোৰ আটাইতকৈ গুৰুত্বপূর্ণ অংশ ষ্টীম টাৰবাইন জেনেৰেশ্যন বিল্ডিঙৰ কংক্রীটৰ মূধচখন সম্পূর্ণৰূপে খহি পৰে৷ বর্তমান সময়লৈকে প্রায় দহ কোটি টকা ক্ষয়-ক্ষতিৰ অনুমান কৰা দুর্ঘটনাৰ ফলত মূধচৰ তলত থকা ষ্টীম টাৰবাইনটোৰ যদি ক্ষতি হয় তেন্তে ইয়াৰ ক্ষতিৰ পৰিমাণ শ কোটি টকালৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ উদ্যোগটোৰ নির্মাণৰ দায়িত্বত থকা নির্মাণগোষ্ঠী ‘ভেল’ (ভাৰত হেভী ইলেকট্রিকেল লিমিটেড)ৰ মইমতালিত নির্মাণ হৈ থকা উদ্যোগটোত ইয়াৰ পূর্বে ‘ছুইছ য়ার্ড, টাৰবাইনৰ ৰ’টাৰ আদি গুৰুত্বপূর্ণ অংশত দুর্ঘটনা সংঘটিত হৈ কেইবাশ কোটি টকাৰ ক্ষয়-ক্ষতি হৈছে৷ উল্লেখযোগ্য যে প্রায় ৬৫০ কোটি টকাৰো অধিক ব্যয়েৰে নির্মাণ কৰি থকা উদ্যোগটোৰ নির্মাণৰ কাম ২০০৯ চনতেই আৰম্ভ হৈ ২০১২ চনত শেষ হোৱাৰ কথা আছিল, কিন্তু ২০১৮ চনতো ইয়াৰ কাম সম্পূর্ণ নহ’ল, বৰঞ্চ উদ্যোগটোৰ ভৱিষ্যৎ অনিশ্চয়তাৰ গহবৰলৈহে গতি কৰিছে৷
দুর্ঘটনা সংঘটিত হোৱাৰ পাছত নির্মাণগোষ্ঠী ‘ভেল’ৰ মহাপ্রবন্ধক গুণকান্ত বৰাই জানিবলৈ দিয়ে যে উদ্যোগটোৰ নির্মাণৰ সময়ৰ পৰাই সমগ্র প্রকল্পটোৰ নির্মাণৰ ক্ষেত্রত কোনো বিশেষজ্ঞ কোৱালিটি কণ্ট্র’ল কমিটী বা বিষয়া নিয়োগ কৰা হোৱা নাছিল৷ নির্মাণগোষ্ঠী ‘ভেলে’ ছাব-কণ্ট্রেক্ট প্রক্রিয়াৰ জৰিয়তে প্রথম পর্যায়ত ‘ৰেমকি’ আৰু পৰৱর্তী পর্যায়ত ‘পাৱাৰমেক’ নামৰ কোম্পানীক নির্মাণৰ দায়িত্ব দিছিল৷ কিন্তু সমগ্র বিষয়টোত উপযুক্ত তত্ত্বাৱধান নথকাৰ ফলতে নির্মাণ কার্য অতি নিম্নমানৰ হৈ পৰিছে৷ ইয়াৰ উপৰি এনে নিম্নমানৰ কামৰ বাবে প্রকল্পটোৰ কর্মচাৰীসকলৰ জীৱনৰ প্রতিও ভাবুকি আহি পৰিছে৷ উক্ত দুর্ঘটনাৰ পাছত ৰাতি নামৰূপ তাপবিদ্যুৎ কেন্দ্রত ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ বুধবাৰে পুৱা নামৰূপ আছু, পাৱাৰ ৱর্র্ছ ইউনিয়নকে ধৰি কেইবাটাও দল- সংগঠনে নামৰূপ তাপবিদ্যুৎ কেন্দ্রৰ মহাপ্রবন্ধক সৈতেন্দ্র চৌধুৰীৰ সৈতে এক আলোচনাত মিলিত হয় যদিও মহাপ্রবন্ধকজনে কোনো সদুত্তৰ দিব নোৱৰাত প্রতিবাদমুখৰ হৈ পৰে নামৰূপ তাপবিদ্যুৎ প্রকল্পৰ চৌহদ৷
