ৰাজ্যত বান পৰিস্থিতিৰ জটিল ৰূপ : বিপদসীমাৰ ওপৰত ব্রহ্মপুত্র, জলমগ্ন ৭ জিলাৰ বিস্তীর্ণ অঞ্চল - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, July 07, 2018

ৰাজ্যত বান পৰিস্থিতিৰ জটিল ৰূপ : বিপদসীমাৰ ওপৰত ব্রহ্মপুত্র, জলমগ্ন ৭ জিলাৰ বিস্তীর্ণ অঞ্চল

গুৱাহাটী ব্যুৰ’ : বিগত কিছুদিন ধৰি হৈ থকা প্ৰবল বৃষ্টিপাতৰ ফলত ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে৷ বাঢ়নী পানীয়ে প্লাৱিত কৰিছে ন ন অঞ্চল৷ বানপানীৰ সমান্তৰালকৈ প্ৰান্তে প্ৰান্তে ভয়াৱহ ৰূপ ধাৰণ কৰিছে গৰাখহনীয়াই৷ চৰকাৰী তথ্য অনুসৰি ৰাজ্যখনৰ সাতখন জিলা সম্প্ৰতি বানৰ কবলত৷ ক্ষতিগ্রস্ত হােৱা জিলাকেইখন হৈছে— ধেমাজি, লখিমপুৰ, শােণিতপুৰ, নলবাৰী, বৰপেটা, চিৰাং আৰু মাজুলী। এই জিলাসমূহৰ মুঠ ৫১,৪০২জন লােক ক্ষতিগ্রস্ত হৈছে। বানপানীৰ ফলত ধেমাজি, লখিমপুৰ আৰু শােণিতপুৰত মুঠ ১,৪৯৪জন লােকে আশ্রয় লৈ আছে। আনহাতে, বানপানীত মুঠ ৩,৭৪৩ হেক্টৰ ভূমিৰ খেতি নষ্ট হৈছে। ইপিনে, বিভিন্ন স্থানত কালৰূপ ধাৰণ কৰা বানপানীয়ে উটুৱাই নিছে দলং, পথ। প্রাপ্ত তথ্য অনুসৰি, ঢকুৱাখনাত বিগত ২৪ ঘণ্টাত তিনিখনকৈ বাঁহৰ দলং বাঢ়নী পানীয়ে উটুৱাই লৈ যায়।



কলগাছিয়াত উছন হ’ল ১৮টা পৰিয়ালৰ ঘৰ-দুৱাৰ : কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কৰাৰকুৰ শৰ্ত্তপুৰত বাঢ়নী পানী কমিলেও বেঁকী নৈৰ গৰাখহনীয়াই সংহাৰী ৰূপ ধাৰণ কৰিছে। বিগত ২৪ ঘণ্টাত অঞ্চলটোৰ ১৮টা পৰিয়ালৰ ঘৰ-দুৱাৰ নিশ্চিহ্ন কৰি পেলােৱাত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে। বেঁকী নৈৰ গৰাখহনীয়াৰ ফলত শৰ্ত্তপুৰ গাঁৱৰ সহাৰ আলী, ওমৰ আলী, সবেছ আলী, আব্দুল্ল চামাদ, আব্দুছ ছাত্তাৰ, জামালউদ্দিন, চাবেদ আলী, জগেৰ আলী, কচৰ আলী, আব্দুল বাৰেক, কাবেল উদ্দিন, আবু চায়েদ, আশ্রফ আলী, মৰতুজ আলী, আব্দুছ ছামাদ, ৰফিকুল ইছলাম আৰু এচাহক আলীৰ ঘৰদুৱাৰ নিশ্চিহ্ন হৈ পৰে।
সৰভােগত জাহ গ'ল শতিকা মছজিদ : বৰপেটা জিলাৰ সৰভােগ সমষ্টিৰ অন্তৰ্গত গােবর্ধনা অঞ্চলৰ বহুকেইখন। গাঁৱত বেঁকী নৈৰ ভয়াৱহ খহনীয়া অব্যাহত আছে। বিগত কিছুদিনত মানাহ ৰাষ্ট্ৰীয় উদ্যান সংযােগী পথটোৰ বহু অংশ খহনীয়াৰ ফলত বেঁকী নৈত জাহ গৈছে। তদুপৰি এই পথছােৱাত কাষতে থকা উত্তৰ চাফাকামাৰাৰ এশ বছৰ পুৰণি নুৰ মছজিদটো বেঁকী নৈত জাহ যায়। উল্লেখ্য যে দীর্ঘদিন ধৰি অঞ্চলটোত অব্যাহত থকা গৰাখহনীয়াৰ ফলত কেইবাখনাে বিদ্যালয়, অনুষ্ঠান-প্রতিষ্ঠান নিশ্চিহ্ন হােৱাৰ উপৰি শ শ পৰিয়াল গৃহহীন হৈ পৰিছে। এই সন্দৰ্ভত যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে আন্দোলন-প্রতিবাদ কৰিও আজিপর্যন্ত সুফল লাভ নকৰিলে। আজি গৰাখহনীয়াৰ কবলত পৰা অঞ্চলসমূহ পৰিদৰ্শন কৰে মানাহ আঞ্চলিক ছাত্ৰ সন্থা, কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ বাগসা সমিতি, শালবাৰী জিলা এবিএমছু আৰু আশাৰ এটা প্রতিনিধি দলে।
প্লাৱিত বুঢ়াচাপৰি অভয়াৰণ্য : ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে নগাঁৱৰ ভূবন্ধাত আতংকময় পৰিৱেশ সৃষ্টি কৰিছে। বানপানীয়ে বুঢ়াচাপৰি অভয়াৰণ্যৰ এক বিস্তীর্ণ এলেকা বুৰাই পেলােৱাৰ লগতে অভয়াৰণ্যখনৰ একাংশ অঞ্চলত খহনীয়া সৃষ্টি কৰিছে। বাঢ়নী পানীত ক্ষতিগ্রস্ত লােকসকলে ইতিমধ্যে মথাউৰিকে ধৰি ওখ স্থানত আশ্রয় গ্রহণ কৰিছে। উল্লেখ্য যে ব্ৰহ্মপুত্ৰ আৰু জীয়াভৰলী নৈৰ জলপৃষ্ঠ এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ আছে।
মহুৰামুখৰ ন ন অঞ্চল পানীৰ তলত : বােকাখাত বিধানসভা সমষ্টিৰ মহুৰামুখৰ কেইবাখনাে গাঁও প্লাৱিত কৰিছে ব্ৰহ্মপুত্র, গেলাবিল আৰু ধনশিৰি নৈৰ বাঢ়নী পানীয়ে। এই নৈকেইখনৰ পানীয়ে বৰবালি, ভলুকাগুৰি, কেমেৰি, ৰহিতা, অফল্লা আদি অঞ্চলকে ধৰি ন ন অঞ্চল প্লাৱিত কৰিছে।
