ৰাছিয়া বিশ্বকাপ ফুটবল : দুই দশকৰ অন্তত ফ্ৰান্সৰ বিশ্বজয় - SANGBAD PRAHARI

Breaking

Responsive Ads Here

July 16, 2018

ৰাছিয়া বিশ্বকাপ ফুটবল : দুই দশকৰ অন্তত ফ্ৰান্সৰ বিশ্বজয়

মস্কো : আৱেগ আছিল ক্ৰৱেচিয়াৰ পক্ষে। কিন্তু বাৰে বাৰে মগজুৰ সকীয়নি— অলৰাউণ্ড প্রদর্শন কৰা ফ্রান্সক প্ৰতিৰােধ অসম্ভৱ। অৱশেষত মস্তিষ্কৰ ওচৰত হাৰ মানিবলৈ বাধ্য হ’ল হৃদয়ে। মস্কোৰ লুঝনিকি ষ্টেডিয়ামত আজি নিশা ৪-২ গ’লত বিধ্বস্ত কৰি বিশ্বকাপ জয় কৰিলে ফ্রান্সে। সুদীর্ঘ ২০ বছৰৰ পূর্বে প্রথমবাৰৰ বাবে জিনেডাইন জিডানৰ চমকেৰে বিশ্বকাপত চুম্বন দিছিল ফ্রান্সৰ সেই স্বপ্নৰ দলটোৱে। মস্কোত সমানেই চমক দি এজাক তৰুণ খেলুৱৈয়ে ইতিহাসৰ বিশ্ব জিনিলে ফ্রান্সে পুনৰাবৃত্তি ঘটালে। গ্রিজমেন, পগবা, এমবাপে, জিউড— তাৰকাৰ সমাৱেশ ঘটা নেপােলিয়নৰ দেশৰ যুঁজাৰু বাহিনীক প্ৰতিৰােধ কৰাটো সঁচাই শেষ পর্যন্ত অসাধ্য হৈ ৰল। সম্ভৱ নহ’ল প্রতিযােগিতাখনত আটাইতকৈ আকর্ষণীয় ফুটবল প্রদর্শন কৰি বিশ্ববাসীৰ হৃদয় জিনা লুকা মড্রিচৰ ক্ৰ’রেচিয়াৰ বাবেও।
প্রথমার্ধত খেলখন শ্বাসৰুদ্ধকৰ সমাপ্তিৰ দিশে অগ্ৰসৰ হােৱাৰ সকলাে লক্ষণেই পৰিলক্ষিত হৈছিল। ক্ৰৱেচিয়াৰ স্ট্রাইকাৰ মাৰিঅ' মাণ্ডজুকিচৰ আত্মঘাতী গলে ফ্রান্সক অগ্রগতি প্রদান কৰিলেও ক্ৰৱেচিয়াই বাৰে বাৰে প্রতিপক্ষৰ দুৰ্গক সন্ত্রস্ত কৰিছিল। কিন্তু বিৰতিৰ পুর্বে