লিডুত চোৰৰ তাণ্ডৱ : নিশা দুকানৰ তলা ভাঙি চুৰে নিলে ৭ লক্ষাধিক টকা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Monday, July 16, 2018

লিডুত চোৰৰ তাণ্ডৱ : নিশা দুকানৰ তলা ভাঙি চুৰে নিলে ৭ লক্ষাধিক টকা


লিডু : লিডুত অব্যাহত আছে চোৰৰ তাণ্ডৱ৷ তিনিচুকীয়া জিলাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত লিডু কলেজৰ সমীপৱৰ্তী মানিক দাস আৰু অজিত দাসৰ দুকানৰ পৰা চুৰে তলা ভাঙি লুটি নিয়ে প্ৰায় ৭ লক্ষধিক টকাৰ লগতে বহুতো মুল্যবান নথিপত্ৰ৷ ঘটনাৰ বিৱৰনী অনুযায়ী পুৱতি নিশা প্ৰায় ২.৩০ মান বজাত ধাৰাষাৰ বৰষুনৰ সুবিধা লৈ চুৰে মানিক আৰু অজিতৰ দুকানত তলা ভাঙি সোমায় আৰু দুকানৰ আচ-বাব নষ্ট কৰি লকাৰৰ পৰা লৈ যায় প্ৰায় ৭ লক্ষাধিক টকা৷ টকাখিনি অজিত দাসে চাহাৰাৰ এজেন্ট সমূহৰ পৰা বেংকত জমা দিবলৈ বুলি জমা কৰি ৰাখিছিল বুলি জানিবলৈ দিছ৷ সমগ্ৰ ঘটনাটোৱে এলেকাটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বৰ্তমান লিডু আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে চোৰৰ অভিযান তীব্ৰতৰ কৰি তোলা বুলি জানিব পৰা গৈছে৷

No comments:

Post a Comment

SPONSORED