ডি-ভোটাৰ, ডিটেনচন কেম্প আৰু এনআৰচি... - SANGBAD PRAHARI

Breaking

Responsive Ads Here

July 15, 2018

ডি-ভোটাৰ, ডিটেনচন কেম্প আৰু এনআৰচি...

# জাহিদুল ইছলাম মিৰ্ধা
অবৈধ বিদেশী নহয়, অবৈধ বাংলাদেশী সমস্যাটোক লৈ বিগত প্ৰায় চাৰিটা দহক ধৰি অসমৰ ৰাজনীতি গৰম হৈ আছে৷ কিন্তু অসমত বৰ্তমানলৈ কিমান অবৈধ বাংলাদেশী নাগৰিক আছে সেই তথ্য এতিয়ালৈকে চৰকাৰৰ হাতত নাই৷ বিভিন্ন সময়ত কোনো ব্যক্তি বা দল সংগঠনৰ নেতাই অসমত ৩০ৰ পৰা ৬০ লাখলৈ অবৈধ বাংলাদেশী নাগৰিক আছে বুলি মন্তব্য কৰি আহিছে যদিও সেইসকল ব্যক্তি বা সংগঠনৰ হাততো তেনে কোনো তথ্য নাই৷ তথ্যবিহীন এই সমস্যাটোক লৈ বিগত দিনত অসমৰ ৰাজনীতি, সমাজনীতি আদি বহু তল-ওপৰ হৈ গ’ল যদিও সমস্যাটো আজিও সমস্যা হৈয়ে থাকিল৷
এফালে বাংলাদেশী খেদাৰ নামত বহুতো আন্দোলন হ’ল, আনফালে বাংলাদেশীৰ নামত বহুতো প্ৰকৃত ভাৰতীয় নাগৰিকে হাৰাশাস্তিৰ সম্মুখীন হৈয়েই আছে৷ এফালে অবৈধ বাংলাদেশীৰ লেবেল লগাই খাটি খোৱা শ্ৰমিক শ্ৰেণীৰ ওপৰত উৎপীড়ন চলাই থাকিল জাতীয়তাবাদৰ মুখাপিন্ধা কিছুমান সংগঠনে৷ আনফালে বিদেশী অথবা ডি-ভোটাৰৰ নামত আন একাংশ নাগৰিকৰ ওপৰত চলি থাকিল চৰকাৰী আতিশয্য৷ এইদৰেই বছৰৰ পিছত বছৰ পাৰ হৈ গ’ল অথচ সমস্যাটো সমস্যা হৈয়ে থাকিল৷
ডি-ভোটাৰৰ নামত অসমৰ লাখ লাখ প্ৰকৃত ভাৰতীয় নাগৰিকক নিজৰ সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত কৰি ৰখা হ’ল বছৰ বছৰ ধৰি৷ ইয়াৰোপৰি অসম আৰক্ষীৰ সীমান্ত শাখাই যধে-মধে কিছুমান মানুহৰ নাম বিদেশী ন্যায়াধীকৰণলৈ পঠিয়াই সেইসকলৰ নাগৰিকত্বক লৈ হেতালি খেলি আছে৷ ডি-ভোটাৰৰ বিষয়টো লৈ যোৱা বিধানসভা অধিৱেশনত অৰ্থাৎ চলিত বৰ্ষৰ ১২ ফেব্ৰুৱাৰীত বিধায়ক মাননীয় নজৰুল হকৰ এটি প্ৰশ্নৰ উত্তৰত গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী মাননীয় সৰ্বানন্দ সোনোৱালৰ হৈ পৰিবহণ মন্ত্ৰী মাননীয় চন্দ্ৰমোহন পাটোৱাৰীয়ে কৈছিল যে বৰ্তমান অসমত ১,২৫,৩৩৩ গৰাকী ডি-ভোটাৰ আছে আৰু ২০১৭ চনৰ ৩১ ডিচেম্বৰলৈ মুঠ ৬৬,৯৮৬ গৰাকী ডি-ভোটাৰক আদালতে ভাৰতীয় বুলি ৰায় দিছে৷ ধিং সমষ্টিৰ বিধায়ক মাননীয় আমিনুল ইছলামে ডি-ভোটাৰ আৰু বিদেশী সম্পৰ্কীয় কেইটামান প্ৰশ্ন উত্থাপন কৰিছিল৷ সেই প্ৰশ্নৰ উত্তৰত গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী মাননীয় সৰ্বানন্দ সোনোৱালৰ হৈ পৰিবহণ মন্ত্ৰী মাননীয় চন্দ্ৰমোহন পাটোৱাৰীয়ে দিয়া উত্তৰত কৈছিল যে যোৱা ৩১/১২/২০১৭ ইং তাৰিখলৈ ২৪,৪১৪৪ গৰাকী ব্যক্তিক ডি-ভোটাৰ হিচাপে চিনাক্ত কৰা হৈছে৷ ইয়াৰে ১,৩১,০৩৪ গোচৰ বিদেশী ন্যায়াধীকৰণৰ দ্বাৰা নিষ্পত্তি কৰা হৈছে আৰু ১,১৩,১১০ টা গোচৰ এতিয়াও নিষ্পত্তি হ’বলৈ বাকী আছে৷ নিষ্পত্তি হোৱা গোচৰৰ মুঠ ২০,৫৭৮ গৰাকী লোকক বিদেশী (১৯৭১ চনৰ আগৰ ১,৯৪২ গৰাকী, ৭১ চনৰ পিছৰ ১৮,৬৩৬ গৰাকী) বুলি ৰায় দিয়া হৈছে আৰু ৬৬,৯৮৬ গৰাকী লোকক ভাৰতীয় বুলি ৰায় দিয়া হৈছে৷ আনহাতে ৩১ ডিচেম্বৰ ২০১৭ ইং তাৰিখলৈ অসম আৰক্ষীৰ সীমান্ত শাখাই বিদেশী সন্দেহত ২,৪১,৪৯৬ গৰাকী ব্যক্তিৰ নাম বিদেশী ন্যায়াধীকৰণলৈ পঠিয়াইছিল৷ তাৰে ১,০৯,৫৪৯ টা গোচৰ নিষ্পত্তি হৈছে যাৰ ভিতৰত ৬৯,৬২৮ জন ব্যক্তিক আদালতে বিদেশী বুলি ৰায় দিছে আৰু এতিয়ালৈকে ১,৩১,৯৪৭ টা গোচৰ নিষ্পত্তি হ’বলৈ বাকী আছে৷
উল্লেখিত দুয়োটা প্ৰশ্নৰ উত্তৰত ডি-ভোটাৰ সংক্ৰান্তীয় তথ্যৰ বিসংগতি মন কৰিবলগীয়া৷ ইফালে আকৌ নিৰ্বাচন আয়োগে আদালতৰ মজিয়াত দাখিল কৰা তথ্য অনুসৰি ৰাজ্যখনত ১,২৬,৫২০ জন ডি-ভোটাৰ আছে কিন্তু বিদেশী ন্যায়াধীকৰণত গোচৰ চলি আছে ১,৯৯,৬৫৯ জন ডি-ভোটাৰ গোচৰ৷ এইদৰেই বিভিন্ন বিভ্ৰান্তিকৰ পৰিৱেশৰ মাজত সোমাই পৰিছে ডি-ভোটাৰৰ সমস্যাটো৷
এইখিনিতে আন এটা কথা উল্লেখ কৰিবই লাগিব, সেয়া হ’ল ন্যায়াধীকৰণৰ সদস্যসকলৰ ভুমিকা৷ তেওঁলোকৰ পক্ষপাতমুলক আচৰণ আৰু আঁকোৰগোজ স্বভাৱৰ বাবে ইতিমধ্যে বহুতো প্ৰকৃত ভাৰতীয় নাগৰিকে বিদেশীৰ অপবাদ মুৰ পাতি ল’বলগীয়া হৈছে৷ বহু ক্ষেত্ৰত অভিযুক্তক আত্মপক্ষ সমৰ্থন সুযোগ নিদি একপক্ষীয় ভাৱে বিদেশী বুলি ৰায় দিয়াৰ উদাহৰণ বহুত আছে৷ দাৰিদ্ৰতাই কোঙা কৰা বহুতো ডি-ভোটাৰ বা আৰক্ষীৰ দ্বাৰা অভিযুক্ত নাগৰিকে ধনৰ অভাৱত উপযুক্ত অধিবক্তাৰ কাষ চাপিব নোৱাৰে যাৰ ফলত সময়মতে আদালতত হাজিৰ হ’ব নোৱাৰে৷ সেইসকলকো আদালতে একপক্ষীয় ৰায় (যাক উকিলৰ ভাষাত ex-partite decree বুলি কোৱা হয়) যোগে বিদেশী বুলি ঘোষণা কৰিছে৷ এনে বহুতো ব্যক্তি আছে যিসকলে ন্যায়াধীকৰণৰ পৰা জাৰি কৰা জাননী সীমান্ত আৰক্ষীৰ গাফিলতিৰ বাবে সময়মতে লাভ কৰা নাই ফলত আদালতত হাজিৰ হ’ব পৰা নাই৷ এনেবোৰ কাৰণতে ঘোষিত বিদেশীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে৷ ইফালে বিদেশী ন্যায়াধীকৰণে ঘোষনা কৰা সেইসকল বিদেশীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ডিটেনছন কেম্পলৈ নিক্ষেপ কৰিছে৷ এনে বহুতো কাৰণত প্ৰকৃত ভাৰতীয় নাগৰিকে আজি বিদেশীৰ অপবাদ লৈ আত্মগোপন কৰি থাকিবলগীয়া হৈছে৷


