হেৰি কেনৰ শিৰত গল্ডেন বুটৰ সন্মান, গল্ডেন বলৰ গৰাকী হ’ল লুকা মড্রিচ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Monday, July 16, 2018

হেৰি কেনৰ শিৰত গল্ডেন বুটৰ সন্মান, গল্ডেন বলৰ গৰাকী হ’ল লুকা মড্রিচ


মস্কো : প্রথমবাৰলৈ বিশ্বকাপত অংশ লৈয়ে ইংলেণ্ডৰ স্ট্রাইকাৰ হেৰিকেনে গল্ডেন বুট লাভ কৰিবলৈ সক্ষম হৈছে। দলক ফাইনেলত উপনীত কৰাব নােৱাৰিলেও ২৪ বর্ষীয় তাৰকাগৰাকীয়ে প্রতিযােগিতাখনত সর্বাধিক ৬টা গ’ল কৰাৰ। সুবাদত ফিফাৰ সন্মানীয় গল্ডেন বুটৰ অধিকাৰী হয়।
উল্লেখ্য যে পানামাৰ বিৰুদ্ধে গ্রুপৰ মেচত হেটট্রিক অর্জন কৰা হেৰিকেনে কলম্বিয়াৰ বিৰুদ্ধে এটি পেনাল্টীৰ সহায়ত গ’ল কৰিছিল। টিউনিচিয়াৰ বিৰুদ্ধেও তেওঁ দুটা গ’লেৰে উজলি উঠিছিল। অৱশ্যে ইংলেণ্ডৰ অধিনায়কগৰাকীয়ে ছেমিফাইনেলত ক্ৰৱেচিয়াৰ বিৰুদ্ধে আৰু তৃতীয় স্থান নির্ণয়ৰ মেচত বেলজিয়ামৰ বিৰুদ্ধে গ'ল কৰাত ব্যর্থ হয়।
ইফালে ৰাছিয়া বিশ্বকাপত দুর্দান্ত প্রদর্শনেৰে ক্ৰৱেচিয়াক ফাইনেলত উপনীত কৰােৱা তাৰকা মিডফিল্ডাৰ লুকা মড্রিচে গল্ডেন বল লাভ কৰিছে। মেগা ইভেন্টখনত দাঙি ধৰা সামগ্রিক প্রদর্শনৰ ভিত্তিতে ৩২ বর্ষীয় অভিজ্ঞ তাৰকাগৰাকী এই সন্মানৰ গৰাকী হয়।
মন কৰিবলগীয়া যে বিগত ব্রাজিল বিশ্বকাপত আর্জেন্টিনাৰ ছুপাৰষ্টাৰ লিঅ’নেল মেছিয়ে গল্ডেন বল লাভ কৰিবলৈ সক্ষম হৈছিল। আনহাতে ফ্ৰান্সৰ উদীয়মান তাৰকা কিলিয়ান এমবাপেক ৰাছিয়া বিশ্বকাপৰ শ্ৰেষ্ঠ উদীয়মান খেলুৱৈৰ বঁটা আগবঢ়োৱা হৈছে। বিশ্বকাপৰ ফাইনেলত ফ্ৰান্সৰ হৈ আজি চতুর্থটো গ'ল কৰা ১৯ বর্ষীয় স্ট্রাইকাৰগৰাকীয়ে আর্জেন্টিনাৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলতাে এটি দুর্দান্ত গ’ল কৰিছিল। বেলজিয়ামৰ গলৰক্ষক টিবাউট কর্টোইছে শ্রেষ্ঠ গলৰক্ষকৰ সন্মানস্বৰূপে গল্ডেন গ্লোভ লাভ কৰিবলৈ সক্ষম হৈছে। স্পেইনে ফেয়াৰ প্লে’ বঁটা লাভ কৰিছে।

No comments:

Post a Comment

SPONSORED