পেনাল্টীত গ্রিজমেনৰ গ'ল আৰু তাৰ পিছত পগবা, এমবাৰে উপযুপৰি দুটা গলে ক্ৰৱেচিয়াৰ আশা নির্বাপিত কৰে। ভাগ্যৰ ওপৰত আক্ষেপ কৰিয়েই ৰাছিয়াৰ পৰা গৃহাভিমুখী হ’ব মড্রিচৰ দল। আত্মঘাতী গলৰ লগতে তেওঁলােকৰ বিৰুদ্ধে পেনাল্টীৰ সিদ্ধান্তও হ’ল ভি এ আৰৰ জৰিয়তে। তথাপি গ’লৰ বন্যাৰ বাবে ফ্ৰান্সৰ লগতে ক্ৰৱেচিয়াকো ফুটবলপ্রেমীয়ে বহুদিনলৈ মনত ৰাখিব। বিগত ৪বাৰৰ বিশ্বকাপৰ আটাইকেইখন ফাইনেল মিলাই হৈছিল ৬ গ'ল।
লুঝনিকি ষ্টেডিয়ামত এদিনতেই ছটাকৈ গ'ল উপভােগ কৰিলে বিশ্ববাসীয়ে। বিশ্বকাপৰ ফাইনেলত হােৱা প্ৰথমটো আত্মঘাতী গলৰ অনাকাংক্ষিত অভিলেখৰ গৰাকী হয় ৰাছিয়া বিশ্বকাপৰ ছেমিফাইনেলৰ নায়ক ক্ৰৱেচিয়ান স্ট্রাইকাৰ মাণ্ডজুকিছু। গ্রিজমেনৰ এটি ফ্রী কিক ৰােধ কৰাৰ চেষ্টা চলাওঁতেই মাজুকিছুৰ মূৰত লাগি বলটো ক্ৰৱেচিয়াৰ নেটত প্ৰৱেশ কৰে। ১৮ মিনিটতে এই আত্মঘাতী গ’লৰ সন্মুখীন হয় যদিও ক্ৰৱেচিয়ান খেলুৱৈসকল ভাগি নপৰে আৰু ২৮ মিনিটত গ’লটো পৰিশােধ কৰিবলৈ সক্ষম হয়। পেৰিছিচে গ'লবক্সৰ বাহিৰৰ পৰা লােৱা এটি দুর্দান্ত শটে বিশ্বকাপৰ ফাইনেলত ৪২ লাখ জনসংখ্যাৰ দেশখনৰ আশা জীয়াই ৰাখে। কিন্তু দুর্ভাগ্যই যেন লগ এৰা নাছিল ক্ৰৱেচিয়াক। ৩৮ মিনিটত পেৰিছিচৰ হাতত বল লগাৰ পৰিণতিত দলটো এটি পেনাল্টীৰ সন্মুখীন হয়। ফ্রান্সে এই সুযােগৰ সুন্দৰ ব্যৱহাৰেৰে পেনাল্টীটো কার্যকৰী কৰি মেচত অগ্রগতি লয়।