১৯৫১ চনৰ এনআৰচি, ১৯৬৫, ১৯৬৬, ১৯৭০, ১৯৭১ আদি চনৰ ভোটাৰ তালিকাত নাম থকাৰ পিছতো এনেকুৱা বহু লোকক নামৰ ভুল বা বয়সৰ সামান্য তাৰতম্যৰ বাবেই বিদেশী বুলি ৰায় দিয়া হৈছে৷ বিদেশী ন্যায়াধীকৰণৰ একাংশ সদস্যৰ এইধৰণৰ কৰ্মকাণ্ডই বহুতো প্ৰকৃত ভাৰতীয় নাগৰিকৰ বাবে ত্ৰাসৰ কাৰণ হৈ পৰিছে৷ ইতিমধ্যে বিদেশীৰ অপবাদ সহিব নোৱাৰি বহুতে আত্মহত্যা পৰ্যন্ত কৰিছে৷ ঘোষিত বিদেশীসকলৰ যিসকলক আৰক্ষীয়ে আটক কৰি ডিটেনছন কেম্পলৈ নিক্ষেপ কৰিছে, সেইসকলে কেম্পত চিৰিয়াখানাৰ জন্তুৰ দৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে৷ অসম বিধানসভাৰ যোৱা অধিৱেশনত বিধায়ক আমিনুল ইছলামে সোধা এক প্ৰশ্নৰ উত্তৰত সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে যোৱা ১৯/২/২০১৮ ইং তাৰিখে দিয়া তথ্যমতে ০৪/০২/২০৮ ইং তাৰিখলৈ সৰ্বমুঠ ৮৯৯ গৰাকী লোকক বিদেশী হিচাপে ডিটেনছন কেম্পত ৰখা হৈছে৷ আকৌ বিধায়ক মামুন ইমদাদুল হক চৌধুৰীৰ এক প্ৰশ্নৰ উত্তৰত যোৱা ২৬/০৩/২০১৮ ইং তাৰিখে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে দিয়া তথ্য মতে ১২/০৩/২০১৮ ইং তাৰিখলৈ ডিটেনচন কেম্পত থকা বিদেশীৰ সংখ্যা হ’ল ৯৪১ জন৷ ডিটেনছন কেম্পত বন্দী হৈ থকা এইসকল পুৰুষ-মহিলাক বছৰৰ পিছত বছৰ ধৰি নিজৰ পত্নী, স্বামী তথা সতি-সন্ততিৰ পৰা পৃথক কৰি ৰখা হৈছে অথচ এইসকলক নিজ নিজ দেশলৈ উভতাই পঠোৱাৰ কোনো ব্যৱস্থাই চৰকাৰে নলয়৷ এইখিনিতে উল্লেখ কৰা ভাল যে ডিটেনছন কেম্পত যমৰ-যাতনা ভোগ কৰি থকাসকলৰ অধিকাংশৰে বিশ্বৰ অইন কোনো দেশৰ লগত কোনো সম্পৰ্কই নাই৷ কিয়নো গোৱালপাৰা ডিটেনটন কেম্পৰ মাত্ৰ ৬২ জন ব্যক্তিহে প্ৰকৃত বিদেশী আৰু তাৰে ৫৪ জন হ’ল বাংলাদেশৰ বাসিন্দা বুলি এটা তথ্য প্ৰকাশ পাইছে ৰাষ্ট্ৰীয় মানৱাধিকাৰ সংস্থা এটাৰ প্ৰতিবেদনত৷ এইসকলৰ বেছিভাগেই ইতিমধ্যে সিহঁতৰ শাস্তিৰ ম্যাদ অতিক্ৰম কৰিছে যদিও সিহঁতক স্বদেশলৈ উভতাই পঠোৱাৰ কোনো ব্যৱস্থাই আজিলৈকে লোৱা নাই চৰকাৰে৷
