কর্কট ৰােগত আক্ৰান্ত বলীউড অভিনেত্রী সােণালী বেন্দ্রে - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Thursday, July 05, 2018

কর্কট ৰােগত আক্ৰান্ত বলীউড অভিনেত্রী সােণালী বেন্দ্রে

মুম্বাই : জটিল কর্কট ৰােগত আক্ৰান্ত হৈছে বলীউড অভিনেত্রী সােণালী বেন্দ্রে। আনকি দুৰাৰােগ্য এই ব্যাধিয়ে অভিনেত্রীগৰাকীৰ শৰীৰত অন্তিম পর্যায় পাইছেগৈ বুলিও ছ'চিয়েল নেটৱৰ্কিং ছাইটযােগে নিজেই সদৰী কৰিছে সােণালী বেন্দ্রেই। এই ব্যাধি সন্দর্ভত এটা পােষ্টত অভিনেত্রীগৰাকীয়ে লিখিছে-সম্প্রতি পৰীক্ষা-নিৰীক্ষাত মােৰ শৰীৰত চূড়ান্ত পর্যায়ত কেঞ্চাৰ থকাটো ধৰা পৰিছে। সমগ্ৰ শৰীৰলৈ সম্প্রসাৰিত হৈছে এই জটিল ব্যাধি। জীৱনত এনে সন্ধিক্ষণত মুখামুখি হ'ব লাগিব বুলিও আশা কৰা নাছিলোঁ। মই শৰীৰত বিষ অনুভৱ কৰিছিলোঁ। সেই বিষৰ পৰীক্ষা কৰিবলৈ যােৱাৰ সময়তেই কেঞ্চাৰত আক্রান্ত হােৱা ভয়াৱহ খবৰটো চিকিৎসকৰ পৰা জানিব পাৰোঁ।
উল্লেখ্য যে সম্প্রীতি নিউয়ৰ্কৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে অভিনেত্রীগৰাকী। উল্লেখ্য, কিছুদিন পূর্বে জনপ্রিয় অভিনেতা ইৰফান খানাে নিউৰ এন্ড্রোক্রাইন কৰ্কটৰ দৰে জটিল ৰােগত আক্রান্ত হােৱা বুলি খবৰ ওলাইছিল।

No comments:

Post a Comment

SPONSORED