মৰাণ : সদৌ তাই আহোম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত আৰু মৰাণ আঞ্চলিক সমিতিৰ সহযোগত দেওবাৰে দিনযোৰা কাৰ্যসূচীৰে মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত সংগঠনটোৰ ৩০-তম্ প্ৰতিষ্ঠা দিৱস পালন কৰা হয় ৷ এই উপলক্ষে পুৱা পতাকা উত্তোলন, মৈদাম তৰ্পন, বান-ফী পূজা অনুষ্ঠিত হয়৷ দুপৰীয়া তাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি লিটুল বুঢ়াগোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখন উদ্বোধন কৰে আটাছুৰ প্ৰতিষ্ঠাপক সম্পাদক অৰুণ গগৈয়ে৷
আটাছুৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰমোদ বৰুৱা নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা সভাত বিশিষ্ট অতিথি হিচাপে আটাছুৰ প্ৰতিষ্ঠাপক সাংগাঠনিক সম্পাদক টুটুমনি গগৈ, প্ৰাক্তন সভাপতি প্ৰাঞ্জল ৰাজকোঁৱৰ, প্ৰাক্তন সম্পাদক হিটলাৰ দিহিঙীয়া, প্ৰাক্তন সম্পাদক ময়ূৰ বৰগোহাঁই, মুখ্য উপদেষ্টা অশ্বিনী চেতিয়া আদি উপস্থিত থাকে।
আনহাতে সন্ধিয়ালৈ অনুষ্ঠিত কেন্দ্ৰীয় প্ৰতিনিধি সভাত আটাছুৰ নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হয়৷ সভাত সৰ্বসন্মতিক্ৰমে লিটুল বুঢ়াগোহাঁই (শিৱসাগৰ)-ক সভাপতি, কুমুদ গগৈ (যোৰহাট)-ক কাৰ্যকৰী সভাপতি, মনোজ গগৈ (ধেমাজী) আৰু মিলন বৰগোহাঁই (তিনিচুকীয়া)-ক যুটীয়া সাধাৰণ সম্পাদক হিচাপে লৈ নতুন সমিতিখন গঠন কৰা হয় ৷উল্লেখ্য যোৱা ১১ জুনত মৰাণত অনুষ্ঠিত আটাছুৰ এখন বিশেষ সভাত একত্ৰিকৰণ হৈছিল দুটা ভাগত বিভক্ত আটাছুৰ দুয়োটা গোট৷ তাৰ পাছতে এই অনুষ্ঠিত প্ৰতিনিধি সভাত সংগঠনটোৰ নতুন সমিতি গঠন কৰা হয়৷
No comments:
Post a Comment