গহপুৰত বুৰৈ নৈৰ ভয়ংকৰ খহনীয়াত দিশহাৰা নৈপৰীয়া ৰাইজ, শীঘ্ৰে খহনীয়া প্ৰতিৰােধৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰােধ বিক্ষুব্ধ ৰাইজৰ : সাতামপুৰুষীয়া ঘৰ-বাৰী এৰি নিৰাপদ স্থানলৈ আঁতৰি গৈছে একাধিক পৰিয়াল
বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ পশ্চিম সীমাৰে বৈ যােৱা পাহাৰীয়া খৰস্রোতা বুৰৈ নৈৰ ভয়ংকৰ খহনীয়া প্ৰতিৰােধৰ দাবীত অৱশেষত প্রতিবাদ সাব্যস্ত কৰিবলৈ ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হল ভুক্তভােগী নৈপৰীয়া ৰাইজ। মহকুমাটোৰ হেলেম ৰাজহ চক্ৰৰ টকৌবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত তথা ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ বুৰৈঘাট এলেকাত বিগত প্রায় এসপ্তাহ ধৰি অব্যাহত থকা নৈখনৰ ভয়ংকৰ খহনীয়া প্ৰতিৰােধ কৰি নৈপৰীয়া ৰাইজৰ জীৱন আৰু সম্পত্তি সুৰক্ষিত কৰাৰ কোনাে পদক্ষেপ চৰকাৰে গ্ৰহণ নকৰাত বিক্ষুব্ধ ৰাইজে শুকুৰবাৰে পুৱা ৰাজপথলৈ ওলাই আহি সাব্যস্ত কৰে তীব্র প্রতিবাদ। হাতে হাতে বেনাৰ, পােষ্টাৰ, প্লেকার্ড আদি লৈ ৰাজপথলৈ ওলাই অহা বৃহত্তৰ বুৰঘাট এলেকাৰ দ্বিশতাধিক ভুক্তভােগী লােকে পুৱা ৯ বজাৰ পৰা প্ৰায় আঢ়ৈ ঘণ্টা বুৰেঘাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰােধ কৰি বিভিন্ন প্রতিবাদী ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তােলে। বিগত প্রায় এসপ্তাহ ধৰি ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা উত্তৰ দিশৰ প্রায় ৪০০ মিটাৰ নিলগত নৈখনৰ পূব পাৰত অব্যাহত থকা ভয়ংকৰ খহনীয়াৰ আগ্রাসী ৰূপ প্রত্যক্ষ কৰি দিশহাৰা হৈ পৰা নৈপৰীয়া ৰাইজে আজিৰ প্রতিবাদী কাৰ্যসূচীত চৰকাৰ, জলসম্পদ বিভাগৰ লগতে স্থানীয় জনপ্রতিনিধিৰ অৱহেলা তথা অনীহাত তীব্র ক্ষোভ প্রকাশ কৰি বিভিন্ন প্রতিবাদী ধ্বনিৰে ৰাজপথ কঁপাই শীঘ্ৰে খহনীয়া প্ৰতিৰােধৰ ব্যৱস্থা কৰিবৰ বাবে পৰিৱৰ্তনকামী চৰকাৰখনক দাবী জনায়। নৈপৰীয়া ৰাইজৰ স্বতঃস্ফূর্ত এই প্রতিবাদী কাৰ্যসূচীৰ ফলত প্রায় আঢ়ৈ ঘণ্টাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত ব্যাহত হৈ পৰে। পাছত প্রতিবাদস্থলীত উপস্থিত হােৱা গহপুৰৰ মহকুমাধিপতি ড° ইন্দ্রানসী দাস আৰু সহকাৰী আয়ুক্ত বিমান দাসে প্রতিবাদী ৰাইজৰ লগত আলােচনাত মিলিত হৈ অনতিপলমে যাৱতীয়া কাৰ্যব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়াত ৰাইজে সাময়িকভাৱে পথ অৱৰােধ কাৰ্যসূচী প্রত্যাহাৰ কৰে। প্রতিবাদী ৰাইজে বুৰৈ নৈৰ খহনীয়াৰ স্থায়ী প্ৰতিৰােধ ব্যৱস্থা গঢ়ি তােলাৰ দাবীত গহপুৰৰ মহকুমাধিপতিৰ জৰিয়তে বিশ্বনাথৰ উপায়ুক্তলৈ স্মাৰক-পত্রও প্ৰেৰণ কৰে।



