প্ৰত্যাহ্বান : অখিল গগৈয়ে এশ সভাত ‘বন্দে মাতৰম’ ধ্বনি দিলে ৰাজনীতি এৰিব ৰঞ্জিৎ দাস - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Monday, July 09, 2018

প্ৰত্যাহ্বান : অখিল গগৈয়ে এশ সভাত ‘বন্দে মাতৰম’ ধ্বনি দিলে ৰাজনীতি এৰিব ৰঞ্জিৎ দাস


গুৱাহাটী : ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক্ষমতাৰ বাবে যিকোনাে কাম কৰিব পাৰে। শেহতীয়াকৈ কৃষক নেতা অখিল গগৈয়ে ৰঞ্জিত দাসুৰ বিৰুদ্ধে উত্থাপন কৰা এই বিস্ফোৰক অভিযােগক লৈ সৰৱ হৈ পৰে ৰাজ্যিক বিজেপিৰ সভাপতিজন। এক সংবাদ মেলৰ জৰিয়তে নিজৰ প্রতিক্রিয়া প্রকাশ কৰি সভাপতি দাসে কয় যে যি অখিলে এশ সভাত বন্দে মাতৰম ধ্বনি দিলে এৰিম ৰাজনীতি সময়ত ৰাজ্যত বিজেপিৰ সাংগঠনিক স্থিতিৰ কোনাে অস্তিত্বই নাছিল, মাত্ৰ কেইটামান অঞ্চলতহে বিজেপিৰ কাৰ্যকর্তাসকল সক্রিয় হৈ আছিল, তেনে সময়তেই তেওঁ গেৰুৱা দলটোৰ সৈতে জড়িত হৈ পৰিছিল। যদি ক্ষমতাৰ বাবে ৰাজনীতি কৰিলেহেঁতেন, তেন্তে শাসকীয় দলত যােগদান কৰিব পাৰিলেহেঁতেন। ইয়াৰ পৰিৱর্তে বিজেপিত যােগদান কৰি অসম তথা ৰাষ্ট্র নির্মাণ জড়িত হৈ পৰিছে তেওঁ।
ৰঞ্জিত দাসৰ মন্তব্য– দেশৰ কাম কৰিছোঁ, জাতিটো নিৰ্মাণৰ কামত ব্রতী হৈ আছে। কিন্তু অখিল গগৈয়ে ৰাষ্ট্ৰৰ হৈ কি কৰিছে? অখিল গগৈয়ে ৰাষ্ট্ৰৰ হৈ কোনােদিনে কৈ পােৱা নাই। কৃষক নেতাজনক প্রত্যাহান জনাই ৰঞ্জিত দাসে ইয়াকো কয় যে অখিল গগৈয়ে ১০০খন সভাত ভাৰত মাতা কী জয় আৰু বন্দে মাতৰম ধ্বনি দিয়ক। যদি অখিল গগৈয়ে এইদৰে ধ্বনি দিব পাৰে, তেন্তে তেওঁ ৰাজনীতি বাদ দিব।
উল্লেখ্য যে মালিগাঁৱৰ ৰং ভৱনত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ ভাতৃ সংগঠন কিষাণ মৰ্চাৰ সাংগঠনিক সভা অনুষ্ঠিত হৈ যায়। এই সভাৰ পিছতেই অখিল গগৈক প্ৰত্যাহ্বান জনােৱা সভাপতি ৰঞ্জিত দাসে আগন্তুক লােকসভা নির্বাচন আৰু পঞ্চায়ত নির্বাচন সন্দৰ্ভতাে দলৰ স্থিতি সম্পর্কে অৱগত কৰায়। বিশেষকৈ লােকসভা-পঞ্চায়ত নির্বাচনত মিত্রতা গঢ়ি তুলিবনে নাই, সেই সন্দৰ্ভত সাংবাদিকে সােধা প্ৰশ্নৰ উত্তৰত সভাপতিগৰাকীয়ে কয় যে লােকসভা নির্বাচনত কোন দলৰ সৈতে মিত্রতা হ’ব অথবা নহ'ব, সেয়া কেন্দ্রীয় নেতৃত্বই স্পষ্ট কৰিব।
আনহাতে, পঞ্চায়ত নির্বাচন সন্দৰ্ভত দলৰ বিধায়ক প্রশান্ত ফুকনৰ অধ্যক্ষতাত গঠন কৰা নীতি নির্ধাৰণ কমিটীয়ে দিয়া প্রতিবেদন অনুসৰিয়েই সিদ্ধান্ত লােৱা হ'ব। উল্লেখ্য যে বিধায়ক প্রশান্ত ফুকনক অধ্যক্ষ আৰু গ্রামােন্নয়ন-পঞ্চায়ত মন্ত্রী নৱ দলেক সদস্যসচিব হিচাপে লৈ গঠন কৰা হৈছে নীতি নির্ধাৰণ কমিটীখন। এই কমিটীখনে ইতিমধ্যে দলীয় বিধায়ক আৰু কার্যকর্তাসকলৰ সৈতে আলােচনা কৰি পঞ্চায়ত নির্বাচনত বিজেপিয়ে অগপৰ সৈতে মিত্ৰতা কৰিবনে নাই, সেই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰিব। বিজেপিৰ এনে প্রস্তুতিৰ বিপৰীতে অগপই এতিয়াও এককভাৱে পঞ্চায়ত নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ কথা ঘােষণা কৰি আহিছে।
আনকি শেহতীয়াকৈ অতুল বৰাই মিত্ৰতাৰ পৰিৱর্তে অগপই এককভাৱে পঞ্চায়তত অৱতীৰ্ণ হ'ব বুলি মন্তব্য কৰিছিল। আজি ৰঞ্জিত দাসক অতুল বৰাৰ মন্তব্য সন্দৰ্ভত সােধাত কয়— অগপই যি কৰে কৰি থাকক। পঞ্চায়ত নির্বাচন মিত্রজোটে খেলা-নোখেলা সন্দৰ্ভত নীতি নির্ধাৰণ কমিটীয়ে সিদ্ধান্ত ল'ব। একেদৰে লােকসভা নির্বাচন সন্দৰ্ভত কেন্দ্রীয় সমিতিয়ে দিব চুড়ান্ত সিদ্ধান্ত।

No comments:

Post a Comment

SPONSORED