তামাৰহাট : শিশুৰ মাজত হোৱা কাজিয়াক কেন্দ্ৰ কৰি দুটা পক্ষৰ আক্ৰমণ- প্ৰত্যাক্ৰমনৰ ফলত শিশু-মহিলাসহ ১৬জনকৈ লোক গুৰুতৰ আহত হোৱাৰ ঘটনাই সমগ্ৰ তামাৰহাট অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
জানিব পৰা মতে ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত বৰজান গাঁৱত শুকুৰবাৰে শিশু কেন্দ্ৰিক কাজিয়াক কেন্দ্ৰ কৰি গাঁওখনৰ ছবুৰ আলীৰ পৰিয়ালৰ লগত প্ৰতিবেশী মঞ্জুৰ আলমৰ পৰিয়ালৰ মাজত কাজিয়াৰ সৃষ্টি হয়। কাজিয়া ইমানেই ভয়ংকৰ ৰুপ লয় যে দুয়ো পক্ষই শেষত লাঠি, দা, কোৰ আদি লৈ আক্ৰমণ-প্ৰত্যাক্ৰমন কৰি দুয়োটা পৰিয়ালৰ মাজত খন্তেকৰ ভিতৰতে এক ৰক্তাক্ত কুৰুক্ষেত্ৰৰ ৰণভূমিত পৰিণত হয়।
এই আক্ৰমণৰ ফলত দুয়োপক্ষৰ শিশু-মহিলাসহ ষোলজনকৈ ব্যাক্তিয়ে গুৰুতৰভাৱে আহত হয়। আহতসকল মফিজুলৰ পৰিয়ালৰ ক্ৰমে- মফিজুল হক (২৫), সিৰাজুল ইছলাম (২৩), মনজুৰ আলম (৩০), ৰহিমা খাতুন (১০), মাজিদা বেওৱা (৬৫) আৰু ৰেহেনা বিবি (১৯)।
আনহাতে ছবুৰ আলীৰ পৰিয়ালৰ ক্ৰমে শাহাদত সেখ (২৫), খাদিজা বিবি (২২), ৰাসিদা বিবি (২৭), চায়না ইয়াচমিন (২৪), ৰিজোৱাৰা বিবি (২০), মুৰ্সিদা খাতুন (০৭), জান্নাতুন খাতুন (০২), আফছাৰ আলী মোল্লা (৪৫), সাহেৰা বিবি (৫৫) আৰু নুৰুল সেখ (২৩)। ইয়াৰে শাহদত আলী আৰু মফিজুল সেখ নামৰ ব্যাক্তি দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। ঘটনাৰ খবৰ পাই তামাৰহাট আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক ততাতৈয়াকৈ তামাৰহাট প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰায়। আনহাতে শাহদত আলী আৰু মফিজুল সেখক সংকট জনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ লৈ প্ৰেৰণ কৰেl
No comments:
Post a Comment