গোসাঁইগাঁৱত হজ যাত্ৰীক বিদায় সম্ভাষণ ‘বিপিএফ'ৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Monday, July 09, 2018

গোসাঁইগাঁৱত হজ যাত্ৰীক বিদায় সম্ভাষণ ‘বিপিএফ'ৰ

গোসাঁইগাঁও : বি পি এফৰ সংখ্যালঘু কোষৰ গোসাঁইগাঁও জিলা সমিতিৰ উদ্যোগত দেওবাৰে মহকুমাৰ সমুহ হজযাত্ৰীক বিদায় সম্ভাষণ জনোৱা হয়৷ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ সদৰ চহৰত অৱস্থিত ‘বিপিএফ'ৰ জমদুৱাৰ ব্লক কমিটীৰ কাৰ্য্যালয় প্ৰাংগনত অনুষ্ঠিত হোৱা বিদায়ী সম্ভাষণ অনুষ্ঠানটি পৰিচালনা কৰে স্থানীয় বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীয়ে৷
সংখ্যালঘু কোষৰ জিলা সমিতিৰ সম্পাদক নজৰুল ইছলাম প্ৰামানিকে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত ২৪ গৰাকী হজযাত্ৰীক এক ধনৰ টোপোলা, ফুলাম গামোছা, আৰ’ণাই, দুখনকৈ বেগ, আৰু বিভিন্ন ব্যৱহাৰিক সামগ্ৰী আদিৰে সম্ভাষণ জনোৱা হয়৷ প্ৰাক্তন ই এমদ্বয় ক্ৰমে শোভাৰাম বসুমাতাৰী, ৰেওৰেওৱা নাৰ্জাৰী, নগৰ সমিতিৰ সভাপতি ধ্ৰুৱ কুমাৰ ব্ৰহ্ম নাৰ্জাৰী, সংখ্যালঘু কোষৰ কেন্দ্ৰীয় উপসভাপতি আবু বক্কৰ ছিদ্দিক, জিলা সংখ্যালঘু কোষৰ সভাপতি তথা ‘বিটিচি'ৰ পৰিষদীয় শ্ৰীৰামপুৰ সমষ্টিৰ এমচিএলএ আব্দুল খালেক মণ্ডল, সাধাৰণ সম্পাদক নজৰুল ইছলাম প্ৰামানিক, বি পি এফৰ জিলা তথা ব্লক, প্ৰাইমাৰী কমিটিৰ বিভিন্ন স্তৰৰ নেতৃবৃন্দই উপস্থিত থাকি হজযাত্ৰীসকলক আনুষ্ঠানিক ভাবে বিদায় জনায়৷
এই বিদায় সম্বৰ্ধনা অনুষ্ঠানত পবিত্ৰ মক্কালৈ হজ্ব কৰিবলৈ ওলোৱা হজ্বযাত্ৰীসকলে মানি চলিবলগীয়া বিভিন্ন নীতি-নিয়মৰ ওপৰত বিশিষ্ঠ ব্যক্তি সকলে বক্তব্য দিয়ে৷ সদৌ শেষত মওলানা নুৰ ইছলামৰ নেতৃত্বত মোনাজাতেৰে সভা ভংগ কৰা হয় তথ্য মতে মহকুমাৰ সৰ্বমুঠ ২৪ গৰাকী হজ যাত্ৰীৰ ভিতৰত ষোল গৰাকী পুৰুষ আৰু আঠ গৰাকী মহিলা হজযাত্ৰীয়ে এইবেলি পবিত্ৰ মক্কাত যাবলৈ সম্পুৰ্ণ প্ৰস্তুতি সম্পুৰ্ণ কৰিছে।

No comments:

Post a Comment

SPONSORED