শিলচৰঃ অসম বিশ্ববিদ্যালয়ত সংঘটিত যৌন কেলেংকাৰীৰ বিৰুদ্ধে দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ দাবী উত্থাপন কৰিছে সদৌ কাছাৰ কৰিমগঞ্জ হাইলাকান্দি ছাত্র সংস্থাই (আকছা)। দেওবাৰে শিলচৰৰ আৱৰ্ত ভৱনত অনুষ্ঠিত এখন সংবাদ মেলত ছাত্ৰ সংগঠনটোৰ মুখ্য উপদেষ্টা ৰূপম নন্দী পুৰকায়স্থই কয় যে কৃষি অভিযান্ত্ৰিক বিভাগৰ মুৰব্বী সুদীপ্ত সৰকাৰক চাকৰিৰ পৰা নিলম্বন কৰিলেই নহ’ব। তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগিব। কাইলৈ বিশ্ববিদ্যালয়ৰ ছাত্ৰ সংসদে এই ঘটনাৰ তদন্ত ক্ষিপ্ৰ কৰাৰ দাবীত বিশ্ববিদ্যালয়ৰ প্ৰৱেশদ্বাৰৰ সম্মুখত যি অৱৰোধ কার্যসূচী গ্রহণ কৰিছে তাৰ সমর্থন কৰিব বুলি তেওঁ জনায়।
তেওঁ আৰু কয় যে ত্ৰিপুৰাৰ ছাত্ৰীগৰাকীয়ে নিজে সংবাদ মাধ্যমৰ আগত সকলো মুকলিকৈ অৱগত কৰাৰ পাছতো বিশ্ববিদ্যালয়ৰ ইন্টাৰনেল কমিটীয়ে এই পৰ্যন্ত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। অভিযুক্ত অধ্যাপক সুদীপ্ত সৰকাৰে ছাত্ৰীগৰাকীক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছতো অনুত্তীর্ণ কৰি আকৌ উত্তীৰ্ণৰ বাবে হোৱাটছ এপত অশ্লীল মেছেজ পঠাই যৌন প্ৰস্তাৱ দিয়া বিষয়টো মুকলিকৈ জনাইছে ভুক্তভোগী ছাত্ৰীয়ে। তেনে ক্ষেত্ৰত সুদীপ্ত সৰকাৰৰ বিৰুদ্ধে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত কৰি দৃষ্টান্তমূলক শাস্তি বিহাৰ ব্যৱস্থা কৰিব লাগে বুলি কয় তেওঁ।
সংবাদ মেলত শিলচৰৰ প্রাক্তন অধ্যাপক নিৰঞ্জন দত্তই কয়, বহিৰাগত কিছুমান শিক্ষক-অধ্যাপকে অসম বিশ্ববিদ্যালয়ৰ ভাৱমূৰ্তিত কালিমা সানিলে। তেওঁ ঘটনাৰ গৰিহণা জনোৱাৰ লগতে নিৰপেক্ষ তদন্তৰ দাবী জনায়। ইফালে আকছাৰ তৰফৰ পৰা বিশ্ববিদ্যালয়ৰ ছাত্ৰীসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ কৰ্তৃপক্ষক আহ্বান জনায়। উল্লেখযোগ্য যে, যোৱা ২৬জুলাইত বিশ্ববিদ্যালয়ৰ কৃষি অভিযান্ত্ৰিক বিভাগৰ মুৰব্বী সুদীপ্ত সৰকাৰৰ বিৰুদ্ধে যৌন কেলেংকাৰীৰ অভিযোগ উত্থাপন হোৱাত কাৰ্যকৰী পৰিষদ এটা নিৰ্দেশ যোগে তেওঁক বিভাগীয় মুৰব্বী পদৰ পৰা অপসাৰণ কৰিছিল।
No comments:
Post a Comment