প্রধানমন্ত্রীৰ ঘােষণা : বিতর্কিত জাকিৰ নাইকক বিতাড়ন নকৰে মালয়েছিয়াই - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, July 07, 2018

প্রধানমন্ত্রীৰ ঘােষণা : বিতর্কিত জাকিৰ নাইকক বিতাড়ন নকৰে মালয়েছিয়াই

কুয়ালালামপুৰ : বিতর্কিত ইছলামিক ধর্মীয় নেতা জাকিৰ নাইকক বিভিন্ন গােচৰত ভাৰতৰ কেইবাটাও নিৰাপত্তা সংস্থাই বিচাৰি আছে যদিও মালয়েছিয়াত আশ্ৰয় লৈ থকা নাইকক দেশখনে বিতাড়ন নকৰাৰ সিদ্ধান্ত লৈছে। মালয়েছিয়াৰ প্রধানমন্ত্রী মহাথিৰ মহম্মদে শুকুৰবাৰে ঘােষণা কৰিছে যে জাকিৰ নাইকক ভাৰতে সন্ত্রাসবাদী কাণ্ডত জড়িত থকাৰ অভিযােগত বিচাৰি আছে যদিও নতুন দিল্লী প্রশাসনৰ হাতত নাইকক গতাই দিয়া নহ'ব।
স্মর্তব্য যে গৃহভূমি ভাৰতত কেইবাটাও সন্ত্রাসবাদী কাণ্ডৰ গােচৰত নাইকৰ বিৰুদ্ধে অভিযােগ অনা হৈছে। বিদ্বেষমূলক ভাষণ দিয়াৰ লগতে সন্ত্রাসবাদক উচটনি দিয়াৰ অভিযােগত নাইকৰ ইছলামিক ফাউণ্ডেচনকো ভাৰতত নিষিদ্ধ কৰা হৈছে। ২০১৬ চনত ভাৰতৰ পৰা গৈ মালয়েছিয়াত আশ্রয় গ্রহণ কৰে নাইকে। বর্তমান মালয়েছিয়া প্রশাসনে নাইকক স্থায়ী বাসিন্দাৰ মর্যাদা দিছে। প্রধানমন্ত্রী মহাথিৰৰ মতে, এগৰাকী স্থায়ী বাসিন্দাৰ মর্যাদা লাভ কৰা লােকক মালয়েছিয়াই বিতাড়ন নকৰে।
ইফালে, নাইকৰ পৰা মালয়ে ছিয়াত কোনােধৰণৰ সমস্যাৰ সৃষ্টি হােৱা নাই বুলিও মন্তব্য কৰিছে প্রধানমন্ত্ৰীগৰাকীয়ে। দেশখনৰ প্রশাসনিক ৰাজধানী পুট্রাজায়াত মহাথিৰে এই মন্তব্য কৰাৰ পিছতে নতুন দিল্লী প্রশাসনৰ বাবে এয়া চৰম হতাশা হিচাপে চিহ্নিত হৈছে।

No comments:

Post a Comment

SPONSORED