ঘটনাস্থলীত ৰাজ্যিক বিজেপিৰ কার্যনির্বাহক ৰঞ্জিত বৰুৱা উপস্থিত হৈ তাপবিদ্যুৎ কেন্দ্রৰ মহাপ্রবন্ধকক সাক্ষাৎ কৰি এক উচচস্তৰীয় তদন্তৰ দাবী কৰে৷ গুৰুত্বপূর্ণ যে উদ্যোগটোৰ যি বিল্ডিঙৰ মূধচ খহি পৰিছিল তাৰ তলতেই দিনৰ ভাগত গৰিষ্ঠসংখ্যক শ্রমিক-কর্মচাৰীয়ে কাম কৰে আৰু দুর্ঘটনাটো ৰাতিৰ ভাগত সংঘটিত হোৱাৰ বাবেহে কোনো লোক হতাহত নহ’ল৷ অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদ নামৰূপ আঞ্চলিক সমিতি, টাই-আহোম যুৱ পৰিষদ নামৰূপ সমিতি, অগপ, ফার্টিলাইজাৰ ৱর্র্ছ ইউনিয়ন, ফার্টিলাইজাৰ শ্রমিক ইউনিয়ন তথা কেইবাটাও দল-সংগঠনে অংশগ্রহণ কৰা প্রতিবাদৰ অন্তত তাপবিদ্যুৎ কেন্দ্রৰ মহাপ্রবন্ধক সৈতেন্দ্র চৌধুৰীয়ে উক্ত নির্মাণ কার্যত জড়িত দোষী অভিযন্তাকেইজনৰ ওপৰত বিভাগীয় শাস্তি গ্রহণ কৰিবৰ বাবে এখন উচচপদস্থ তদন্ত কমিটী ২৪ ঘণ্টাৰ ভিতৰত গঠন কৰাৰ লিখিত প্রতিশ্রুতি দিয়ে৷
ইফালে চলিত বর্ষৰ অক্টোবৰ মাহত নতুন উদ্যোগটো শুভাৰম্ভ কৰাৰ কথা আছিল যদিও বর্তমান সেয়া অসাৰ প্রতিপন্ন হৈছে৷ ইফালে সমগ্র ঘটনাৰ সন্দর্ভত শক্তিমন্ত্রী তপন কুমাৰ গগৈয়ে প্রতিক্রিয়া প্রকাশ কৰি কয় যে এই ঘটনাৰ লগত জড়িত কোনো দোষী সাৰি যাব নোৱাৰিব৷ শক্তিমন্ত্রীজনে এখন উচচ পদস্থ তদন্ত কমিটী গঠন কৰি এসপ্তাহৰ ভিতৰত সমগ্র ঘটনাৰ তদন্তৰ নির্দেশ দিয়ে৷ উক্ত পাঁচজনীয়া কমিটীখনত এ ই জি চি এলৰ পৰিচালন সঞ্চালক এছ এন কলিতা, এ পি জি চি এলৰ মুখ্য মহাপ্রবন্ধক ৰঞ্জন বৰা, এ ই জি চি এলৰ মুখ্য মহাপ্রবন্ধক পবন কুমাৰ মেধি, মহাপ্রবন্ধক আৰ বিশ্বনাথ আৰু এ পি ডি চি এলৰ মুখ্য মহাপ্রবন্ধক কুলেশ শর্মাক দায়িত্ব অর্পণ কৰে৷ শক্তি মন্ত্রীজনে উক্ত তদন্ত কমিটীৰ প্রতিবেদন দাখিলৰ পাছতেই উদ্যোগটো পৰিদর্শন কৰিব৷
No comments:
Post a Comment