বৰপেটাৰোডৰ জিআইচিএছ একাডেমীৰ উদ্যোগত ডিএলএড পাঠ্যক্ৰমৰ দ্বিতীয় বৰ্ষৰ্ কৰ্মশালা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

July 29, 2018

বৰপেটাৰোডৰ জিআইচিএছ একাডেমীৰ উদ্যোগত ডিএলএড পাঠ্যক্ৰমৰ দ্বিতীয় বৰ্ষৰ্ কৰ্মশালা


বৰপেটাৰোড : বৰপেটা জিলাৰ বাণিজ্যনগৰী বৰপেটাৰোডস্থিত জিআইচিএছ একাডেমীৰ উদ্যোগত ডিএলএড পাঠ্যক্ৰমৰ দ্বিতীয় বৰ্ষৰ কৰ্মশালা আৰম্ভ হৈছে৷ উক্ত কৰ্মশালাৰ লগত সংগতি ৰাখি উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান গ্ল’বেল ইনষ্টিটিউট অফ আৰ্টছ এণ্ড ছায়েন্সত আজি ডিএলএড প্ৰশিক্ষাৰ্থীসকলৰ টিএলএম প্ৰদৰ্শন আৰু নাটকৰ ওপৰত ভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা হয়৷ 


উল্লেখ্য যে জিআইচিএছ একাডেমীৰ উদ্যোগত ডিএলএড পাঠ্যক্ৰমৰ প্ৰথম বৰ্ষৰ পাঠ্যসূচী ইতিমধ্যে সূচাৰুৰূপে সম্পন্ন হৈ যায়৷ এছ চি ই আৰ টিৰ অধীনত সমগ্ৰ ৰাজ্যৰ লগতে জিআইচিএছ একাডেমীৰ উদ্যোগত চলিত বৰ্ষৰ ১০ জুলাইৰ পৰা ২৪ জুলাই লৈকে অনুষ্ঠিত হোৱা পৰীক্ষাত ২৬০ গৰাকী ডিএলএড প্ৰশিক্ষাৰ্থী অৱতীৰ্ণ হয়৷ 
উক্ত পৰীক্ষা চলি থকাৰ সময়তেই বৰপেটা ডায়েটৰ জ্যেষ্ঠ প্ৰৱক্তা পদুমী ডেকা আৰু বৰপেটা জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক জোৎস্না ৰাণী বৰ্মনে পৰীক্ষাকেন্দ্ৰ পৰিদৰ্শন কৰি পৰীক্ষাৰ কেন্দ্ৰৰ শৃংখলাৱদ্ধক ভূয়সী প্ৰশংসা কৰে৷ উক্ত পৰীক্ষা সম্পন্ন হোৱাৰ পিছতেই ২৬ জুলাইৰ পৰা একে পাঠ্যক্ৰমৰ দ্বিতীয় বৰ্ষৰ কৰ্মশালা আৰম্ভ কৰা হয়৷ বৰপেটা বি এড কলেজৰ প্ৰৱক্তা পংকজ দাস, ডেইজী জেকা, প্ৰৱক্তা ৰবিউল ইছলাম ছেলিমৰ উপস্থিতিত পৰিচালন সঞ্চালক আশ্ৰফ আলীয়ে উদ্বোধন কৰা উক্ত কৰ্মশালা ৩১ জুলাই পৰ্যন্ত অনুষ্ঠিত কৰা হব৷


No comments:

Post a Comment

SPONSORED