কৃতিত্ব : টি-২০ ক্রিকেটত দ্রুতগতিত ২০০০ ৰান পূর্ণ বিৰাট কোহলিৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Thursday, July 05, 2018

কৃতিত্ব : টি-২০ ক্রিকেটত দ্রুতগতিত ২০০০ ৰান পূর্ণ বিৰাট কোহলিৰ


মানচেষ্টাৰ : টি-২০ ক্রিকেটত দ্রুতগতিত ২০০০ ৰান পূর্ণ কৰি বিশ্বৰ প্ৰথমগৰাকী বেটচমেনৰূপে কৃতিত্ব অর্জন কৰিলে টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিয়ে। মঙলবাৰে ইংলেণ্ডৰ বিপক্ষে খেলা প্ৰথমখন টি-২০ মেচখনত ২০ ৰান কৰি এই গৌৰৱ অর্জন কৰে কোহলিয়ে।
নিউজিলেণ্ডৰ ব্ৰেণ্ডন মেককুলামৰ অভিলেখটো ভঙা কোহলিয়ে ৫৬টা ইনিংছত দ্রুতগতিত ২০০০ ৰান পূর্ণ কৰে। মেককুলামে ৬৬টা ইনিংছত ২০০০ ৰান পূর্ণ কৰাৰ বিপৰীতে নিউজিলেণ্ডৰে গুপ্টিলে ৬৬টা ইনিংছত এই কৃতিত্ব গঢ়িছিল।
ইফালে, টি-২০ ক্রিকেটত ২০০০ ৰান পূর্ণ কৰি ভাৰতৰ প্ৰথমগৰাকী বেটছমেনৰূপে পৰিগণিত হয় কোহলি। আনহাতে মেচখনত ভাৰতীয় দলটোৰ জয়ৰ কৃতিত্ব দিলে লােকেশ ৰাহুল আৰু কুলদীপ যাদৱক। আঠ উইকেটত জয়লাভ কৰা মেচখনত ৰাহুলে ১০১ ৰান কৰাৰ বিপৰীতে কুলদীপে পাঁচটা উইকেট লাভ কৰিছিল।

No comments:

Post a Comment

SPONSORED