প্রথমটো অর্ধ ২-১ৰ ব্যৱধানত দখলৰ পিছত ফ্রান্সে দ্বিতীয়ার্ধতাে উপৰ্যুপৰি আক্রমণেৰে ক্ৰৱেচিয়াৰ শিবিৰ কঁপাই তােলে। ১৯৯৮ৰ চেম্পিয়ন দলটোৰ ধাৰাবাহিক চাপত ক্ৰৱেচিয়ান ৰক্ষণ বিভাগ বিপর্যস্ত হােৱাৰ সময়তে পল পগবাই এটি দীর্ঘ দূৰত্বৰ শ্বটেৰে ফ্ৰান্সৰ হৈ তৃতীয়টো গ’ল কৰিবলৈ সক্ষম হয়। ৫৯ মিনিটত পগবাই কৰা এই দৃষ্টিনন্দন গ’লটোৰ পিছতে যেন বিশ্বজয়ৰ আশা হেৰুৱাই খেলপথাৰত ক্ৰৱেচিয়ান যুঁজাৰু বীৰসকল কিছু হতাশ হৈ পৰে। ক্লান্ত ক্ৰৱেচিয়ানৰ এই হতাশাৰ ছবি স্পষ্ট হােৱাৰ সময়তে বিশ্ব ফুটবলৰ নৱতম তাৰকা এমবাপেই ৬৫ মিনিটত ক্ৰৱেচিয়ান শিবিৰত আন এটি মােক্ষম আঘাত হানে। চতুর্থটো গ’ল হজমৰ পিছতে ক্ৰৱেচিয়াৰ বিশ্বকাপৰ স্বপ্ন ধূলিসাৎ হয় যদিও অন্তিম ক্ষুণলৈ দলটোৱে যুঁজাৰু মানসিকতাৰ পৰিচয় দাঙি ধৰি ফুটবলপ্রেমীৰ মন জয় কৰে। ইয়াৰ মাজতে ৬৯ মিনিটত ফ্রান্সৰ গ’লৰক্ষকৰ এটা অক্ষমণীয় ভূলৰ সুযােগ লৈ মাজুকিছে ক্ৰৱেচিয়াৰ হৈ ফাইনেলত দ্বিতীয়টো গল কৰিবলৈ সক্ষম হয়।
মন কৰিবলগীয়া যে ১৯৯৮ৰ বিশ্বকাপৰ ছেমিফাইনেলতা ফ্ৰান্সৰ হাতত পৰাস্ত হৈয়ে সপােন চুৰমাৰ হৈছিল ক্ৰৱেচিয়াৰ। ৰাছিয়াত উজ্জীৱিত প্রদর্শনেৰে দলটোৱে এইবাৰ বিশ্বকাপৰ ইতিহাস নতুনকৈ ৰচনা কৰাৰ সপােন জগাই তুলিছিল যদিও ডিডিয়াৰ ডেচাম্পছৰ ফৰাচী যােদ্ধাসকলৰ সন্মুখত ক্ৰৱেচিয়াৰ এই সপােন আধৰুৱা হৈ ৰয়।
উল্লেখ্য যে নক আউট ৰাউণ্ডত আর্জেন্টিনা, উৰুগুৱে আৰু বেলজিয়ামৰ দৰে শক্তিধৰ দলক হৰুৱাই ফ্রান্স বিশ্বজয়ৰ শক্তিশালী দাবীদাৰ হৈ উঠিছিল। ইফালে, নক আউট পর্যায়ৰ তিনিওখন মেচ অতিৰিক্ত সময়লৈ খেলি ক্ৰৱেচিয়া দলটো ভাগৰুৱা হৈ পৰা বুলি ফুটবল বিশ্লেষকসকলে ফাইনেলৰ পূর্বে ভৱিষ্যদ্বাণী কৰিছিল। ফ্রান্সৰ বিৰুদ্ধে ফাইনেলত দলটো আজি একপ্রকাৰ ক্লান্ত যেনেই অনুভৱ হয়। মদ্রিচ, ৰাকিটিচ আদিৰ দৰে ছুপাৰষ্টাৰৰ চমকৰ সহায়ত দলটো ফাইনেললৈ আগুৱালে যদিও খিতাপ যুঁজত তেওঁলােকৰ প্ৰদৰ্শনৰ ধাৰাবাহিকতা অক্ষত নাথাকিল। বিশ্বজয়ৰ গৌৰৱময় ক্ষণৰ আনন্দত ফ্রান্সত উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰে। ৰাজধানী চহৰ পেৰিছৰ পৰা আৰম্ভ কৰি সৰু-বৰ প্ৰতিখন চহৰতেই দেওবাৰৰ নিশাটো বিজয় উৎসৱত মত্ত হৈ পৰে ফৰাচী অনুৰাগীসকল।
১৯৯৮ চনৰ বিজয়ৰ ঐতিহাসিক স্মৃতিয়ে যেন ফ্রান্সৰ আকাশ-বতাহ পুনৰ মুখৰিত কৰি তুলিছে। লক্ষণীয়ভারে ২০ বছৰ পূর্বে ফ্রান্সক নেতৃত্ব দি বিশ্বকাপৰ সােৱাদ লাভ কৰা মহান খেলুৱৈ ডিডিয়াৰ ডেচাম্পছে এইবাৰ প্রশিক্ষকৰ ৰূপত বিশ্বজয়ৰ গৌৰৱ অর্জন কৰিলে। খেলুৱৈ আৰু প্রশিক্ষক হিচাপে বিশ্বকাপৰ খিতাপ জয় কৰা তেওঁ হ’ল বিশ্বৰ তৃতীয়গৰাকী ব্যক্তি। ইয়াৰ পুর্বে ব্রাজিলৰ মাৰিঅ' জাগালাে আৰু ফ্রাঞ্জ বেকেনবাৰে এই সন্মানৰ অধিকাৰী হৈছিল।

No comments:

Post a Comment

SPONSORED