উল্লেখ্য যে ক্রমশঃ বিধ্বংসী ৰূপ ধাৰণ কৰা উক্ত খহনীয়াৰ কবলত পৰাৰ আশংকাত ইতিমধ্যে বুঘােটৰ গােবিন্দ কর্মকাৰ, কমল চবৰ, শিবু চবৰ, জিতেন গােড়, লােকবাহাদুৰ ছেত্রী, বগে চবৰ আৰু গৈৰ চবৰে নিজ নিজ পৰিয়ালক সুৰক্ষিত কৰিবৰ বাবে ঘৰ-বাৰী ভাঙি নিজৰ সাতামপুৰুষীয়া ভেটি-মাটিৰ মােহ ত্যাগ কৰি নিৰাপদ স্থানলৈ আঁতৰি যাবলৈ বাধ্য হৈছে। একেদৰে বিপুল চৌধুৰীয়ে নিজৰ প্ৰকাণ্ড পীগৃহ ভাঙি আঁতৰি যােৱাৰ প্রস্তুতি অব্যাহত ৰাখিছে। নৈখনৰ ভয়ংকৰ খহনীয়াৰ কালৰূপী আগ্রাসনে গৃহইনি কৰা ইয়াৰে ছটা পৰিয়ালৰ সদস্যসকলে বর্তমান বুৰৈঘাট প্রাথমিক বিদ্যালয়ত আশ্রয় গ্রহণ কৰি আছে। প্রণিধানযােগ্য যে নৈখনৰ খহনীয়াৰ এই আগ্রাসন শীঘ্নে প্ৰতিৰােধ নকৰিলে বুৰৈঘাট প্রাথমিক বিদ্যালয়, উপ-স্বাস্থ্যকেন্দ্র, অংগনৱাড়ী কেন্দ্রৰ লগতে বৃহত্তৰ এলেকাৰ বহুসংখ্যক পৰিয়ালৰ বাসগৃহ নৈৰ বুকুত জাহ যােৱাৰ আশংকা প্ৰকট হৈ পৰিছে।
ঢকুৱাখনাত চাৰিকড়ীয়া নৈৰ জলপৃষ্ঠ বৃদ্ধি ও ২৪ ঘণ্টাত উটি গ’ল এখনকৈ বাঁহৰ দলং: ঢকুৱাখনাত চাৰিড়ীয়া নৈৰ বাঢ়নী পানীয়ে বিগত ২৪ ঘণ্টাত এখনকৈ বাঁহৰ দলং উটুৱাই নিয়ে। বিগত কেইবাদিনাে ধৰি হােৱা বৰষুণৰ ফলত ফেনে-ফোটোকাৰে বাঢ়ি অহা বাঢ়নী পানীয়ে ঢকুৱাখনা ৰাজহ চক্ৰৰ অধীনৰ ন-কৃপহুরা-গৰৈমাৰী, কমাৰগাঁও-কর্দৈগুৰি সংযােগী পথৰ ওপৰত আৰু জিয়ামৰিয়া গাঁৱত থকা তিনিখন বাঁহৰ দলং উটুৱাই নিয়াত অঞ্চলটোত যােগাযােগ ব্যাহত হৈ পৰিছে। ইয়াৰে পূব ঢকুৱাখনা গাঁও পঞ্চায়তৰ অন্তর্গত কর্দৈগুৰি, পুঠিমাৰী, আমগুৰি, কেলকেলি আদি কেইবাখনাে গাৱৰ ৰাইজে অহা-যােৱা কৰা কাৰগাঁও কর্দৈগুৰি সংযােগী পথৰ ওপৰত থকা বাঁহৰ দলংখন কালি উটুৱাই নিয়াত বৃহত্তৰ অঞ্চলটোৰ ৰাইজে যাতায়াত ক্ষেত্ৰত দুর্ভোগ ভুগিছে।
উল্লেখ্য যে অঞ্চলটোৰ ৰাইজৰ ঢকুৱাখনা নগৰৰ লগত যাতায়াতৰ ক্ষেত্ৰত অতি সুচল পথ হিচাপে ব্যৱহাৰ কৰি অহা উক্ত পথৰ ওপৰত চাৰিকড়ীয়া নৈত এখন পকী দলং নিৰ্মাণৰ বাবে অঞ্চলবাসীয়ে চৰকাৰৰ ওচৰত দাবী জনাই আহিছে যদিও দলং নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই চৰকাৰে। সেইবাবে সমস্যাত জৰ্জৰ হােৱা গাঁওকেইখনৰ ৰাইজ মিলি গাঁঠিৰ ধন ভাঙি ২০০-২৫০ মিটাৰ দৈৰ্ঘ্যৰ এখন বাঁহৰ দলং নিৰ্মাণ কৰি লয় যদিও বাৰিষাৰ সময়ত পানীৰ ধলে উটুৱাই নিয়ে। প্রতিবছৰৰ দৰে এইবাৰাে গুৰুত্বপূর্ণ দলংখন উটুৱাই নিয়াত বৃহত্তৰ অঞ্চলবাসীৰ মাজত হাহাকাৰ লাগিছে। সম্প্রতি ৰাইজে ভৰ বাৰিষাৰ কোবাল চাৰিড়ীয়া নৈৰ ওপৰেদি বিপদসংকুলভাৱে নাৱেৰে যােগাযােগ অব্যাহত ৰাখিছে। ইফালে ন-কপহুৱা-গৰৈমাৰী সংযােগী আনখন বাঁহৰ দলং উটুৱাই নিয়াত গৰৈমাৰী গাঁৱৰ পৰা ৫০টাৰাে অধিক পৰিয়ালৰ বহিঃবিশ্বৰ লগত যােগাযােগ বিচ্ছিন্ন হৈ পৰিছে।

No comments:

Post a Comment

SPONSORED