মৰিগাঁৱৰ ১০২ বছৰীয়া বৃদ্ধ -বৃদ্ধাৰ মানৱীয় প্ৰমূল্যবোধৰ নিদৰ্শন
মৰিগাঁও : ভোগবাদ মানসিকতাই সমাজখন গ্ৰাস কৰিলেও মানৱীয় প্ৰমূল্যবোধৰ অবক্ষয় যে শেষ হৈ যোৱা নাই, সেই কথা প্ৰমান কৰিলে মৰিগাঁৱৰ ১০২ বছৰীয়া এহাল বৃদ্ধ বৃদ্ধাই। মৰিগাঁও ভূৰবন্ধাৰ বাকৰি গাঁৱৰ অমৃত সিং বৰা আৰু গীতা বৰাই নিজৰ স্থাৱৰ-অস্থাবৰ সম্পত্তি শনিবাৰে এখন ৰাজহুৱা সভাৰ জৰিয়তে স্থানীয় ৰাইজক উচৰ্গা কৰি মহানুভৱতা পৰিচয় দিয়া ঘটনাই স্থানীয় ৰাইজক আনন্দিত কৰি তুলিছে।
দুই কন্যা সন্তানৰ পিতৃ-মাতৃ অমৃত সিং আৰু গীতা বৰাই এগৰাকী কন্যাক অকালতে হেৰুৱালেও আন গৰাকী কন্যাক বিবাহসূত্ৰে থাকে স্বামীৰ গৃহত। কৃষিকৰ্মই জীৱন অতিবাহিত কৰা এই দুই বৃদ্ধ বৃদ্ধাই কন্যাৰ সন্মতি সাপেক্ষে অমৃত সিং বৰাই নিজৰ নামত থকা ম্যাদী পট্টাৰ ৫ বিঘা ১ কঠা কৃষি ভূমি আৰু ৩ কঠা ৪ লোচা মাটিৰে আৱৰা নিজা পকা বাসগৃহটো ইচ্ছা পত্ৰৰ জৰিয়তে চমজাই দিছে স্থানীয় বাকৰি গাৱঁৰ ৰাইজক।
এই উপলক্ষে স্থানীয় কৃষ্টি বিকাশ কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত হয় এখন সম্বৰ্দ্ধনা সভা। জ্যেষ্ঠ ব্যক্তি ভূপেন বৰাৰ সভাপতিত্বত আৰু শিক্ষক পৱন মেধিয়ে আঁত ধৰা সভাখনত ভূৰবন্ধা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া অতুল বৰা, জ্যেষ্ঠ ব্যক্তি ভানুৰাম কাকতি, ধীৰেন ডেকা, ভূৰবন্ধা গাঁও পঞ্চায়তৰ সভাপতি ভূপেন ডেকা, উকিল সন্থাৰ সহকাৰী সম্পাদক মৃণাল ডেকা, জিলা আছুৰ সভাপতি হিমাংশু মহন্ত আদি কৰি কেইবাগৰাকী ব্যক্তিয়ে অমৃত সিং বৰা আৰু গীতা বৰাৰ মহানুভৱতাক শলাগ লৈ তেওঁলোকৰ আদৰ্শই সমাজলৈ এক নতুন বাৰ্ত্তা কঢ়িয়াই আনিব বুলি মন্তব্য কৰে। ৰাইজক উচৰ্গা কৰা সম্পত্তি সমূহৰ ভিতৰত আছে ৬ টা কোঠাৰে সমৃদ্ধ এটি পকা বাসগৃহ, এটা ভড়াঁল গৃহ, ঢেঁকিশাল, গোহালি গৃহ আদিৰ লগতে বাৰীত থকা সমগ্ৰ গছ লতা।
No comments:
Post a Comment