ছৌদি আৰবৰ প্রথম মহিলা ড্রাইভাৰ হিচাপে অনুজ্ঞাপত্ৰ পালে ভাৰতীয় নাৰ্ছে - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Thursday, July 05, 2018

ছৌদি আৰবৰ প্রথম মহিলা ড্রাইভাৰ হিচাপে অনুজ্ঞাপত্ৰ পালে ভাৰতীয় নাৰ্ছে


থিৰুৱনন্তপুৰম : ছৌদি আৰবৰ প্রথম মহিলা গাড়ীচালকৰ অনুজ্ঞাপত্ৰ লাভ কৰিলে এগৰাকী ভাৰতীয় মহিলাই। ইমানদিনে মহিলাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰােপ হৈ থকাৰ পিছত দেশখনৰ প্রথম মহিলা চালক হিচাপে এই অনুজ্ঞাপত্র লাভ কৰে ছাৰাম্মা থমাছে।
উল্লেখ্য যে ছৌদি আৰবৰ কিং আব্দুল্লাজিজ নৌসেনা হাস্পতালত নাৰ্ছ হিচাপে কৰ্মৰত ছাৰাম্মা থমাছৰ ঘৰ হ’ল কেৰালাত। ইমান দিনে ছৌদিত মহিলাসকলে গাড়ী চলােৱাটো নিষিদ্ধ আছিল যদিও সম্প্রতি সেই নীতি প্রত্যাহাৰ কৰিছিল ছৌদি প্রশাসনে। দেশখনত গাড়ী চালনাৰ পৰীক্ষাত অংশগ্রহণ কৰি উত্তীর্ণ হােৱাৰ পিছতেই তেওঁক অনুজ্ঞাপত্র প্রদান কৰা হয়।

No comments:

Post a Comment

SPONSORED