এনেবোৰ বিশৃংখলাৰ মাজতেই এতিয়া ৰাজ্যখনত চলিছে এনআৰচিৰ কাম৷ এখন শুদ্ধ আৰু বিতৰ্কমুক্ত এনআৰচি প্ৰস্তুত হোৱাটো অসমৰ প্ৰতিজন নাগৰিকেই বিচাৰিছিল৷ কিন্তু দিন অতিবাহিত হোৱাৰ লগে লগে এনআৰচিক লৈয়ো গোপন অভিসন্ধি ৰচনা কৰা হৈছে বুলি ইতিমধ্যে বহুত অভিযোগ উত্থাপন হৈছে৷ ২০১৭ চনৰ ৩১ ডিচেম্বৰত প্ৰকাশ কৰা প্ৰথমখন খচৰা তালিকা প্ৰকাশ হৈছিল যদিও তাত নাম সন্নবিষ্ট নোহোৱা সকলে দ্বিতীয়খন খচৰালৈ বাট চাই আছে৷ কিন্তু সেই প্ৰথম খচৰাৰ পৰা এতিয়া আকৌ নথিপত্ৰৰ বিসংগতিৰ বাবে প্ৰায় ডেৰ লাখ মানুহৰ নাম বাদ দিয়া হ’ব বুলি এনআৰচি কৰ্তৃপক্ষই প্ৰকাশ কৰিছে৷ ইপিনে আকৌ ডি-ভোটাৰৰ সতি-সন্ততি, ঘোষিত বিদেশীৰ সতি-সন্ততি আৰু ন্যায়াধীকৰণত গোচৰ চলি থকাসকলৰ নামো এনআৰচিৰ খচৰাত সন্নিবিষ্ট নহয় বুলি ঘোষনা কৰিছে এনআৰচি কৰ্তৃপক্ষই৷ যদি সেয়াই হয় তেনেহ’লে এনআৰচিৰ পৰা যে লাখ লাখ প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম বাদ পৰিব সেয়া একপ্ৰকাৰ নিশ্চিত৷ বাদ পৰাসকলক আকৌ এবাৰ আবেদন কৰাৰ সুযোগ দিয়া হ’ব বুলি কোৱা হৈছে যদিও সেয়া কিমানদুৰ ফলপ্ৰসু হয় সেয়া সময়তহে দেখা যাব৷
ইফালে আকৌ এনআৰচি প্ৰকাশৰ দিন যিমানে চমু চাপি আহিছে সিমানেই দ্ৰুতগতিত বিদেশী ঘোষনাৰ অঘোষিত প্ৰতিযোগিতা আৰম্ভ কৰিছে ন্যায়াধীকৰণসমুহে৷ নিজকে ভাৰতীয় বুলি প্ৰমাণ কৰিব পৰা উপযুক্ত নথি আদালতত দাখিল কৰাৰ পাছতো সেই ব্যক্তিগৰাকীক বিদেশী হিচাপে ৰায় প্ৰদান কৰি আছে৷ এইধৰণৰ ষড়যন্ত্ৰৰ পৰা সাৰি যোৱা নাই শতবৰ্ষ গৰকা বৃদ্ধ, আশীৰ দেউনা পাৰ হোৱা বৃদ্ধায়ো৷ জন্তুৰ দৰে টানি চুচৰি লৈ গৈ নিক্ষেপ কৰা হৈছে চিৰিয়াখানাৰ গড়াল সদৃশ ডিটেনছন কেম্পত৷ এয়াই হৈছে চৰকাৰৰ বিদেশী বিতাৰণৰ ৰণকৌশল৷ অসমৰ পৰা বিদেশী বিতাৰণ হোৱাটো আমি প্ৰত্যেকেই বিচাৰো৷ কিন্তু সেয়া হ’ব লাগিব সম্পুৰ্ণ নিৰপেক্ষ আৰু ন্যায়সন্মত৷ অসম চুক্তি অনুসৰি ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা প্ৰতিজন বিদেশী নাগৰিকক সঠিকভাৱে চিনাক্ত কৰি বহিস্কাৰ কৰক তাত আমাৰ ক’বলগীয়া নাই৷ কিন্তু বিদেশীৰ নামত এইদৰে লাখ লাখ স্বদেশীক হাৰাশাস্তি কৰি কোনখন বিদেশীমুক্ত অসম গঢ়িব বিচাৰে সেইটোহে লাখটকীয়া প্ৰশ্ন৷ এনআৰচি উন্নীতকৰণ হ’লে অসমৰ এই জলন্ত সমস্যাটো চিৰদিনৰ বাবে নাইকীয়া হৈ যাব বুলি সকলোৱে আশা কৰিছিল৷ কিন্তু সেইটোও যে বাস্তৱত পৰিণত হ’ব তাৰ আশা ক্ষীণ৷ কাৰণ উপযুক্ত নথিৰে এনআৰচিৰ প্ৰ-পত্ৰ পুৰণ কৰি জমা দিয়াৰ পাছতো আজি নিত্য নতুন নীতি নিৰ্দেশনা জাৰি কৰি সম্পূৰ্ণ প্ৰক্ৰিয়াটোকে জটিল কৰি তোলা হৈছে৷ বাহ্যিকভাৱে যদিও উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত এনআৰচিৰ পাম কাজ চলি আছে তথাপিও আভ্যান্তৰীণভাৱে ইয়াত ৰাজনৈতিক হস্তক্ষেপৰ ধাৰণা নুই কৰিব নোৱাৰি৷ উপযুক্ত নথিপত্ৰৰ ভিত্তিত যদি এনআৰচিৰ তালিকা প্ৰকাশ হয় তেনেহ’লে হয়তো এচাম নেতা পালিনেতাই দিয়া ৫০-৬০ লাখৰ ধাৰণাটো তেনেই অমুলক বুলি প্ৰতিপন্ন হ’ব৷ যাৰ বাবেই এইবোৰ ধাৰণাৰ বাস্তৱ ভিত্তি থকাটো প্ৰতিপন্ন কৰিবলৈ এনআৰচিৰ পৰা অতি কমেও ২৫-৩০ লাখ লোকৰ নাম ইচ্ছাকৃতভাৱে বাদ পেলাই ৰখাৰ এক গোপন ষড়যন্ত্ৰ চলিছে যেন লাগিছে৷ সেই ষড়যন্ত্ৰত এনআৰচি কৰ্তৃতপক্ষই ভৰি দিছে আৰু উচ্চতম ন্যায়ালয়কো বিপথে পৰিচালিত কৰিছে বুলি ধাৰণা কৰিব পাৰি৷ গতিকে আমাৰ এটাই আহ্বান যে উপযুক্ত আৰু শুদ্ধ নথি জমা দিয়া প্ৰতিজন ব্যক্তিৰ নাম এনআৰচিত অন্তৰ্ভূক্তি কৰি এখন বিদেশীমুক্ত এনআৰচি প্ৰস্তুত কৰক যাতে অনাগত দিনত ইয়াক লৈ কোনেও ব্লেকমেইলিঙৰ ৰাজনীতি কৰিব নোৱাৰে৷ অন্যথা এই সমস্যা চিৰকাল সমস্যা হৈয়ে থাকিব আৰু ইয়াক লৈ লেতেৰা ৰাজনীতি চলি থাকিব৷ ভুক্তভোগী হ’ব কেৱল সাধাৰণ জনতা৷
লেখকৰ ৎিকনাঃ বৰপেটাৰোড, বৰপেটা
মোবাইলঃ৭০০২৬৪২৮১২

No comments:

Post a Comment

SPONSORED